লখিমপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰ বীৰ লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন

বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে ৰাইজকঃ লখিমপুৰৰ প্ৰান্তে প্ৰান্তে লাচিত দিৱস

0 31

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ নৱেম্বৰঃ জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে আজি লখিমপুৰৰ বিভিন্ন প্ৰান্তত লাচিত দিৱস উদযাপন কৰা হয়৷ তদুপলক্ষে আজি লখিমপুৰৰ ত্যাগক্ষেত্ৰত হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ লগতে লখিমপুৰ জিলা সমিতি আৰু লখিমপুৰবাসী ৰাইজে কেন্দ্ৰীয় ভাৱে দুদিনীয়া কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন কৰে৷ IMG 20221124 WA0025ত্যাগক্ষেত্ৰত অনুষ্ঠিত আজিৰ এই কাৰ্যসূচীত হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য, সাধাৰণ সম্পাদক মাধৱ দাসৰ উপস্থিতিত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ ২৩ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী মৰ্মে পুৱা ১১ বজাত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়৷ আজিৰ এই শোভাযাত্ৰাত জনপ্ৰিয় চলচিত্ৰ অভিনেত্ৰী অমৃতা গগৈ, অভিনেত্ৰী জেৰিণা বৰুৱাৰ লগতে অসম গৌৰৱ আপ্পুন পেগুৱে অংশগ্ৰহণ কৰে৷ দুপৰীয়া লাচিত দিৱসৰ উদযাপন সমিতিৰ সভাপতি মাধৱ হাজৰিকাৰ সঞ্চালনাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুকলি সভা অনুষ্ঠিত হয়৷ আজিৰ মুকলি সভাত মাজুলীৰ দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাদ্দৰ্ন দেৱগোস্বামী, উমাকান্ত দেৱশৰ্মা ফাউণ্ডেশ্বনৰ সচিব জ্যোতিময় শৰ্মাকে ধৰি বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷ কাৰ্যসূচীত বীৰ লাচিতৰ সন্দৰ্ভত জনাদ্দৰ্ন গোস্বামীকে ধৰি কেবাজনো বিশিষ্ট লোকে মহাবীৰজনৰ জীৱনীৰ বিষয়ে আলোকপাত কৰে৷ নিশালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ আনহাতে আজি লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা পুথিভৰালত বীৰ লাচিতৰ ৪০০ জন্মজয়ন্তী উদযাপন কৰা হয়৷ একেদৰে আজাদ বাঁহপাতিটো শংকৰদেৱ শিশু নিকেতন বাঁহপাতিত অসম আৰু অসমীয়াৰ সাহসৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী পালন কৰা হয়৷ তদুপলক্ষে নিকেতন চৌহদৰ পৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় আৰু এই শোভাযাত্ৰাত নিকেতনৰ পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট নাগৰিক গজেন বুঢ়াগোহাঁয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More