লখিমপুৰৰ  শ্ৰমিকৰ অৰুণাচলত মৃত্যুকলৈ উত্তপ্ত পৰিস্থিতি

0 15
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২১ ফেব্ৰুৱাৰীঃ লখিমপুৰৰ  খেলমাটি আৰক্ষী চকীত কালি পুৱাই এক  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। লখিমপুৰৰ এজন শ্ৰমিকৰ অৰুণাচলত মৃত্যুক কেন্দ্র কৰি একাংশ লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লখিমপুৰৰ হাতীলুং ৰাওনাপুৰৰ আবুল হুছেইন নামৰ শ্ৰমিক জনে অৰুণাচলৰ আনিনি  নামৰ ঠাইত গৃহ নিৰ্মাণৰ কাম কৰি থাকোতে দেওবাৰে ওপৰৰ পৰা পৰি মৃত্যু হয়। ইয়াকে লৈ কালি  পূৱাবেলা মৃতদেহ আনি খেল মাটি চকীত পোৱাৰ পাছতে ৰাইজ উত্তেজিত হৈ পৰে।  শ্ৰমিক জনৰ পূৱা বেলাতে মৃত্যু হোৱাৰ পাছতো বিয়লিহে  পৰিয়ালক খবৰ দিয়া, ঠিকাদাৰৰ সলনি শ্ৰমিকে মৃতদেহ অনা, ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ দিবলৈ লওতে আৰক্ষীয়ে লবলৈ অস্বীকাৰ কৰা আদি অভিযোগ তুলি ৰাইজে আৰক্ষী চকী উত্তাল কৰাৰ লগতে মৃতদেহ চমজি লবলৈ অস্বীকাৰ কৰে।  পাছত আৰক্ষীৰ মধ্যস্থতাত পৰিস্থিতি নিয়ন্ত্ৰণ হয় ।
নিবনুৱা সন্থাৰ প্ৰতিক্ৰিয়া : সদৌ অসম নিবনুৱা সন্থা লক্ষীমপুৰ জিলা সমিতিৰ সভাপতি বিনোদ দাস আৰু সাধাৰন সম্পাদক ভূপেন সোনোৱালে এক প্ৰেছ বিজ্ঞপ্তি জৰিয়তে কয় যে, বৰ্তমান অসম চৰকাৰখনে নিবনুৱা সমস্যা সমাধান কৰিম বুলি কোৱা চতেও অসমত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। যাৰ পৰিপেক্ষিতত বহু নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসূত্ৰে বহিঃৰাজ্যলৈ ধাপলি মেলিব লগা হৈছে। নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসূত্ৰে বহিঃৰাজ্যলৈ গৈ মানসিক শাৰীৰিকভাৱে অত্যাচাৰ পোৱা লগতে মৃত্যুক সাৱটি লবলগীয়া হৈছে। এনে নিবনুৱা যুৱক যুৱতী সকলৰ ওপৰত বৰ্তমান অসম চৰকাৰে কোনোধৰনৰ ব্যৱস্থা গ্ৰহণ কৰা আমাৰ দৃষ্টিগোচৰ নহ’ল। শেহতীয়াকৈ যোৱা ইংৰাজী ১৯ ফেব্ৰুৱাৰীত  লখিমপুৰ চহৰ টাউন বান্তৌ আবুল হুছেইন নামৰ এজন নিবনুৱা যুৱকে বৰছলা জাকিৰ হুছেইন নামৰ ঠিকাদাৰ জনৰ লগত অৰুণাচল ৰাজ্যৰ আনিনিত কাম কৰিবলৈ গৈ মৃত্যুক সাৱটি লব লগীয়া হ ল। আবুল হুছেইনৰ পৰিয়ালে বিষয়টি খেলমাটি আৰক্ষী চকীত অৱগত কৰি আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈ এজাহাৰ দাখিল কৰা পাছতো আৰক্ষী চকী বিষয়া গৰাকীয়ে এজাহাৰ গ্ৰহণ নকৰিলে। এনে কাৰ্য্যত লখিমপুৰ জিলা নিবনুৱা সন্থাই আৰক্ষী প্ৰশাসনক ধিক্কাৰ দিয়া লগতে মৃতকৰ পৰিয়ালক উচিত ন্যায় প্ৰদান কৰিবলৈ লখিমপুৰ জিলাৰ প্ৰশাসন আৰু অসম চৰকাৰক দাবী জনাইছে  সদৌ অসম নিবনুৱা সন্থা লখিমপুৰ  জিলা সমিতিৰ সাধাৰন সম্পাদক  ভূপেন সোনোৱালে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More