লখিমপুৰত উচ্চতৰ মাধ্যমিকত ক’লা শাখাত ৮৫ শতাংশ, বিজ্ঞান শাখা- ৮৬.২২ শতাংশ আৰু বাণিজ্য শাখাত- ৮৮.৬৫ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৬ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত লখিমপুৰ জিলাত ক’লা শাখাত ৮৫.৬৬ শতাংশ, বিজ্ঞান শাখাত- ৮৬.২২ শতাংশ আৰু বাণিজ্য শাখাত ৮৮.৬৫ শতাংশ উত্তীৰ্ণ হয়৷ ঘোষিত ফলাফলত কলা শাখাত পৰীক্ষাত অৱতীৰ্ণ হোৱা ১০৭৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ৯২২৬ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়৷ ইয়াৰে প্ৰথম বিভাগত ১৪৯৩ গৰাকী, দ্বিতীয়া বিভাগত ৩৪৬৩ গৰাকী আৰু তৃতীয় বিভাগত ৪২৭২ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়৷ সেইদৰে বিজ্ঞান শাখাত পৰীক্ষাত অৱতীৰ্ণ হয় ১৯৬০ গৰাকী, ইয়াৰে প্ৰথম বিভাগত ৭১৯ গৰাকী, দ্বিতীয় বিভাগত ৭৬৩ গৰাকী আৰু তৃতীয় বিভাগত ২০৮ গৰাকী উত্তীৰ্ণ হয়৷ ইপিনে বাণিজ্য শাখাত অৱতীৰ্ণ হয় ৪৫৮ গৰাকীৰ ভিতৰত প্ৰথম বিভাগত ৭৮ গৰাকী, দ্বিতীয় বিভাগত ২১৮ গৰাকী আৰু তৃতীয় বিভাগত ১১০ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়৷
লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ সাফল্যঃ আজি ঘোষিত ফলাফলত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ পৰা কলা শাখাত ২০৫ গৰাকী ছাত্ৰী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ১৭০ গৰাকী উত্তীৰ্ণ হ’বলৈ সক্ষম হয়৷ ইয়াৰে প্ৰথম বিভাগত ৮০ গৰাকী [ষ্টাৰ ৩০], দ্বিতীয় বিভাগত ৫৫ গৰাকী, তৃতীয় বিভাগত ৩৫ গৰাকী উত্তীৰ্ণ হয়৷ আনহাতে বিজ্ঞান শাখাত ৮৬ গৰাকী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৫৭ গৰাকী উত্তীৰ্ণ হবলৈ সক্ষম হয়৷ ইয়াৰে প্ৰথম বিভাগত ২৩ [ষ্টাৰ ২], দ্বিতীয় বিভাগত ২৯ আৰু তৃতীয় বিভাগত ৫ গৰাকী উত্তীৰ্ণ হবলৈ সক্ষম হয়৷ ইয়াৰে কলা শাখাত ১৭৫ গৰাকীয়ে বিভিন্ন বিভাগত লেটাৰ মাৰ্ক আৰু বিজ্ঞান শাখাত ২৯ গৰাকী ছাত্ৰীয়ে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হয়৷