লখিমপুৰত আন্তৰ্জাতিক দিব্যাঙ্গ দিৱসটি উদ্‌যাপন

0 47

উত্তৰ লখিমপুৰ, ৩ ডিচেম্বৰঃ লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তিদ্বয় পংকজ হাজৰিকা, দিপক শইকীয়াৰ অতিৰিক্ত সহায়ক সমল ব্যক্তি চক্ৰ ভৰালীৰ উদ্যোগত ২৭ নবেম্বৰৰ পৰা ৩ডিচেম্বৰ ২০২২তাৰিখলৈকে সপ্তাহযোৰা বিভিন্ন কাৰ্যসুচীৰে দিব্যাঙ্গ সপ্তাহ উদ্‌যাপন কৰা হয়।এই সময় খিনিত শিক্ষা খণ্ডটিৰ বিভিন্ন স্থানত দিব্যাঙ্গ শিশু সকলক লৈ বিভিন্ন প্ৰতিযোগিতা,দিব্যাঙ্গ ব্যক্তিৰ অধিকাৰ আইন-২০১৬, সৰ্বাত্মক শিক্ষাৰ ওপৰত সজাগতা, সমনীয়াৰ সজাগতা, শিশুৰ স্বাস্থ্য পৰীক্ষা আদি বিভিন্ন কাৰ্যসুচী ৰূপায়ন কৰা হয়।WhatsApp Image 2022 12 03 at 8.12.42 PM আজি ৩ ডিচেম্বৰত উত্তৰ লখিমপুৰ নগৰ মজলীয়া বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক দিব্যাঙ্গ দিৱসটি উদ্‌যাপন কৰা হয়।পুৱা ৯বজাত পতাকা উত্তোলন কৰে উত্তৰ লখিমপুৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতুমনি দত্তই।ইয়াৰ পাছতে লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষাৰ দৈনিক পৰিচৰ্যা কেন্দ্ৰটি জিলা উপায়ুক্ত সুমিত সাত্তাৱন ডাঙৰীয়া,বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া হেমচন্দ্ৰ শইকীয়াৰ উপস্থিতিত শুভ উদ্বোধন কৰে ১১১নং লখিমপুৰ বিধান সভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই।১০বজাত এক সজাগতা যাত্ৰা উলিওৱা হয়।প্ৰায় ১২০জন দিব্যাঙ্গ শিশুৱে অংশ গ্ৰহন কৰা সজাগতা যাত্ৰাটিত শিক্ষা খণ্ডটিৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে শিক্ষা খণ্ডটিৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সকলৰ লগতে ডায়েট আজাদৰ এটি শিক্ষক প্ৰশিক্ষাৰ্থী দলে সহযোগ কৰে।যাত্ৰাটি শুভ উদ্বোধন কৰে অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰাই। ১১:৩০বজাত ডায়েট আজাদৰ প্ৰশিক্ষাৰ্থী সকলক সৰ্বাত্মক শিক্ষাৰ ওপৰত এটি চমু আলোকপাত কৰে সমল ব্যক্তি পংকজ হাজৰিকাই।দুপৰীয়া ১২বজাত লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ দ্বাৰা সম্পাদিত কাম কাজৰ এক চমু ভিডিঅ’ প্ৰদৰ্শন কৰে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ধীৰুমনি শইকীয়া আৰু জ্যোতিষ্মান বৰুৱাৰ সহযোগত বসন্ত দত্তই।ভিডিঅ’টি উদ্বোধন কৰে ডায়েট আজাদৰ প্ৰৱক্তা মণ্টু বুঢ়াগোঁহায়ে।WhatsApp Image 2022 12 03 at 8.12.44 PM১২:৩০বজাৰ পৰা শিক্ষা খণটিৰ সমল কেন্দ্ৰৰ সমন্বয়ক সকল আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকলে পৰিবেশন কৰা সমবেত সঙ্গীতেৰে আৰম্ভ হোৱা সজাগতা সভাখনিত সভাপতিত্ব কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিনোদ মৰাঙে।মুখ্য অতিথিৰ ভাষণত উত্তৰ লখিমপুৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাক্তৰ কুইন বৰুৱাই দিব্যাঙ্গ শিশুৰ জন্মৰ কাৰণ,প্ৰকাৰ,যতন আদি সম্পৰ্কে বিশদ বক্তব্য ৰাখে।সভাত জিলা আঁচনি বিষয়া গীতালি নেওগৰ লগতে ভালে সংখ্যক অতিথিয়ে ভাষণ প্ৰদান কৰে।আজিৰ সভাতে অসম চৰকাৰৰ প্ৰেৰণা বঁটা-২০২২ প্ৰদান কৰা হয় পানীন্দ্ৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গগৈক আৰু এই বছৰৰ জিলাৰ ভিতৰতে সৰ্বোচ্চ নম্বৰসহ উত্তীৰ্ণ হোৱা দিবাঙ্গ ছাত্ৰ মনদ্বীপ সোনোৱালক ।আনহাতে দিব্যাঙ্গ শিশু সকলৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে খণ্ডটিৰ কমলাবৰীয়া সমল কেন্দ্ৰৰ সমন্বয়ক মৃদুল কলিতা,৭০৬নম্বৰ গোৱৰিশালী বনুৱা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী পুষ্পাঞ্জলী হলদাৰ, অনন্তপুৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তনুশ্যাম নায়ক, তেলাহী কমলাবৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী হিমাশ্ৰী বৰা আৰু সংবাদকৰ্মী ৰাহানউদ্দিন আহমেদক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়।সভাত দিব্যাঙ্গ শিশু সকলক সহায়ক সঁজুলি প্ৰদান কৰা হয়। আনহাতে সভাত ভালেকেইজন দিব্যাঙ্গ শিশুৱে তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More