লখিমপুৰত পথৰ মাজত পুখুৰী সদৃশ গাঁত

সচেতন নাগৰিক সমাজৰ প্ৰতিবাদ

0 69

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২১ আগষ্টঃ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়াও বহু পথৰ দুৰৱস্থাই পথচাৰীক দুৰ্ভোগ ভূগাই আহিছে৷ শেহতীয়াকৈ তেনে এটি ভগ্নপ্ৰায় পথ নিৰ্মাণৰ দাবীত দেওবাৰে সচেতন নাগৰিক সমাজে লখিমপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰি পোৱা গৈছে৷ উত্তৰ লখিমপুৰ নগৰৰ ১৪ নং ৱাৰ্ডৰ তথা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঘিলাগুৰি-চুমনি সংযোগী গড়কাপ্তানী পথটোৰ মাজত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত স্থানীয় ৰাইজৰ লগতে সচেতন নাগৰিক সমাজে পথৰ মাজতে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ ঘিলাগুৰি অংশত সৃষ্টি হোৱা বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত সমূহ নাইকিয়া কৰিব বাবে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজে লখিমপুৰ জিলা প্ৰশাসনক আহ৩ান জনায়৷ লক্ষণীয় কথা যে ঘিলাগুৰিৰ পৰা চুমনি সংযোগী উক্ত পথটোক কিছুদিনৰ পূৰ্বে পি এম জি এছ ৱাইৰ অধীনত পকীকৰণ কৰা হৈছিল যদিও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ কেইমাহমানৰ পিছতে উক্ত পথটো বিশেষকৈ ঘিলাগুৰি জামে মছজিদ আৰু ঘিলাগুৰি নামঘৰৰ সমীপত পথটো ভগ্নপ্ৰায় হৈ পৰাৰ লগতে জৰাজীৰ্ণ ৰূপ লয়৷ ফলত উক্ত পথত সৃষ্টি হোৱা দ গাঁত আৰু পানী জমা হোৱাৰ বাবে পথটোত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ অহাৰ লগতে যাতায়াতৰ ক্ষেত্ৰত ৰাইজে হাৰাশাস্তি ভোগ কৰি আহিব লগা হৈছে৷ সেয়েহে ভূক্তভোগী লোকসকলে উক্ত সমস্যা সমাধানৰ বাবে লখিমপুৰ জিলা আয়ুক্ত আৰু লোকনিৰ্মাণ [পথ] বিভাগৰ লখিমপুৰ সংমণ্ডলক বহুবাৰ অৱগত কৰা স্বত্বেৰ্ও এই পৰ্যন্ত কোনো সু-ফল লাভ নকৰাত লখিমপুৰ সচেতন নাগৰিক সমাজে শনিবাৰে জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ দেওবাৰে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ সম্পাদক ছাজাদ হাজৰিকাৰ নেতৃত্বত এই পথচোৱা পুনৰ নিৰ্মাণৰ বাবে দাবী জনাই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ পৰৱৰ্তী সময়ত ৰাইজে পথটো নিৰ্মাণৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More