লখিমপুৰত দেশভক্তি দিৱস পালন

0 30

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ জুলাই: লখিমপুৰ জিলা প্ৰশাসনৰ সৌজন্যত তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আজি লখিমপুৰ জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ত উদযাপন কৰা হয় ৮৩ সংখ্যাক দেশভক্তি দিৱস । আজিৰ দেশভক্তি দিৱসৰ কাৰ্য্যসূচী জিলা উন্নয়ন বিষয়া মনোজ কুমাৰ বৰুৱাই উদ্বোধন কৰে । জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়াই আঁত ধৰা সভাখনত তৰুণৰাম ফুকনৰ জীবনাদৰ্শৰ ওপৰত আলোকপাত কৰি বক্তাসকলে উত্তৰ প্ৰজন্মৰ বাবে অধিক প্ৰচাৰ-প্ৰসাৰৰ আহ্বন জনায়। এই কাৰ্য্যসূচীত সংবাদকর্মী, জ্যেষ্ঠ নাগৰিক সন্থাকে ধৰি বিভিন্ন সংগঠন উপস্থিত থাকে । উল্লেখ্য যে, ৰাজ্যিক কেবিনেটত দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু দিৱসটি দেশভক্তি দিৱস হিচাপে ৰাজ্যজুৰি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More