লখিমপুৰত গৰুৰ বজাৰত উত্তপ্ত পৰিস্থিতি

উপায়ুক্তৰ নিৰ্দেশত আৰক্ষীয়ে জব্দ কৰিলে গৰু

0 14
শতাব্দ, লখিমপুৰ ২৮ জুনঃ লখিমপুৰৰ বঙালমৰাত অবৈধ ভাৱে গৰুৰ বজাৰ আয়োজন কৰাক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জানিব পৰা মতে বঙালমৰা সাপ্তাহিক বজাৰত আজি  ঈদৰ উপলক্ষে পাতিছিল এই গৰুৰ বিশেষ বজাৰখন৷ প্ৰশাসনে উক্ত গৰুৰ বজাৰখন  বন্ধ কৰাৰ পাছতে বজাৰখনত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়৷ প্ৰশাসনে বজাৰখন বন্ধ কৰাৰ পাছতে একাংশ লোকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে আৰু  প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ ঈদ উল আজহা৷ উক্ত  ঈদৰ বাবেই বৃহস্পতিবাৰৰ পৰিৱৰ্তে আজি  বুধবাৰে এই  বিশেষ বজাৰখনৰ পাতিছিল বজাৰ সমিতিয়ে৷ কিন্তু সাপ্তাহিক বজাৰ কমিটি আৰু লেচীয়ে বজাৰখন পতাৰ বাবে জিলা প্ৰশাসনৰ পৰা লোৱা নাছিল কোনো অনুমতি৷ যাৰ বাবে লখিমপুৰ জিলা উপায়ুক্ত সুমিত ছাত্তাৱানে নিজে বিহপুৰীয়া থানাৰ আৰক্ষীৰ জৰিয়তে  জব্দ কৰে কেইবাটাও গৰু আৰু গৃহস্থক৷ উপায়ুক্ত সুমিত সত্ত্বাৱনৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে  লালুক বিহপুৰীয়া ৰাজ্যিক পথেদি গৰুৰ ব্যৱসায়ীয়ে গৰু খেদি লৈ গৈ থকা অৱস্থাত জব্দ কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More