লখিমপুৰত ড্ৰিংকিং ৱাটাৰৰ নামত বৰবিহ বিক্ৰী

 ৫ টা অবৈধ খোৱাপানীৰ উদ্যোগ চীল

0 4
শতাব্দ , লখিমপুৰ, ২৯ ছেপ্টেম্বৰঃ লখিমপুৰত এতিয়া বিশুদ্ধ খোৱা পানীৰ নামত ৰাইজে একপ্ৰকাৰে বৰবিহ সেৱন কৰি আহিছে৷ জিলা খাদ্য সুৰক্ষা বিভাগৰ অভিযানত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ উল্লেখ্য যে লখিমপুৰ জিলাত অবৈধ ভাৱে চলি থকা ৫টা খোৱাপানী উদ্যোগ ইতিমধ্যে খাদ্য সুৰক্ষা বিভাগে চীল কৰি দিছে৷ প্ৰয়োজনীয় নথি পত্ৰ তথা বি আই এচ চাৰ্টিফিকেট অবিহনেই এই উদ্যোগ তথা পেকেজ ড্ৰিংকিং ৱাটাৰৰ ইউনিটসমূহ চলি আছিল৷ খাদ্য সুৰক্ষা বিভাগে এনে অবৈধ উদ্যোগৰ বিৰুদ্ধে অভিযান চলাই জিলাখনৰ বিহপুৰীয়াত ২ টা, লালুকত ২টা আৰু লখিমপুৰ সদৰত ১টা এনে ইউনিট চীল কৰে৷ বিহপুৰীয়াত ‘মা একুৱা’ আৰু ‘অমৃত একুৱা’, লালুকত ৰাতুল শইকীয়াৰ ‘মৰমী একুৱা’ আৰু পশ্চিম লালুকৰ ভাস্কৰ পাচনীৰ ‘মামন ফুড প্ৰাইভেট লিমিটেড’ নামৰ একুৱা আৰু লখিমপুৰৰ মাউতৰ চুকৰ মাধুৰ্য শইকীয়াৰ ‘আৰ এম একুৱা’ নামৰ এই ইউনিট কেইটাত লখিমপুৰৰ জ্যেষ্ঠ খাদ্য সুৰক্ষা পৰিদৰ্শক মুনিন ভূঞাই অভিযান চলাই চীল কৰি দিয়ে৷ মূলতঃ ২০ লিটাৰ পানীৰ এই পি. ডি. ডব্লিউ. (পেকেজিং ড্ৰিংকিং ৱাটাৰ) সমূহত অবৈধ ভাৱে খোৱা পানীৰ বটলসমূহ প্ৰস্তুত কৰি আহিছিল৷ ইতিমধ্যে জিলা খাদ্য সুৰক্ষা বিভাগে এই একুৱাসমূহৰ বিৰুদ্ধে আদালতত গোচৰ তৰিছে৷ লখিমপুৰত এতিয়াও ভালেমান অবৈধ পানী উদ্যোগ চলি আছে বুলি অভিযোগ উত্থাপিত হৈছে৷ একুৱাসমূহে দীৰ্ঘদিন ধৰি ভুৱাকৈ ৰমৰমীয়া ব্যৱসায় কৰি অহাৰ লগতে বিশুদ্ধ খোৱাপানীৰ নামত ৰাইজক একপ্ৰকাৰে বৰবিহ খুৱাই আহিছে৷ যাৰফলত বিভিন্নজন লোক খোৱাপানীজনিত ৰোগত আক্ৰান্ত হৈ আহিছে৷ একাংশ এনে উদ্যোগত পানী ফিল্টাৰ কৰি পেকেজিং কৰি বিক্ৰী কৰি অহিছে৷ ইফালে আজি একাধিক সংগঠনৰ অভিযোগৰ ভিত্তিত লখিমপুৰৰ ‘স্মাৰ্ট ৱাটাৰ’ ইউনিটত অভিযান চলাই নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে লখিমপুৰত প্ৰকৃতাৰ্থত এটাও মিনাৰেল ৱাটাৰৰ উদ্যোগ নাই৷ ইয়াৰ পৰিৱৰ্তে আটাইকেইটা পেকেজিং ড্ৰিংকিং ৱাটাৰৰ ইউনিটহে আছে৷ উল্লেখ যে লখিমপুৰত বৰ্তমান পেকেজ ড্ৰিংকিং ৱাটৰ হিচাপে বৈধ ভাৱে চলি আছে মাত্ৰ একুৱেট্ৰা, ৰিলেক্স একুৱা, ৰিডম একুৱা আৰু স্মাৰ্ট ৱটাৰ নামৰ খোৱা পানীৰ ইউনিট চলি আছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More