লখিমপুৰত চাহ জনগোষ্ঠীক জনজাতিৰ মযাৰ্দা প্ৰদানৰ দাবীত ধৰ্ণা

 আটছাৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

0 5

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ জুলাই ঃ অসমৰ চাহ বাগিছা আৰু গাঁও অঞ্চলত বছৰ বছৰ ধৰি ভূমি পুত্ৰ হিচাপে বসবাস কৰি অহা চাহ জনগোষ্ঠীৰ লোকসকলক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ দাবীত আজি আটছাৰ লখিমপুৰ জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ জনোৱাৰ লগতে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি বিক্ৰম তাছা, সাধাৰণ সম্পাদক সুমিত দাস পানিকা স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰে যে ভাৰতীয় সংবিধান অনুসৰি চাহ জনগোষ্ঠীয় লোকসকলে জনজাতিৰ স্বীকৃতি পোৱাতো নায্য দাবী৷ আটছাই ক্ষোভ ব্যক্ত কৰি কয় যে অসমৰ চাহ বাগিছা আৰু গাঁও অঞ্চলত যুগ যুগ ধৰি ভূমিপুত্ৰ হিচাপে বসবাস কৰি অহা চাহ জনগোষ্ঠীৰ লোকসকল জনজাতি মৰ্যদাৰ পৰা বঞ্চিত হৈ আহিছে৷ শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিক ভাৱে অতিকৈ পিছপৰা চাহ জনগোষ্ঠীৰ লোকসকলক অনুসূচিত জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ দাবীত স্বাধীনতাৰ ৭৬ বছৰ ধৰি এই লোকসকলে সংগ্ৰাম চলাই আহিছে৷ চাহ জনগোষ্ঠীয় লোকসকলক অনুসূচিত জনজাতিৰ স্বীকৃতি প্ৰদান কৰা হ’ব বুলি বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোডীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও এই পৰ্যন্ত চাহ জনগোষ্ঠীয় লোকসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা নহ’ল বুলি আটছাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ বিজেপি চৰকাৰে চাহ জনগোষ্ঠীয় লোকসকলক এনেদৰে বঞ্চনা আৰু প্ৰতাৰণা কৰাৰ প্ৰতিবাদত আজি আটছাই লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি অসমৰ চাহ জনগোষ্ঠীয় লোকসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনায়৷ ইয়াৰ অন্যথা চৰকাৰৰ বিৰুদ্ধে আটছাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More