লখিমপুৰ জিলাত সাজু  ৭০০ বিহুৱা-নাচনী

১০ এপ্ৰিলত পূৰ্ণ প্ৰস্তুতিৰে ৰাওনা হ'ব গুৱাহাটী লৈ

0 16

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ৮ এপ্ৰিলঃ বিশ্ব দৰবাৰত বিহুক জিলিকাবলৈ অসম চৰকাৰে লোৱা পদক্ষেপক ভিত্তি কৰি লখিমপুৰ জিলা প্ৰশাসনে যোৱা এমাহে ৭০০ বিহুৱা তথা নাচনীক জিলাখনৰ পৰা বাচনি কৰি তেওঁলোকক বিহুৰ আখৰা কৰাই অহা ১০ এপ্ৰিলত গুৱাহাটী অভিমুখে যাত্ৰা কৰোৱাৰ পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। তথ্যমতে, এই বৃহৎ দলটিত ১৫ বছৰৰ পৰা ৩৫ বছৰ বয়সৰ ভিতৰৰ ৪৯০ গৰাকী নাচনী আৰু ১৫ বছৰৰ পৰা ৫৫ বছৰ বয়সৰ ভিতৰৰ ২১০ গৰাকী বিহুৱাক জিলা প্ৰশাসনে নিৰ্বাচন কৰিছে। নিৰ্বাচিত এইসকল বিহুৱা তথা নাচনীক লৈ জিলা প্ৰশাসনে লখিমপুৰ নগৰস্থিত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অহা ৯ এপ্ৰিলত এখন মেগা প্ৰতিযোগিতা প্ৰদৰ্শনীৰূপে অনুষ্ঠিত কৰিব। নাৰায়ণপুৰ, নাওবৈচা, লখিমপুৰ তথা ঢকুৱাখনা ৰূপে চাৰিটা গ্ৰুপত বিভক্ত কৰা উল্লিখিত ৭০০ বিহুৱা তথা নাচনীক ইতিমধ্যে জিলা প্ৰশাসনে পাঁচদিনীয়া প্ৰশিক্ষণৰ বিপৰীতে ১৫০০ টকাকৈ আৰু গুৱাহাটী অভিমুখে যাত্ৰা কৰাৰ খা-খৰছৰূপে ৩০০০ টকাকৈ আগবঢ়াইছে। জানিব পৰা মতে, ১৬ গৰাকী প্ৰশিক্ষক, ১৫ গৰাকী দণ্ডাধীশ পৰ্যায়ৰ বিষয়া, পাঁচজনীয়া চিকিৎসা কৰ্মীৰ দল তথা আৰক্ষীৰ দলে অহা ১০ এপ্ৰিলত ২১ খন বাছৰ জৰিয়তে উল্লিখিত বিহুৱা-নাচনী সকলক গুৱাহাটীলৈ বুলি লৈ যাব। ইতিমধ্যে লখিমপুৰ জিলাৰ পৰা যাব লগা এই বিহুৱা-নাচনী সকল থাকিব পৰাকৈ অসম চৰকাৰৰ তৰফৰ পৰা গুৱাহাটীত ১৭ খন হোটেল ঠিক কৰি দিছে বুলি জানিব পৰা গৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More