লখিমপুৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ প্ৰস্তুতি তুংগত

এল.টি.কে. মহাবিদ্যালয়ত অনুষ্ঠত হব যুৱ মহোৎসৱ

0 463
  • ৭০ খন মহাবিদ্যালয়ৰ যোগদান নিশ্চিত
  • ৫০ শিতানত প্ৰতিযোগিতা
  • ১৫০০ প্ৰতিযোগীৰ মাজত হ’ব শ্ৰেষ্ঠত্বৰ যুঁজ
  • ৬০ লক্ষাধিক টকাৰ বাজেট
  • ৬ টা মঞ্চত একেধাৰে চলিব প্ৰতিযোগিতা
  • শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ জানুৱাৰীঃ সোৱণশিৰি আৰু ৰঙানদী উপত্যকাৰ উৰ্বৰা ভূমি উত্তৰ লখিমপুৰৰ এক অগ্রণী শিক্ষানুষ্ঠান এল.টি.কে. মহাবিদ্যালয়ৰ উদ্যোগত অহা ২২, ২৩, ২৪ আৰু ২৫ জানুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুব মহোৎসৱ অনুষ্ঠিত হব। এল.টি.কে. মহাবিদ্যালয়ৰ বিশাল আৰু সেউজ পৰিৱেশৰ ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্রত অনুষ্ঠিত হ’ব এইবাৰৰ যুৱ মহোৎসৱ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৭০ মহাবিদ্যালয়ৰ
    ছাত্রী-ছাত্রীসকলে সাহিত্য-সংস্কৃতিৰ লগত জড়িত বিভিন্ন প্রতিযোগিতাত অংশগ্রহণ কৰিব। আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা যুৱ মহোৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ড° বুবুল কুমাৰ শইকীয়াই যুৱ মহোৎসৱৰ সামগ্ৰিক প্ৰস্তুতি তথা কাৰ্যসূচী সদৰি কৰি কয়- চাৰিদিনীয়া কাৰ্যসূচীত ৫০ টা শিতানত প্ৰতিযোগিতা অনুষ্ঠিত হব। প্ৰায়১৭০০ কলেজ শিক্ষাৰ্থী প্ৰতিযোগী হিচাপে আহিব। ২২ জানুৱাৰী, সোমবাৰে পুৱা ৮.৩০ বজাত যুৱ মহোৎসৱৰ পতাকা উত্তোলন, ৯.০০ বজাত স্মৃতি তৰ্পণ আৰু গ্ৰন্থ বিপনী উন্মোচন, ৯.২০ বজাত মূল মঞ্চ উদ্বোধনৰ পাছতে অনুষ্ঠিত হ’ব যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান। এই উদ্বোধনী অনুষ্ঠানৰ উদ্বোধন কৰিব লক্ষীমপুৰৰ সাংসদ প্রদান বৰুৱাই। ড° ৰণদ্বীপ বৰাৰ দ্বাৰা সম্পাদিত যুৱ মহোৎসৱৰ স্মৃতিগ্রন্থ ‘উদিত আজাদ’ উন্মোচন কৰিব শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। দিনৰ ১১.৩০ বজাত বিভিন্ন সাহিত্য প্রতিযোগিতা আৰু সংগীত প্রতিযোগিতা অনুষ্ঠিত হ’ব। লোকসংগীত (দলীয়), লোকসংগীত (একক), জ্যোতি সংগীত, ৰাভা সংগীত, বৰগীত, ভজন, গজল, খেয়াল, খোল, তবলা, চিত্রাংকন, কার্টুন, প’ষ্টাৰ তৈয়াৰ কৰাৰ প্ৰতিযোগিতা, মিমিক্রী আদি অনুষ্ঠিত হ’ব। বিয়লি ৪ বজাৰ পৰা একাংক নাট প্রতিযোগিতা অনুষ্ঠিত হ’ব। সেইদৰে ২৩ জানুৱাৰী, মংগলবাৰে পুৱা ৮.০০ বজাৰ পৰা যুৱ মহোৎসৱৰ বিভিন্ন কার্যসূচী অনুষ্ঠিত হ’ব। এই দিনটোত সমবেত সংগীত (ভাৰতীয়), পেঁপা-গগণা, ঢোল বাদন, শাস্ত্রীয় নৃত্য, আধুনিক নৃত্য, বাঁহী, ভায় ‘লিন, মেন্দলিন, চেতাৰ, পাৰ্বতী প্রসাদ বৰুৱা গীত, আধুনিক গীত, কবিতা আবৃত্তি (অসমীয়া আৰু ইংৰাজী), কুইজ, ফ’টোগ্রাফী, ক’লাজ, ৰংগুলী আদি প্রতিযোগিতা অনুষ্ঠিত হ’ব। বিয়লি ৪ বজাৰ পৰা একাংক নাট প্রতিযোগিতা অনুষ্ঠিত হ’ব। ২৪ জানুৱাৰী, বুধবাৰে পুৱা ৮ বজাৰ পৰা দলীয় লোকবাদ্য প্রতিযোগিতা, দলীয় লোকনৃত্য প্রতিযোগিতা, পাশ্চাত্য সংগীত, জয়ন্ত সংগীত, ভূপেন্দ্র সংগীত, বক্তৃতা, তর্ক, অর্কেষ্ট্রা, মুকাভিনয় আদি আৰু বিয়লি ৪ বজাৰ পৰা একাংক নাট প্রতিযোগিতা অনুষ্ঠিত হ’ব। ২৫ জানুৱাৰী, বৃহস্পতিবাৰে পুৱা ৮ বজাত সাংস্কৃতিক শোভাযাত্রা। দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ’ব যুৱ মহোৎসৱৰ মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান। আজিৰ সংবাদ মেলত উদযাপন সমিতিৰ হৈ প্ৰফুল্ল নাথ, মানস প্ৰতীম বৰা, ড° দেৱজিৎ দত্ত, ড° ভাস্কৰজিৎ বৰা, প্ৰভাত শইকীয়া, চিৰঞ্জীৱ চাওলেক. আদিয়ে অংশগ্ৰহণ কৰে। যুৱ মহোৎসৱটি সাফল্যমণ্ডিত কৰি তুলিবলৈ উদযাপন সমিতিয়ে ৰাইজক আহ্বান জনাইছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More