লখিমপুৰ নগৰৰ মাজ মজিয়াত বৃহৎ বৃহৎ গছে নমাই আনিছে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা

সঘনাই অহা ধুমুহা বতাহে ঘনীভূত কৰিছে এনে আশংকা

0 34

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ. লখিমপুৰ, ৬ জুলাইঃ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিশেষকৈ বাৰিষাৰ সময়ত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ বহু লোকৰ অকালতে মৃত্যু হোৱা ঘটনাৰ সময়তে লখিমপুৰ নগৰৰ মাজমজিয়াত থকা কেবাজোপা বৃহৎ বৃহৎ গছে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কঢ়িয়াই আনিছে৷ পৰিতাপৰ কথা যে বহু সময়ত পথত গছ বাগৰি যানাবাহনৰ ওপৰত পৰাৰ ফলতো বহুলোকে প্ৰাণ হেৰুৱাই আহিছে৷ এনে সময়তে লখিমপুৰ নগৰৰ পথৰ দাঁতিত পথৰ ওপৰলৈকৈ হাউলি থকা প্ৰকাণ্ড প্ৰকাণ্ড গছে এনে দুৰ্ঘটনাৰ আশংকা কঢ়িয়াই আনিছে৷ বিশেষকৈ উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়া তথা লখিমপুৰ জিলা পৰিষদৰ সন্মুখত ড॰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ কাষত থকা [কৰ্ট তিনিআলি] দুজোপা প্ৰকাণ্ড ইউক্লিপটাছ গছ পথৰ ওপৰত হাউলি থকাত যিকোনো সময়ত এই গছ দুজোপা পথৰ ওপৰত বাগৰি পৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে৷ লক্ষণীয় কথা যে কৰ্ট তিনিআলিৰ এই গছ দুজোপা অতি পুৰণি আৰু দুয়োজোপা গছেই পথৰ পৰা প্ৰায় এফুট-ডেৰফুট দুৰত্বৰ পৰাই পথৰ ওপৰত হাউলি থকা কাৰ্যই বহু লোকক শংকিত কৰি তুলিছে৷ উল্লেখনীয় কথা যে এই ব্যস্তপূৰ্ণ পথটোৰ ওপৰেৰে দিনে নিশাই হাজাৰ হাজাৰ যান বাহনে যাতায়াত কৰাৰ লগতে দূৰণীবটীয়া যাত্ৰীবাহী বাছ আৰু অন্যান্য ব্যক্তিগত বাহন সমূহেও ২৪ ঘণ্টাই যাতায়াত কৰিব লগা হয়৷ তেনেস্থলত পথৰ ওপৰত হাউলি থকা গছ দুজোপাই যিকোনো মূহুৰ্তত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কঢ়িয়াই আনিছে৷ একেদৰে লখিমপুৰ নগৰৰ মাজমজিয়াৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সমীপত, জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত, টাউন মডেল স্কুলৰ সন্মুখত, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখকে ধৰি বিভিন্ন স্থানত এনেদৰে বহু গছে দুৰ্ঘটনাৰ আশংকা প্ৰকট কৰি তুলিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More