লখিমপুৰৰ দেওবিল বান্তৌ গাঁৱক আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ পদক্ষেপ জিলা কৃষি বিষয়া সন্থাৰ

0 63
শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৭ এপ্ৰিলঃ সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী বৰ্ষ ২০২৩ উপলক্ষে অসম বিদান সভাৰ ১২৬ টা সমষ্টিৰ প্ৰতিটোতে এখন কৃষি ক্ষেত্ৰৰ আদৰ্শ গাঁও গঢ়ি তোলাৰ সিদ্ধান্তৰ লগত সংগতি ৰাখি ১১১ নং লখিমপুৰ বিধান সভা সমষ্টিৰ দেওবিল বান্তৌ গাঁওখন এখন আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ এই উপলক্ষত আজি বান্তৌ গাঁও নামঘৰ প্ৰাংগনত এখন উদ্বোধনী সভা অনুষ্ঠিত হয়৷ উক্ত সভাত গাঁওখনৰ ২০০ৰো অধিক কৃষক আৰু কৃষি বিভাগৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়াই ঘনশ্যম দত্ত, সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গোপাল হাজৰিকাই৷ অংশগ্ৰহণ কৰি কৃষকসকলৰ মাজত আদৰ্শ গাঁও সম্পৰ্কে বস্তব্য আগবঢ়ায়৷ সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ লখিমপুৰৰ জিলা সম্পাদক দিলীপ কুমাৰ বৰুৱাই আঁতধৰা অনুষ্ঠানত বিভাগটোৰ কৃষি পৰিদৰ্শকসকল, সহকাৰী কৃষি পৰিদৰ্শকসকল আৰু কৃষি সম্প্ৰসাৰণ বিষয়াসকল উপস্থিত থাকে৷ সভাত গোপাল হাজৰিকাই চৰকাৰী পঞ্জীয়নভূক্ত সংস্থাটোৱে মহাৰজত জয়ন্তী বৰ্ষত প্ৰতিজন কৃষকৰ মাটিত বছৰত দুটা বা তাতোধিক খেটি কৰি কৃষিৰ ক্ষেত্ৰত স্বাৱলম্বি কৰি তুলিবলৈ অসমৰ ১২৬ সমষ্টিত ১২৬ খন আদৰ্শ কৃষি গাঁও হিচাপে গঢ়ি তুলিব বুলি সদৰী কৰে৷ সভাত কৃষকৰ মাজত এটি পলি হাউচ, মালচিং পেপাৰ আৰু ১০ কুইণ্টল উন্নত জাতৰ বীজ কৃষকসকলৰ মাজত বিতৰণ কৰা হয়৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More