স্মাৰ্ট মিটাৰ নিৰাপদ- APDCL

অসমত যোৱা তিনিমাহত ৫০ লক্ষাধিক স্মাৰ্ট মিটাৰ সংযোগ দিল্লীৰ কোম্পানীৰ

0 105

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুনঃ উৎকট গৰমে জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সমান্তৰাল ভাবে বিদ্যুৎ নাটনি, লুকাভাকু আৰু পৰ্যাপ্ত ভল্টেজ নথকা ঘটনাই ৰাইজক জ্বলাকলা খুওৱাৰ সময়তে আজি লখিমপুৰত APDCLএ এক সংবাদমেল অনুষ্ঠিত কৰে। মূলতঃ স্মাৰ্ট মিটাৰ সংযোগ বিষয়ত অনুষ্ঠিত সংবাদমেলত APDCLৰ লখিমপুৰৰ উপ মহাপ্ৰৱন্ধক কমল হাচানে কয় যে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি মৰ্মে সমগ্ৰ দেশতে স্মাৰ্ট মিটাৰ সংযোগ চলি আছে। ২০২৬ চনৰ ভিতৰত দেশত প্ৰায় ২৫ কোটি স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে।সেইমৰ্মে অসমতো স্মাৰ্ট মিটাৰ সংযোগ চলি থকাৰ সমান্তৰাল ভাবে লখিমপুৰতো ১৬ হাজাৰ স্মাৰ্ট মিটাৰ সংযোগৰ কাম চলি আছে।কিন্তু স্মাৰ্ট মিটাৰ সন্দৰ্ভত একাংশ লোকৰ ভুল ধাৰণা থকাৰ বাবে সংযোগৰ সময়ত কেতবোৰ অনাকাংশিত পৰিস্থিতিৰ সৃষ্টি হয়, যাৰ বাবে লখিমপুৰত এতিয়াও ৬ হাজাৰ মিটাৰ সংযোগ কৰিবলৈ বাকী আছে।সেই সূত্ৰে জনসাধাৰণক স্মাৰ্ট মিটাৰ গ্ৰহণ কৰিবলৈ আহ্বান জনাই উপ মহাপ্ৰবন্ধক হাচানে কয়- স্মাৰ্ট মিটাৰ একোটাৰ বজাৰ মূল্য প্ৰায় ১০ হাজাৰ টকা যদিও APDCLএ এতিয়া বিনামূলীয়াকৈ সংযোগ কৰি আছে। এই মিটাৰ সংযোগ কৰিলে কোনো অসুবিধা নহয়। কম সংখ্যক লোকে মিটাৰ আৰু বিলৰ ক্ষেত্ৰত যথেষ্ট তফাৎ আছে বুলি অভিযোগ কৰে যদিও গৰিষ্ঠসংখ্যক লোকে স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পিছত বিল পূৰ্বতকৈ কম বুলিহে অভিমত ব্যক্ত কৰিছে। সেয়ে জনগণে নিৰ্ভয়ে এই মিটাৰ সংযোগ কৰিব পাৰে। তেওঁ লগতে কয়- স্মাৰ্ট মিটাৰ সংযোগৰ পিছত পৰ্যায়ক্ৰমে সকলো সংযোগ প্ৰিপেইড কৰা হব। ফলত গ্ৰাহকে পূৰ্বতকৈ অধিক সুবিধা লাভ কৰিব। লক্ষণীয় ভাবে প্ৰিপেইড মিটাৰ হলে প্ৰতিজন গ্ৰাহকেই প্ৰতিদিনে কিমান বিদ্যুৎ খৰচ কৰে নিজে হিচাপ কৰিব পাৰিব আৰু প্ৰয়োজন মতে খৰচ কৰিলে নিৰ্দিষ্ট বাজেটতে মাহটোৰ বিদ্যুৎ বিল দিব পাৰিব। সেই প্ৰক্ৰিয়াৰ ফলত অনাহকত বিদ্যুৎ ব্যৱহাৰৰ মাত্ৰা কমি যাব আৰু লোড চেডিঙৰ মাত্ৰাও কমি যাব। ফলত জনগণো উপকৃত হব। সংবাদমেলত সাংবাদিকে সাম্প্ৰতিক সময়ৰ বিদ্যুৎ যোগানৰ ব্যাপক বিসংগতি সন্দৰ্ভত কৰা একাধিক প্ৰশ্নৰ উত্তৰ দি উপ মহাপ্ৰবন্ধক জনে কয়- বিদ্যুৎ উপভোক্তাই পোৱা সমস্যা সন্দৰ্ভত Revamped Distribution Sector Scheme চমুকৈ RDSS নামৰ এক কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত সমস্যা থকা অঞ্চলবোৰ চিনাক্ত কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু APDCLএই অঞ্চলবোৰ জৰীপ কৰি আছে। জৰীপৰ সমান্তৰালভাবে সমস্যা সমাধানো কৰি যোৱা হব।

স্মাৰ্ট মিটাৰ লগাইছে দিল্লীৰ কোম্পানীয়ে
দেশৰ লগতে সমগ্ৰ অসমতে স্মাৰ্ট মিটাৰ সংযোগৰ দায়িত্ব লাভ কৰিছে দিল্লীৰ অদৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে। আজিৰ সংবাদমেলত কোম্পানীটোৰ Business Development Head Ritu Gigoo আৰু AGM Operations Rajdeep Bhaduri উপস্থিত থাকি কয় যে অদৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে অসমত বিগত ৩ মাহত ৫০ লাখ স্মাৰ্ট মিটাৰ সংযোগ কৰিছে। স্মাৰ্ট মিটাৰ নিৰাপদ বাবে গ্ৰাহকে নিচিন্তমনে এই মিটাৰ সংযোগ কৰিব পাৰে বুলি সদৰী কৰে। আজিৰ সংবাদমেলত APDCLৰ লখিমপুৰ সংমণ্ডলৰ SDO স্বপ্নজিৎ কোঁৱৰ উপস্থিত থাকি গ্ৰাহকে লাভ কৰা বৈদুতিক সমস্যাবোৰ সমাধান কৰাত APDCLদায়বদ্ধ বুলি মন্তব্য কৰাৰ লগতে একাধিক প্ৰশ্নৰ উত্তৰ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More