লখিমপুৰত শতাধিক কৃতীমানক কোঁছ ৰাজবংশী সংগ্ৰাম সমিতিৰ সম্বৰ্ধনা

২৫ দুখীয়া কৃতীমানৰ অধ্যয়নৰ দায়িত্ব বহন

0 43

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ জুনঃ সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃৰ্তীমান সকলক ‘বিশেষ অভিনন্দন অনুষ্ঠানেৰে সম্বৰ্ধনা জনায়৷ ২৫ জুনত এঙাৰখোৱাৰ গ্ল’বেল পাব্লিক স্কুল প্ৰাংগণত এই কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ পুৱা ১০.৪০ বজাত গছপুলি ৰোপনেৰে আৰম্ভ হোৱা সভাখনত ভালেকেইগৰাকী শিক্ষাবিদ, কবি, সাহিত্যিক, গণ্য মান্য লোকে অংশগ্ৰহণ কৰে৷ শিক্ষাবিদ দণ্ডী তামুলী ফুকনৰ সঞ্চালনাত অনুষ্ঠিত ‘বিশেষ অভিনন্দন অনুষ্ঠানটি’ উদ্বোধন কৰে বিশিষ্ট সমাজ সেৱক উদয় শংকৰ হাজৰিকাই৷ সভাত আদৰণি ভাষণ প্ৰদান কৰি সমগ্ৰ অনুষ্ঠানটি কথা কবিতাৰ স্তৱকেৰে কাব্যময় ৰূপ দি অন্যন্য মাত্ৰা প্ৰদান কৰে কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি, বিশিষ্ট যুৱ সাহিত্যিক কাব্যপ্ৰাণ ৰূপজ্যোতি কোচে৷ ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড॰ পুস্পনাথ বৰাই নিৰ্দিষ্ট বক্তাৰ ভাষণত কৃৰ্তীমান সকলক জীৱনত সৎ-নিকা মনোভাৱেৰে লক্ষ্যস্থানলৈ আগুৱাই যোৱাৰ পৰামৰ্শ দিয়ে৷ বৰগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত সন্মানীয় অতিথি পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে বিজ্ঞান, তথ্য প্ৰযুক্তি, উদ্ভাৱনৰ সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰি নেৰানেপেৰা প্ৰচেষ্টাৰে লাগি থাকিলে সফল হয় বুলি উল্লেখ কৰে৷ গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ দিলীপ কুমাৰ ঝাই সততা আৰু নিষ্ঠাৰে, জীৱনৰ বাটত বাট বুলিবলৈ কৃতীমানসকলক আহ৩ান জনায়৷ বিশিষ্ট অতিথিৰূপে জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা, গীতিকাৰ চন্দ্ৰ কান্ত বৰা, অৱসৰপ্ৰাপ্ত পৰিকল্পনা বিষয়া, বিশিষ্ট কবি অনন্ত কুমাৰ ভূঞা, লখিমপুৰ বালিকা মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক, লেখক ড॰ কুসুম্বৰ ভূঞা, শিক্ষাবিদ চন্দ্ৰ নাথ দাস আদিয়ে বক্তব্য আগবঢ়াই কৃৰ্তীমান সকলক আগুৱাই যোৱাৰ পৰামৰ্শ আগবঢ়ায়৷ বিশিষ্ট ব্যক্তি ক্ৰমে ধৰ্মেশ্বৰ গগৈ, প্ৰফুল্ল শৰ্মা, বিদ্যাধৰ গোহাঁই, লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ড॰ হামিদুৰ ৰহমান, সমাজ সেৱিকা শিক্ষাবিদ গোলাপী বৰা, কবি, শিক্ষাবিদ দুলু বৰা, শিক্ষাবিদ ৰাহুল বৰা, সমাজ সেৱক ৰাজু বৰদলৈ, মইদুল লেটিফ বৰুৱা, গীতিকাৰ বিভা হাতী কাকতি, নিৰণ হাজৰিকা, দেৰাজুল হুছেইন, জয়া দত্তৰ লগতে লখিমপুৰ জিলাৰ ৩১ গৰাকী শিক্ষাবিদ, কবি, সাহিত্যিক, সমাজ সেৱক আদিয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰি জীপাল কৰি তোলে৷ অনুষ্ঠানত লখিমপুৰ জিলাৰ জাতি, ধৰ্ম, বৰ্ণ-ভাষা নিৰ্বিশেষে লখিমপুৰৰ সমাজৰ সকলো ঠাইৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শতাধিক কৃৰ্তী ছাত্ৰ-ছাত্ৰীক লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে কোচ-ৰাজবংশী জাতীয় সাংস্কৃতিক গামোচা, মানপত্ৰ, কলম, ফলাহাৰ গছপুলি আদি অৰ্পন কৰি সম্বৰ্ধনা জনোৱাৰ লগতে ২৫ গৰাকী দুখীয়া কৃৰ্তীমানক আৰ্থিক সাহায্য, কিতাপ, বহী, কাগজ যোগানৰ দায়িত্ব লয়৷ গীতিকাৰ চন্দ্ৰ কান্ত বৰাই সুমধুৰ গীত পৰিৱেশন আৰু মেহচিন আলমে কবিতা আবৃত্তিৰে আপ্লুত কৰা অনুষ্ঠানটিত দ্বিপেন কুমাৰ গোহাঁই, বিপুল দত্ত, জীৱন্ত শইকীয়া, প্ৰশান্ত কুমাৰ বৰা, ফটিক শইকীয়া আদি উপস্থিত থাকে৷ পুৱা সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি বিকাশ দত্তই বৃক্ষ ৰোপনেৰে শুভাৰম্ভ কৰা অভিনন্দন অনুষ্ঠানটিত সাধাৰণ সম্পাদক নিতুল শইকীয়াই শলাগৰ শৰাই আগবঢ়ায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More