লখিমপুৰত চিবিএছইৰ অধীনত ইংৰাজী মাধ্যমৰ চৰকাৰী বিদ্যালয় উদ্বোধন মন্ত্ৰী অতুল বৰাৰ

0 135

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২০জুনঃ লক্ষীমপুৰৰ ঘিলামৰাত আজি এখন আদৰ্শ বিদ্যালয় কৃষি, পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মন্ত্ৰী তথা লক্ষীমপুৰৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানটি কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ প্ৰতি স্মৃতি তৰ্পনেৰে শুভ আৰম্ভনি কৰা হয়। মন্ত্ৰী গৰাকীয়ে ৰাভা দিৱস উপলক্ষে গণশিল্পী গৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি তৰ্পন কৰি তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। ঘিলামৰাত চিবিএচইৰ অন্তৰ্গত প্ৰথমখন ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয়ৰ শুভাৰম্ভ কৰি মন্ত্ৰী গৰাকীয়ে এই বিদ্যালয়খনে সমাজৰ সকলো শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভান্বিত হোৱাকে গুণগত শিক্ষা প্ৰদানৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনাক সফল ৰূপায়ণ কৰিব বুলি আশা প্ৰকাশ কৰে । এতিয়াৰে পৰা দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীয়েও ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৰে চিবিএচইৰ অধীনত ইংৰাজী মাধ্যমত চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহন কৰিব পাৰিব বুলি তেওঁ মন্তব্য কৰে । এই যুগান্তকাৰী পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তেওঁ ধন্যবাদ জ্ঞাপন কৰে । মন্ত্ৰী বৰাই লগতে কয় যে এই আদৰ্শ বিদ্যালয় সমূহৰ পৰা অনাগত দিনবোৰত ছাত্ৰ-ছাত্ৰীসকলে বৈজ্ঞানিক, ডাক্তৰ, অভিযন্তা, প্ৰশাসক আদি হিচাপে নিজকে প্ৰতিষ্ঠিত কৰি সমাজৰ বিকাশত অৰিহনা যোগাব পাৰিব। ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতামূলক পৰীক্ষা সমূহত অসমৰ শিক্ষাৰ্থীয়ে উন্নত প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত আদৰ্শ বিদ্যালয় সমূহে গুৰুত্ত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ কয় । উক্ত অনুষ্ঠানত ঘিলামৰা নগৰ প্ৰাথমিক বিদ্যালয় ছাত্র ছাত্ৰী সকলে অতি সুন্দৰ ৰাভা সংগীত পৰিবেশন কৰে। ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰা আজিৰ এই অনুষ্ঠানত ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, জিলা উপায়ুক্ত সুমিত সত্তৱান, ঢকুৱাখনাৰ মহকুমাধিপতি কাৰ্তিক কলিতা, জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া, ছাত্র-ছাত্ৰী সকলৰ অভিভাৱক-অভিভাৱিকা সকল আৰু গন্য মান্য ব্যক্তিসকল উপস্থিত থাকে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত মন্ত্রী অতুল বৰাই আনন্দ চাহ বাগিচা আদর্শ বিদ্যালয়খন শুভ উদ্বোধন কৰে। সমগ্ৰ শিক্ষা বিভাগৰ লক্ষীমপুৰ জিলা আঁচনি বিষয়া, দেৰাজুল হুছেইনে সুন্দৰ উপস্থাপনেৰে আঁত ধৰা অনুষ্ঠানটিত লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱা ,ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, জিলা উপায়ুক্ত সুমিত সত্তাৱান, জিলা অতিৰিক্ত উপায়ুক্ত ভাস্কৰ জ্যোতি বৰুৱা, ঢকুৱাখনাৰ মহকুমাধিপতি কাৰ্তিক কলিতা, দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ভৈৰৱ দেউৰী, সহকাৰী আয়ুক্ত জ্যোতিকণা চেতিয়া, জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া, বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰী সকল, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজ উক্ত অনুষ্ঠানত উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More