লখিমপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা

অসমত মাতৃভাষাৰ জয়যাত্ৰা অব্যাহত থাকিব-আছুঃ আছুত আজীৱনৰ কাৰণে স্থায়ী হ’ল ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য 

0 32
শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২১ নৱেম্বৰঃ অসমত চৰকাৰী মাধ্যম অসমীয়া মাধ্যম, বড়ো মাধ্যম বা অন্যান্য মাতৃভাষাৰ জয়যাত্ৰা অব্যাহত থাকিব লাগিব৷ এইখন অসমত চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান আৰু মাতৃভাষাৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত থাকে তাৰ বাবে চৰকাৰে কাৰ্যকৰী ব্যৱস্থা ল’ব লাগিব আৰু প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়ৰ স্তৰলৈ কাৰিকৰি, অ-কাৰিকৰি সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সমস্যা সমাধানৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিব৷ আজি লখিমপুৰত সামৰণি পৰা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সভাৰ প্ৰতিনিধি সভাত এনে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ উক্ত প্ৰস্তাৱসমূহ ৰাজ্য চৰকাৰক শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী জনাই প্ৰতিনিধি সভাই৷ আজি প্ৰতিনিধি সভাৰ প্ৰস্তাৱ সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়- প্ৰতিনিধি সভাই বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বিষয়টোক সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে৷ ইয়াৰ বাবে বিভিন্ন কৰ্মসূচীৰো প্ৰস্তুত কৰা হৈছে৷ তেওঁ প্ৰতিনিধি সভাত গ্ৰহণ কৰা প্ৰস্তাৱ সন্দৰ্ভত আৰু কয়- এন আৰ চিত বাংলাদেশীৰ নাম মুক্ত কৰিব লাগিব৷ এইখন আমাৰ অসম, আমাৰ হৈ থাকিব লাগিব৷ তাৰ বাবে আজিৰ সভাত অসম চুক্তিৰ প্ৰত্যেকটো দফা এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণৰ দাবী উত্থাপন কৰে আৰু ইয়াৰ বাবে এটা টাইম বাউণ্ড একচন প্লেন চৰকাৰে গ্ৰহণ কৰক৷ এন আৰ চিৰ ফলাফলক লৈ আমি সুখী নহয়৷ উচ্ছতম ন্যায়ালয়ত আমি ৰি একজামিনেচনৰ বাবে দাবী উত্থাপন কৰিছো৷ অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰলৈ আমাৰ দাবী তেখেত সকলেও এই প্ৰসংগত আবেদন কৰিব লাগে, যাতে ইয়াক নিৰাময়ৰ ব্যৱস্থা উচ্ছতম ন্যায়ালয়ে ল’ব পাৰে আৰু বাংলাদেশী নামমুক্ত এন আৰ চি যাতে আমি পাঁও৷ সভাত গৃহীত আনএটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ হৈছে সাংবিধানিক ৰক্ষাকৱচৰ প্ৰসংগ৷ কেন্দ্ৰীয় চৰকাৰে এই প্ৰসংগত নিজেই গঠন কৰিছিল এখন উচ্চ স্তৰীয় সমিতি৷ সেই সমিতি শীঘ্ৰে কাৰ্যকৰী হ’ব লাগে বুলি তেওঁ উল্লেখ কৰে৷ ইফালে সমষ্টি পুনৰ নিধাৰণ, ইনাৰলাইন পাৰ্মিটৰ ব্যৱস্থা, নাগৰিকত্ব সংশোধীন আইনৰ বিৰোধিতা প্ৰসংগতো গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে প্ৰতিনিধি সভাই৷ আজিৰ এই প্ৰতিনিধি সভাতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা, কা সন্দৰ্ভত আছুৰ স্থিতি স্পষ্ট কৰা, শিক্ষাত মাধ্যম বিতৰ্ক পৰিহাৰ কৰি চৰকাৰে সেই বিষয়ত হাত নিদিয়া অসমৰ কেবাখনো বিশ্ববিদ্যালয়ৰ শৈক্ষিক মান উন্নত কৰা, সাংবিধানিক ৰক্ষাকবচ প্ৰদান কৰা, প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত শৈক্ষিক সমস্যা সমাধান কৰা, নাকৰ দৰে এখন উচ্ছস্তৰীয় বিদ্যালয় মূল্যংকন আয়োগ গঠন কৰা আদি কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ তদুপৰি ৰাজ্য চৰকাৰে লাচিতৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তোলা প্ৰয়াসক উচ্ছ প্ৰশংসা কৰে ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ সভাত লখিমপুৰ জিলাত এখন অভিযান্ত্ৰিক মহাবিদ্যালয়, নকাৰীত এখন অভাৰব্ৰীজ, খাবলুঘাটত দলং, ঘূনাসুঁতি জংকি পানৈ ক্ষেত্ৰ সংযোগী ঘাগৰ নদীত দলং, কৃষি মহাবিদ্যালয় স্থাপন, এটা আন্তঃৰাজ্যিক বাণিজ্য কেন্দ্ৰ স্থাপন, বিহপুৰীয়া-মাজুলী সংযোগী দলং, উত্তৰ লখিমপুৰ জিলা কাৰাগাৰ স্থানান্তৰৰ পিছত উক্ত স্থানত এখন বটানিকেল গাৰ্ডেন স্থাপনৰ দাবী জনায়৷ আনহাতে আজি সন্ধিয়া ৬ বজাত মুকলি সভা অনুষ্ঠিত হয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ দৃষ্টিভংগীৰ ওপৰত ব্যাখ্যা আগবঢ়ায় সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই৷ ইফালে আজি অন্তিম দিনাৰ প্ৰতিনিধি সভাত আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰসংগত সদৌ অসম ছাত্ৰ সন্থাই এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে৷ উক্ত প্ৰস্তাৱটো হৈছে ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই যেতিয়ালৈকে ইচ্ছা কৰে তেতিয়ালৈকে তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত সন্মানীয় স্থানত বিৰাজমান হৈ থাকিব৷ আজিৰ প্ৰতিনিধি সভাত আছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপাংক কুমাৰ নাথে এক প্ৰস্তাৱ যোগে ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক সংগঠনলৈ আজীৱনৰ কাৰণে সংগঠনলৈ আদৰণি জনোৱাৰ পিছতে প্ৰতিনিধি সভাত এক হৰ্ষ উল্লাসৰ সৃষ্টি হয় আৰু প্ৰতিনিধিসকলে থিয় হৈ মুখ্য উপদেষ্টা গৰাকীক হাতচাপৰিৰে আদৰণি জনায়৷ এতিয়াৰে পৰা ড॰ ভট্টাচাৰ্য যেতিয়ালৈকে আছুত থাকে তেতিয়ালৈকে থাকিব বুলি উল্লেখ কৰাৰ লগতে আছুত থকা নথকাক লৈ আগন্তুক অধিৱেশন সমূহত কোনো প্ৰসংগ উত্থাপন নহ’ব৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More