লখিমপুৰত স্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সভা সম্পন্ন

0 31

উত্তৰ লখিমপুৰ, ৩ আগষ্টঃ  লখিমপুৰ জিলাত সমাগত স্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সম্পৰ্কত আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাঙৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । জিলা প্ৰশাসনৰ বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, অদ্ধৰ্সামৰিক বাহিনীৰ প্ৰতিনিধি, বেচৰকাৰী সামাজিক দল-সংগঠন, নেতৃস্থানীয় ব্যক্তিৰ উপস্থিতিত আয়োজিত সভাত সমাগত স্বাধীনতা দিৱস উদযাপন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় । ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৱাবাৰ বহুখিনি সীমাবদ্ধতাৰ মাজত স্বাধীনতা দিৱস পালন কৰা হৈছিল যদিও এইবেলি স্বাধীনতা দিৱসটি পূৰ্বৰ বছৰবোৰৰ দৰেই বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আয়োজন কৰা হ’ব বুলি অতিৰিক্ত উপায়ুক্তগৰাকীয়ে মত প্ৰকাশ কৰে । আনহাতে, স্বাধীনতা দিৱস উদযাপন সাফল্যমণ্ডিত কৰাৰ বাবে সময়মতে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ অৰ্থে বিভিন্ন বিভাগক নিজৰ নিজৰ দায়িত্বসমূহ আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় । সভাত তেখেতে স্বাধীনতাৰ ৭৫ বছৰীয়া পূৰ্তি উপলক্ষে গ্ৰহণ কৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল কৰাৰ বাবে প্ৰতিটো বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু জনসাধাৰণক ১৩ ৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে তিৰংগা পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় । সমাজৰ প্ৰতিজন লোকে ইয়াত ভাগ ল’লেহে হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল হ’ব । আনহাতে চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলকো তেওঁ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় ।তেখেতে কয় যে এইবাৰো স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এন চি চি আৰু ছাত্ৰ-ছাত্ৰীৰ কুচকাৱাজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । চিকিৎসালয়, কাৰাগাৰ, আদিত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে ! জিলাৰ উপ-আৰক্ষী অধীক্ষক পোনা গগৈয়ে স্বাধীনতা দিৱসত যাতে আইন-শৃংখলা পৰিস্থিতি অটুট থাকে তাৰ বাবে ৰাইজক কোনো সন্দেহজনক বিষয় দৃষ্টিগোচৰ হ’লে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায় । তেওঁ হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল কৰাৰ বাবে সকলোকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় । সভাত জিলাৰ অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰা, জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, বিভিন্ন স্কুল কলেজৰ অধ্যক্ষ আৰু ভালেমান বিশিষ্ট ব্যক্তি, মুক্তিযুঁজাৰু আৰু জ্যেষ্ঠ নাগৰিক উপস্থিত আছিল ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More