লখিমপুৰত জল জীৱন আঁচনিত কৰ্মৰত শ্ৰমিকৰ বলাৎকাৰৰ বলি যুৱতী

ঘটনা সন্দৰ্ভত অৱগত হৈয়ো অন্তঃসত্বা যুৱতীৰ খবৰ নল'লে ঠিকাদাৰ গোষ্ঠীয়ে : কৰ্মস্থলীত তলাবন্ধ কৰি ৰাইজৰ প্ৰতিবাদ

0 17
শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৫ মেঃ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত অকৰাবস্তি গাঁৱত ছমাহ পূৰ্বে সংঘটিত এক বলাৎকাৰৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। ইতিমধ্যে উক্ত ঘটনাটো সংঘটিত কৰা ধুবুৰী জিলা নিবাসী শ্ৰমিক আব্দুল আলিক ভূক্তভোগী পৰিয়ালটোৰ এজাহাৰৰ ভিত্তিত বগীনদী আৰক্ষীয়ে কালি ঢকুৱাখনা আৰক্ষীৰ সহায়ত ঢকুৱাখনাৰ পৰা আটক কৰে।লম্পট আব্দুলৰ কোনো ধৰণৰ ঠিকনা তথা পৰিচয় নোলোৱাকৈয়ে একমাত্ৰ ৰাজমিস্ত্ৰীগৰাকীৰ কথা মতেই অকৰাবস্তি গাঁৱত নিৰ্মাণ কৰি থকা জল জীৱন আঁচনিখনত যোগালীৰূপে কাম কৰিবলৈ আঁচনি নিৰ্মাণকাৰী ঠিকাদাৰ ক্ৰমে ৰাজেশ দলে, যদুমনি চুতীয়া, নিতুল বৰুৱা আৰু কবিৰ দাসে আব্দুলক অনুমতি দিছিল। সেই অনুসৰি আঁচনিখনৰ কামত নিয়োজিত হৈ থকাৰ সময়তে আঁচনি নিৰ্মাণস্থলীৰ সমীপতে পিতৃ-মাতৃসহ বসবাস কৰি থকা উক্ত যুৱতীগৰাকীৰ ওপৰত ছমাহ পূৰ্বে লম্পট চৰিত্ৰৰ শ্ৰমিক আব্দুলৰ চকু পৰে আৰু এদিন যুৱতীগৰাকীৰ পিতৃ-মাতৃ ঘৰত নথকাৰ সুযোগ লৈ যুৱতী গৰাকীৰ মুখত সোপা দি উপৰ্যুপৰি বলাৎকাৰ কৰে। উক্ত বলাৎকাৰৰ সকলো দৃশ্য ম’বাইলত সংগোপনে ৰেকৰ্ড কৰি আব্দুলে ঘটনা সন্দৰ্ভত কাৰোবাৰ আগত যুৱতীগৰাকীয়ে মুখ খুলিলে সকলো দৃশ্য ভাইৰেল কৰি দিয়াৰ ভাবুকি প্ৰদান কৰে। এনে পৰিস্থিতিত ভয়তে যুৱতীগৰাকীয়ে  ঘটনাটোৰ কথা সংগোপনে ৰাখে। পিচে যোৱা কেইমাহত যুৱতীগৰাকীৰ শৰীৰত দেখা দিয়া আকস্মিক পৰিৱৰ্তনৰ ছবি  দাঁতিকাষৰীয়া মহিলাসকলৰ দৃষ্টিগোচৰ হোৱাত আৰু এই সন্দৰ্ভত যুৱতীগৰাকীক প্ৰশ্ন কৰাত উপায়ান্তৰ হৈ যুৱতীগৰাকীয়ে তেওঁৰ লগত সংঘটিত সমগ্ৰ ঘটনাৰ কথা তেওঁৰ পৰিয়ালৰ লোক তথা দাঁতিকাষৰীয়া মহিলাসকলৰ আগত বিৱৰি কয়। ইতিমধ্যে উক্ত ঘটনাটো সংঘটিত কৰি লম্পট আব্দুলেও কৰ্মস্থলীৰ পৰা ঢকুৱাখনালৈ বুলি পলায়ন কৰিছিল। বৰ্তমান যুৱতীগৰাকী ছমহীয়া অন্তঃসত্ত্বা বুলি জানিব পাৰি গাঁৱৰ ৰাইজে যোৱা ২৪ এপ্ৰিলতে আঁচনিখনৰ লগত জড়িত ঠিকাদাৰ গোষ্ঠীটোক ঘটনা সন্দৰ্ভত আলোচনা কৰিবৰ বাবে ভূক্তভোগী পৰিয়ালটোৰ ঘৰলৈ বুলি আমন্ত্ৰণ জনাইছিল যদিও আজিকোপতি কোনো এগৰাকী ঠিকাদাৰেই পৰিয়ালটোৰ কাষত উপস্থিত নহ’ল। এনে পৰিস্থিতিত ক্ষোভিত হৈ পৰা গাঁওখনৰ যুৱ সমাজ তথা মহিলা সমাজে আজি পুৱা ১০-৩০ বজাত উল্লিখিত জল জীৱন আঁচনি নিৰ্মাণকাৰী স্থানৰ মূলগেটত তলাবন্ধৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।যদিহে ঠিকাদাৰ গোষ্ঠীটোৱে যুৱতীগৰাকীৰ বাসগৃহত উপস্থিত হৈ যুৱতী গৰাকীৰ ভৱিষ্যত সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে উক্ত ঠিকাদাৰ গোষ্ঠীটোক কৰ্মস্থলীত প্ৰৱেশত বাধা প্ৰদান কৰাৰ হুংকাৰ দিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More