লখিমপুৰত পৌৰ নিকায় কৰ্মচাৰীৰ কৰ্মবিৰতি পালন

0 14
শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৫ নৱেম্বৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে আজি লখিমপুৰতো পৌৰ নিকায় কৰ্মচাৰীসকলে কৰ্মবিৰতি পালনেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ পূৰ্বে ১৭ নৱেম্বৰৰ পৰা প্ৰথম পৰ্যায়ত এনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত আজি দ্বিতীয় পৰ্যায়ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে৷ উল্লেখ্য যে পৌৰ নিকায় কৰ্মচাৰীসকলে তেওঁলোকৰ বিগত ৬ মাহৰ পৰা ৩৭ মাহ অনাদায় দৰমহা শীঘ্ৰে মুকলি কৰি দিয়া, মাহৰ শেষত কৰ্মচাৰীসকলৰ দৰমহা আদায় নিশ্চিত কৰাকে ধৰি দাবীৰ সন্দৰ্ভত এনেদৰে পৌৰ নিকায় কৰ্মচাৰী সন্থাই আন্দোলনৰ পথ বাছি লৈছে৷ সেই মৰ্মে উত্তৰ লখিমপুৰ পৌৰসভাৰ সন্মুখত আজি পুৱা ১০ বজাৰ পৰা বিয়লি ৬ বজা পৰ্যন্ত কৰ্মবিৰতি পালনেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে পৌৰ সভাৰ এই কৰ্মচাৰীসকলে পৌৰসভা কাৰ্যালয়ৰ সন্মুখত বহি প্ৰতিবাদ জনায়৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ হৈ জিতেন ৰাজখোৱা আৰু কৈলাসপতি বৰগোঁহাইয়ে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More