লখিমপুৰত আছুৰ অভিনন্দন অনুষ্ঠান

৫৫৪ গৰাকী কৃতী ছাত্র-ছাত্ৰীক সম্বর্ধনা

0 62

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৮ জুলাই : সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিকৰ কলা, বাণিজ্য, বিজ্ঞান শাখাত বিশেষ স্থান পাবলৈ সক্ষম হোৱা আৰু বিশেষ কৃতিত্বৰে উত্তীর্ণ হোৱা ৫৫৪ গৰাকী ছাত্ৰ-ছাত্ৰীক আজি লখিমপুৰ জিলা পুথিভঁৰালত অভিনন্দন জনোৱা হয়। এটি সমবেত সংগীতেৰে শুভাৰন্ত হোৱা অভিনন্দন অনুষ্ঠানটি শুভ উদ্বোধন কৰে আছুৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য ধনমণি দত্তই। আছুৰ জিলা সভাপতি সীমান্ত নেওগৰ সভাপতিত্বত অনুষ্ঠিত সভার্থনিত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি আছুৰ কেন্দ্রীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ছাত্ৰ-ছাত্ৰীক সপোন দেখা, সপোনক বাস্তবায়িত কৰিবলৈ কষ্ট কৰা, সততাৰে জীৱনত আগুওৱা আৰু মাতৃভাষাক সন্মান জনোৱাৰ লগতে সামাজিক দায়বদ্ধতাৰে জীৱন অতিবাহিত কৰিবলৈ অহ্বান জনাই এক মননশীল বক্তৃতা প্ৰদান কৰে। জিলা ছাত্র-সস্থাৰ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে লখিমপুৰ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰমেশ চন্দ্র চুতীয়া আৰু লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ লোহিত হাজৰিকাই। সঞ্জীৱ কোঁৱৰে আঁত ধৰা অনুষ্ঠানটিত মুখপত্র বুদ্ধিদ্ৰুম উন্মোচন কৰে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ ভূঞাই। অনুষ্ঠানত ৫৫৪ গৰাকী কৃতী ছাত্র-ছাত্রীক একোখন সম্বর্ধনা পত্র, বুক চেলফ, স্মাৰকেৰে অভিনন্দন জনোৱা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More