লখিমপুৰৰ ৰাজপথত ড্ৰাগছ আসক্ত যুৱকৰ তাণ্ডৱ

গছকি ভাঙিলে বিলাসী বাহন

0 6

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ১৩ ডিচেম্বৰঃ লখিমপুৰ নগৰৰ মাজ মজিয়াত এজন ড্ৰাগছ আসক্ত যুৱকে এখন বিলাসী বাহন গছকি ভঙাৰ ঘটনাই সমগ্ৰ লখিমপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সোমবাৰে পুৱা দৈনিক বজাৰৰ মধু নামৰ ড্ৰাগছ আসক্ত যুৱকজনে নিচাত আসক্ত হৈ পথৰ দাঁতিত ৰাখি থোৱা এ এছ ০৭ এফ ৯৭৭৭ নম্বৰৰ আই ১০ নিউজ নামৰ বাহনখনৰ ওপৰত উঠি জঁপিয়াই জঁপিয়াই গাড়ীখন বিধবস্ত কৰাৰ লগতে খিৰিকীৰ আইনাসমূহ ভাঙি চুৰ্চুমৈ কৰে৷ উত্তৰ লখিমপুৰ নগৰৰ জ্যেষ্ঠ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ গোবিন শইকীয়াই নিজৰ গাড়ীখন এন টি ৰোডত ৰখাই থোৱাৰ সময়ত এই ঘটনা সংঘটিত হয়৷ এই ঘটনাৰ পিছতে মাতাল যুৱকজনক ৰাজপথত তাণ্ডৱৰ সৃষ্টি কৰাত কেবাঘণ্টা ধৰি পথত যানবাহন আৱদ্ধ হৈ পৰে৷ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে যুৱকজনক আটক কৰি লৈ যায়৷ উল্লেখ্য যে আজি কিছুদিনৰ পৰা লখিমপুৰ নগৰৰ লগতে ইয়াৰ আশে পাশে ড্ৰাগছৰ লগতে নিচাযুক্ত দ্ৰব্য সেৱন কৰা যুৱকৰ সংখ্যা উদ্বেগজনক ভাৱে বৃদ্ধি পাই আহিছে যদিও এই কাৰ্য ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ নগৰখনৰ খেলমাটি, মৈদমীয়া, চুতীয়াকাৰী, নকাৰী, বাইপাছ আদিত এতিয়া সঘনাই ড্ৰগাছ আসক্ত যুৱকৰ উপদ্ৰব বৃদ্ধি পাই আহিছে সেইয়া ৰোধ কৰাত আৰক্ষীয়ে ৰহস্যজনক ভাৱে মৌনতা অৱলম্বন কৰি আহিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More