লখিমপুৰত বাহৰ পাতি চি বি আইৰ অভিযান

নকল সোণ, জাল নোটৰ লগত জড়িত বিভিন্নজনক আৱৰ্ত ভৱনলৈ তলব

0 62
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২১ জুনঃ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তথা নকল সোণ, জাল নোটৰ ব্যৱসায় সন্দৰ্ভত লখিমপুৰত চি বি আইৰ অভিযান তীব্ৰতৰ হৈছে৷ চি বি আই দলে আজি লখিমপুৰ আৱৰ্ত ভৱনত বাহৰ পাতি তদন্ত অব্যাহত ৰাখিছে৷ কালি চি বি আই দলটোৱে নগাঁৱৰ পৰা আহি বঙালমৰাত অভিযান চলোৱাৰ পাছত সন্ধ্যা লখিমপুৰ আৱৰ্ত ভৱনত বাহৰ পাতে৷ আনহাতে আজি পুৱাৰে পৰা আৱৰ্ত ভৱনত লাভলি কাটিয়াৰৰ নেতৃত্বত তলব কৰে বিভিন্নজন লোকক৷ এইক্ষেত্ৰত প্ৰধানত লালুক থানাৰ চক্ৰ পৰিদৰ্শক ভি আই মালেশ্বৰ ঠিক আৰু বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজকুমাৰ পেগুক তলব কৰে আৱৰ্ত ভৱনত৷ ইয়াৰ উপৰিও আজগৰৰ ভাতৃ আবু তালিবসহ আন দুগৰাকী মহিলাকো চি বি আই দলে তলব কৰে৷ উল্লেখ যে এইকেইগৰাকী মহিলাই টকা ধাৰে দিছিল আজগৰৰ মাতৃ আমিনা খাতুনক৷ আজগৰ আলিক এৰি দিয়াৰ নামত জোনমণি ৰাভাই আজগৰৰ পৰিয়ালৰ পৰা ৬ লাখ টকা লোৱাৰ অভিযোগ উত্থাপিত হৈছিল৷ উক্ত টকাৰ যোৰা মাৰিবৰ বাবে আমিনা খাতুনে নিজ পৰিয়ালৰ এই দুগৰাকী মহিলাৰ পৰা টকা ধাৰে লৈছিল৷ এই সংক্ৰান্তত সমস্ত তথ্যসহ আমিনা খাতুনে জোনমণি ৰাভাৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ সদৰ থানাত দিয়া এজাহাৰত উল্লেখ কৰিছিল৷ আনহাতে নকল সোণ, জাল নোট ব্যৱসায়ী অসাধু চক্ৰৰ লগতে কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিগত সময়ত বিস্ফোৰণ ঘটাই চৰ্চালৈ অহা হাচিনা বেগম নামৰ মহিলাগৰাকীকো আজি চি বি আই দলটোৱে তিনি ঘণ্টা ধৰি সোধা পোছা কৰে৷ কিন্তু এই মুহূৰ্তলৈকে তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগ আৰু নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাক চি বি আই দলে তলব কৰা নাই যদিও পৰৱৰ্তী সময়ত চি বি আইৰ জেৰাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More