লখিমপুৰৰ লীলাবাৰীত উত্তৰ পূবৰ প্ৰথমতো উৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ শুভাৰম্ভ

কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফ্লেগ জোকাৰি মুকলি কৰিলে পাইলট প্ৰশিক্ষণ কেন্দ্ৰ

0 54

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১২ এপ্ৰিলঃ ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত উত্তৰ পূব ভাৰতৰ প্ৰথমটো উৰণ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ কৰে। ৰেডবাৰ্ড ফ্লাইট ট্ৰেইনিং একাডেমী প্ৰাইভেট লিমিটেডৰ জৰিয়তে মুকলি কৰা এই উৰণ প্ৰশিক্ষণ কেন্দ্ৰত উত্তৰ পূবৰ ৰাজ্যসমূহৰ প্ৰশিক্ষাৰ্থীয়ে পাইলট প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব বুলি সিন্ধিয়াই ব্যক্ত কৰে । বিয়লি তিনি বজাত লীলাবাৰী বিমান বন্দৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰত গঢ়াৰ আঁচনিৰ অংশ হিচাপে তথা আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ লক্ষ্যৰে এই কেন্দ্ৰ আনুষ্ঠানিক ভাৱে ফ্লেগ জোকাৰি শুভাৰম্ভ কৰে । উল্লেখ্য এই পাইলট প্ৰশিক্ষণ কেন্দ্ৰটোত সম্প্ৰতি ১২ জন প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু এইক্ষেত্ৰত চৰকাৰে আগন্তুক দিনত ১০ জন যুৱক-যুৱতীক প্ৰশিক্ষণৰ সুবিধা আগবঢ়াব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে ঘোষণা কৰে । আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- হিন্দুস্থান এৰ’নেটিক লিমিটেডে নিৰ্মাণ কৰি উলিওৱা এই অত্যাধুনিক বিমান সেৱাৰ জৰিয়তে ৰেডবাৰ্ড ফ্লাইট ট্ৰেইনিং একাডেমী প্ৰাইভেট লিমিটেডে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ নৱ প্ৰজন্মক সুবিধা প্ৰদান কৰিব । কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, ড॰ অমিয় ভূঞা, ভূৱন গাম আদিৰ উপস্থিতিত শুভাৰম্ভ কৰা এই প্ৰশিক্ষণ কেন্দ্ৰটো উত্তৰ পূবৰ প্ৰথমটো পাইলট প্ৰশিক্ষণ কেন্দ্ৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজি অসমবাসীৰ বাবে এটা ঐতিহাসিক দিন । এই প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে য’ত এজন ল’ৰাই গ্ৰাউণ্ড ট্ৰেইনিঙৰ পৰা ফ্লাইং ট্ৰেইনিঙৰ লৈকে লাইচেঞ্চ লৈ ওলাই আহিব পাৰে । অৰুণাচলৰ হলংগিৰ লগতে অসমৰ ৰূপশ্ৰী বিমান বন্দৰত কাৰ্যক্ষম কৰি তুলিবলৈ চৰকাৰে সকলো প্ৰচেষ্টা সম্পূৰ্ণ কৰি তুলিছে । শিলচৰত গ্ৰীনফিল্ড নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ কৰা হৈছে । অহা ২-৩ বছৰৰ ভিতৰত বিমান পৰিবহণৰ ক্ষেত্ৰত বহু আগুৱাই যাব বুলি মুখ্যমন্ত্ৰীজনে উল্লেখ কৰে । উল্লেখ্য যে এই প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধনৰ পিছতে বিমান বন্দৰৰ চৌহদত অনুষ্ঠিত হোৱা এখন সভাত কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More