লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত এম্বুলেন্সত উদ্ধাৰ চোকা অস্ত্ৰ, গাঞ্জা, সুৰাৰ বটল সহ বহু আপত্তিজনক সামগ্ৰী

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ এপ্ৰিলঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নৱ নিৰ্মিত মুখ্য প্ৰৱেশদ্বাৰত ৰৈ থকা এখন এম্বুলেন্সৰ ভিতৰত আজি বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ হোৱা কাৰ্যই লখিমপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ ইতিমধ্যে লীলাবাৰী আৰক্ষীয়ে এই আপত্তিজনক সামগ্ৰীসমূহ জব্দ কৰি অনুসন্ধান আৰম্ভ কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি আজি স্থানীয় একাংশ লোকৰ লগতে চিকিৎসালয় চৌহদৰ একাংশ এম্বুলেন্স চালকে এ এচ০৭ চি ৬৫০১ নম্বৰৰ এম্বুলেন্সখনৰ পিছফালৰ ভৰি দি উঠা অংশত এটা কনডম পৰি থকা দেখা পাই ভিতৰতো তেনে সামগ্ৰী থকা বুলি সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে আহি এম্বুলেন্সখনত তালাচী চলোৱাত এম্বুলেন্সখনৰ ভিতৰত এখন প্ৰকাণ্ড মিট দা [চোকা অস্ত্ৰ]ৰ লগতে এটা কাৰ্টনৰ ভিতৰত কেবাটাও মদৰ বটল, পাঁচটাকৈ গাঞ্জাৰ টোপোলা, তাচপাত, খালী গিলাচ, কনডমৰ পেকেট আদি আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে৷ তথ্য অনুসুৰি উক্ত ব্যক্তিগত এম্বুলেন্সখনৰ গৰাকী হৈছে চৰাইমৰীয়াৰ পোৱাল কোঁচ৷ আৰক্ষীৰ সন্মুখত কেবাজনো লোকে কয় যে উক্ত এম্বুলেন্সখন কোনোদিনে ভাড়াত যোৱা নাছিল আৰু ইয়াৰ বিপৰীতে এম্বুলেন্সখন সদায় লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত ৰাখি থোৱাত এম্বুলেন্সখনৰ ভিতৰত এনে কাৰ্য সংঘটিত হৈ আহিছিল৷ এই সন্দৰ্ভত স্থানীয় কেইজনমান এম্বুলেন্স চালকে লখিমপুৰৰ জিলা পৰিবহণ বিষয়াক লিখিত ভাৱে অৱগত কৰাৰ পিছতো বিভাগটোৱে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বুলি আজি ঘটনাস্থলীত তেওঁলোকে ক্ষোভ ব্যক্ত কৰে৷ ঘটনা সন্দৰ্ভত লীলাবাৰী আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More