লখিমপুৰৰ গ্ৰামোন্নয়নত ২০ কোটি ২৫ লাখ টকাৰ বৃহৎ কেলেংকাৰি

আঁচনি ৰূপায়ণ নোহোৱাকৈ আই বি এছৰ নামত সৰকিল আৱণ্টিত ধন

0 10

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩১ আগষ্টঃ লখিমপুৰ জিলা গ্ৰামোন্নয়ন বিভাগত এতিয়া এক বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ জিলাখনৰ ৮১ খন গাঁও পঞ্চায়তত আঁচনি ৰূপায়ণৰ নামত আৱণ্টিত ধন শৰাধ হোৱাৰ তথ্যই ৰাইজৰ চকু কপালত তুলিছে৷ বিশেষকৈ প্ৰতিখন গাঁও পঞ্চায়তলৈ এনৰেগা আঁচনিৰ অধীনত আৱণ্টিত আই বি এছৰ [ব্যক্তিগত হিতাধিকাৰী আঁচনি] নামত আৱণ্টিত প্ৰায় ২০ কোটি ২৫ লাখ টকাৰ কেলেংকাৰি হোৱাৰ তথ্য স্পষ্ট হৈ পৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি লখিমপুৰ জিলা গ্ৰামোন্নয়ন অভিকৰণলৈ ২০২০-২১ বৰ্ষত এনৰেগা আঁচনিৰ অধীনত জিলাখনৰ ৯টা উন্নয়ন খণ্ডৰ ৮১ খন গাঁও পঞ্চায়তলৈ হাজাৰ হাজাৰ হিতাধিকাৰীলৈ আই বি এছ আঁচনি আৱণ্টন হয়৷ এই আই বি এছৰ প্ৰতিজন হিতাধিকাৰীৰ বিপৰীতে ৯ হাজাৰৰ পৰা ২৫ হাজাৰ টকা পৰ্যন্ত আৱণ্টন হয়৷ হিতাধিকাৰীসকলক নেমু বাগান, জালুক খেতি, পুখুৰী খন্দা, হাঁহ ছাগলী পালন, গাহৰি পালন, গছপুলি ৰোপন আদি বিভিন্ন আঁচনিত নাম তালিকাভূক্ত কৰা হয়৷ তাৎপৰ্যপূৰ্ণ কথা যে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ, বিহপুৰীয়া, কৰুণাবাৰী, নাওবৈচা, লখিমপুৰ, তেলাহী, বগীনদী, ঘিলামৰা আৰু ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৮১ খন গাঁওপঞ্চায়তৰ বিভিন্ন এলেকাত এই আঁচনি গ্ৰহণ কৰি হিতাধিকাৰীসকলৰ নামত আৱণ্টিত ধন মোকলাই দিয়া হয়৷ লক্ষণীয় যে বহু পঞ্চায়তত অস্তিত্ববিহীন আঁচনিৰ নামত [বিশেষকৈ নেমু বাগানৰ নামত] এই ধন মোকলাই দিয়া হয় আৰু প্ৰায়বোৰ গাঁওপঞ্চায়তৰ নিৰ্দিষ্ট ৱাৰ্ড সমূহত এই আঁচনি সমূহ ৰূপায়ণৰ কোনো চিন নাই৷ তৎস্বত্বেও খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, কনিষ্ঠ অভিযন্তা, পঞ্চায়তৰ জি আৰ এছ তথা গাঁও পঞ্চায়ত সমন্বয়ক আদিয়ে কেনেদৰে অস্তিত্বহীন আঁচনিৰ নামত ধন মুকলি কৰি দিলে সেয়া ৰহস্যজনক৷ আঁচনি ৰূপায়ন নকৰাকৈ বহু পঞ্চায়তত এনে ধন হিতাধিকাৰীয়ে লাভ কৰাৰ লগতে এই ধনৰ ভাগ একাংশ খণ্ড উন্নয়ন বিষয়া, একাংশ কনিষ্ঠ অভিযন্তা, একাংশ জি আৰ এছ, একাংশ পঞ্চায়ত সভাপতি, একাংশ সচিব, একাংশ ৱাৰ্ড সদস্য আদিয়ে এই ধন ভগাই লোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ এই ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্ত হলেই সকলো তথ্য পোহৰলৈ আহিব৷ লক্ষণীয় কথা যে জিলাখনৰ উত্তৰ লালুক, শিঙৰা, আজাদ, জহিং, বিহপুৰীয়া, বি এম পি, উত্তৰ তেলাহী, ডিমৰুগুৰি, মাতমৰা, পূৱ ঢকুৱাখনা, বগীনদী, ভীমপৰা, বিলমুখ আদি বিভিন্ন গাঁও পঞ্চায়ত সমূহত এনে বহু আই বি এছৰ কোনো অস্তিত্বই নাই৷ প্ৰাপ্ত অভিযোগ অনুসৰি এই পঞ্চায়ত সমূহত বিশেষকৈ নেমু বাগানৰ নামত ২০ শতাংশও কাম নকৰাকৈ আৱণ্টিত সমূদায় ধন মোকলাই নিয়া হৈছে৷ উত্তৰ লালুক গাঁও পঞ্চায়তৰ সভাপতি-সচিবৰ লগতে জি আৰ এছ জনক সংবাদ মাধ্যমে ব্যক্তিগত হিতাধিকাৰী আঁচনিৰ তালিকা বিছৰাৰ পিছতো পঞ্চায়ত কাৰ্যালয়ত তেনে তালিকা দাখিল কৰিবলৈ সক্ষম নহ’ল৷ অথচ এইখন পঞ্চায়তৰ নামতে ৯৮ জন নেমু বাগানৰ হিতাধিকাৰীৰ নামত গাইপতি ২৫ হাজাৰ টকা মোকলাই দিয়া হয়৷ পঞ্চায়তখনৰ ৱাৰ্ড সমূহত নেমু বাগানৰ অস্তিত্ব নথকাৰ পিছতো কেনেদৰে পঞ্চায়ত কতৃৰ্পক্ষ আৰু কৰুণাবাৰী খণ্ড উন্নয়ন বিষয়াই আৱণ্টিত ধন মোকলাই দিলে সেয়া ৰহস্যজনক৷ সেয়েহে জিলাখনত সংঘটিত হোৱা প্ৰায় ২০ কোটি ২৫ লাখ টকাৰ এনে বৃহৎ কেলেংকাৰিৰ উচিত তদন্ত হ’বনে বুলিও প্ৰশ্ন উত্থাপিত হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More