লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ সংবাদমেল

ত্যাগক্ষেত্ৰত একেদিনাই সম্পন্ন হ’ব এহেজাৰ দম্পতীৰ ‘সামূহিক বিবাহ’

0 16
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৮  অক্টোবৰঃ লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত অহা ১৪ অক্টোবৰত এহেজাৰ দম্পতীয়ে একেলগে বহিব সামূহিক বিবাহত৷ ইতিমধ্যে এই দম্পতীসকলে বিবাহ সংস্কাৰ সমিতিৰ ওচৰত নিজৰ নাম পঞ্জীয়ন কৰিছে৷ এই কথা জানিবলৈ দিছে লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিয়ে৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত দুপৰীয়া অনুষ্ঠিত হোৱা এখন সংবাদমেলত লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ হৈ কাৰ্যালয় প্ৰমুখ তপন কুমাৰ বেজবৰুৱা, প্ৰচাৰ প্ৰমুখ মজিন সোণোৱাল আৰু জিলা বিবাহ সংস্কাৰ সমিতিৰ সাধাৰণ সম্পাদক ভৱ বুঢ়াগোঁহায়ে কয় যে ইতিপূৰ্বে তেওঁলোকে চলিত বৰ্ষত বগীনদী, লখিমপুৰ আৰু হাৰমতীত ক্ৰমে ২৭৩, ২৪৪ আৰু ৫৮৫ যোৰা দম্পতীৰ সামূহিক বিবাহ সুকলমে সম্পন্ন কৰাৰ পিছত অহা ১৪ অক্টোবৰ শুক্ৰবাৰে লখিমপুৰৰ ত্যাগক্ষেত্ৰত ৰ হাজাৰ যোৰা দম্পতীৰ সামূহিক বিবাহ জিলা ভিত্তিত অনুষ্ঠিত কৰিছে৷ লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু দ্যা হাঞ্চ ফাউণ্ডেচনৰ সহযোগত এই সামূহিক বিবাহৰ আয়োজন কৰা হৈছে৷ তেওঁলোকে কয় যে বহু দম্পতীয়ে বিভিন্ন পন্থাৰে দাম্পত্য জীৱন আৰম্ভ কৰিয়েই বছৰ বছৰ ধৰি আৰ্থিককে ধৰি অন্যান্য বহু সমস্যাৰ বাবে বিবাহ সংস্কাৰ হোৱাৰ পৰা বঞ্চিত হৈ আহিছে৷ তেওঁলোকৰ প্ৰবল ইচ্ছা থকা স্বত্বেও এইসকলে আজি কোপতি সংস্কাৰিত হ’ব পৰা নাই৷ তেনে ব্যক্তিসকলক সামাজিক তথা ধৰ্মীয় ৰীতি-নীতিৰে সমাজৰ লগত একাত্ম হ’ব পৰাকৈ উত্তৰণ ঘটোৱাৰ লক্ষ্যৰে দেশৰ অন্যতম সামাজিক তথা স্বেচ্ছাসেৱী সংগঠন দ্যা হাঞ্চ ফাউণ্ডেচনে বিশেষ ভাৱে সামূহিক বিবাহ অনুষ্ঠিত কৰি সহায় কৰি আহিছে৷ এইবাৰ ত্যাগক্ষেত্ৰত সম্পূৰ্ণ হিন্দু ধৰ্মৰ পৰম্পৰাৰে বৈদিক, বিধিপাঠ, শলিতা জ্বলোৱা পৰম্পৰা আৰু ভকতীয়া পদ্ধতিৰে বিবাহ সম্পন্ন কৰা হ’ব বুলি উদ্যোক্তাসকলে সংবাদমেলত সদৰি কৰে৷ সম্পূৰ্ণ বিনামূলীয়াকৈ এই দম্পতীসকলক বিবাহ কৰাই দিয়াৰ লগতে তেওঁলোকক দৰা কইনাৰ সাজপাৰৰ লগতে ন্যূনতম নিত্য ব্যৱহাৰ্য সামগ্ৰী আদি উপহাৰ হিচাপে প্ৰদান কৰা হব বুলি কয়৷ সেইদিনাৰ অনুষ্ঠানত দ্যা হাঞ্চ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক ভোলে মহাৰাজ আৰু মাতা মঙ্গলাজীয়ে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব৷ অতিথি আৰু দৰা কইনা সকলৰ বাবে বিবাহস্থলীত নিৰামিষ খাদ্যৰো ব্যৱস্থা কৰিছে বিবাহ সংস্কাৰ সমিতিয়ে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More