লখিমপুৰত দুই অৰুণাচলীৰ পৰা ৩ লাখ টকা লুটঃ গ্ৰেপ্তাৰ- ২

0 13
শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৫ নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবঞ্চকে বহু লোকক প্ৰবঞ্চনাৰে লাখ লাখ টকা লুটি অহাৰ সময়তে লখিমপুৰতো বৃহস্পতিবাৰে তেনে এক ঘটনা সংঘটিত হয়৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ দুই দম্পতীৰ পৰা এক দুষ্ট চক্ৰই ৩ লাখ টকা লুটি নিয়াৰ পিছত আৰক্ষীয়ে এই সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে৷ আজি লখিমপুৰ আৰক্ষীৰ পৰা এই সন্দৰ্ভত জানিব পৰা অনুসৰি কালি অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ বাছাৰৰ চিমতে ইয়ন্দে ৰিবা নামৰ লোকজনে পত্নীসহ লখিমপুৰৰ নিৰ্মীয়মান বাইপাছত এখন ইনভা গাড়ীত (এ এছ ০১ এল চি ৭৭৩৩) উঠি লখিমপুৰ নগৰত প্ৰৱেশ কৰে৷ উক্ত ইনভা গাড়ীখনত থকা এজন লোকৰ লগত অৰুণাচলী লোকজনে পূৰ্বে মবাইলত কথা পাতি কাপোৰৰ ব্যৱসায় সূত্ৰে উক্ত ইনভা গাড়ীখনত উঠি লখিমপুৰ নগৰত প্ৰৱেশ কৰে৷ এনে সময়তে গাড়ীখনত থকা লোকজনে অৰুণাচলী দম্পতীদ্বয়ৰ লগত থকা ৩ লাখ টকা লুটি নিয়াৰ পিছত দম্পতীদ্বয়ে উত্তৰ লখিমপুৰ সদৰ থানাত কালি দুপৰীয়া উক্ত ইনভা গাড়ীখনৰ বিৰুদ্ধে থানাত এখন এজাহাৰ দাখিল কৰে৷ সেইমৰ্মে সন্ধিয়াই আৰক্ষীয়ে গাড়ীখন জব্দ কৰাৰ লগতে গাড়ীৰ গৰাকী তথা উত্তৰ লখিমপুৰৰ সমীপৱৰ্তী সনাতন গাঁৱৰ হৰিচৰন দেৱদাস (মানস) আৰু ইনভা গাড়ীখনৰ চালক পানীগাঁও থানাৰ অন্তৰ্গত ঢকুৱাখনীয়াৰ গাঁৱৰ ৰিয়াজ আলীক আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে৷ আনহাতে এক সূত্ৰই সদৰি কৰা অনুসৰি অৰুণাচলী দম্পতীদ্বয়ে লখিমপুৰত সহজলভ্য ধনৰ লালসাত পৰি এনে দুৰ্গতিৰ সন্মুখীন হয়৷ সূত্ৰটোৱে জনোৱা অনুসৰি দম্পতীদ্বয়ে ফোনযোগে কোনো অচিনাক্ত লোকৰ লগত কথা পাতি ৩ লাখ টকাৰ বিপৰীতে ৫ লাখ টকা ল’বলৈ আহি এনে প্ৰৱঞ্চকৰ জালত পৰে৷ উল্লেখনীয় কথা যে অৰুণাচলী দম্পতীদ্বয়ে ফোনত কথা পতা ব্যক্তিজনক ৩ লাখ টকা দিয়াৰ পিছতে উক্ত লোকজন অন্তৰ্ধান হয়৷ আৰক্ষীৰ এক বিশেষ সূত্ৰে সদৰি কৰা অনুসৰি উক্ত লোকজনক আৰক্ষীয়ে কৰায়ত্ত কৰাৰ সুবিধা আছিল যদিও ৰহস্যজনক ভাৱে লোকজন পলাই যাবলৈ সক্ষম হয়৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More