লখিমপুৰ সংগীত মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি

মূল তোৰণ উন্মোচন প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাৰ

0 33

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৭ এপ্ৰিলঃ লখিমপুৰৰ ঐতিহ্যমণ্ডিত সাংস্কৃতিক অনুষ্ঠান লখিমপুৰ সংগীত মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে৷ প্ৰথমদিনাৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ড॰ মুকুন্দ ৰাজবংশীয়ে৷ স্মৃতিতৰ্পণ কৰে লখিমপুৰ সংগীত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জীৱ বৰুৱাই৷ এই অনুষ্ঠানৰ পিছতে পুৱা ১০ বজাত মহাবিদ্যালয়খনৰ নৱ নিৰ্মিত ডাঃ বেণীমাধৱ দত্তৰ সোৱৰণীত মূল তোৰণ উন্মোচন কৰে প্ৰবীণ ৰাজনীতিক তথা প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাই৷ তোৰণ উন্মোচন উপলক্ষে অনুষ্ঠিত সভাত উন্মোচক প্ৰেমধৰ বৰাই নিজৰ ভাষণ প্ৰসংগত কয় ৯৩ বছৰ বয়সতো আহি ৰাইজৰ আৰ্শীবাদত লখিমপুৰৰ ঐতিহ্যমণ্ডিত এই সাংস্কৃতিক অনুষ্ঠানটিৰ মূল তোৰণ উন্মোচন কৰিবলৈ পাই মই অতিকৈ সুখী হৈছো৷ প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে নিজৰ চমু ভাষণত সংগীত মহাবিদ্যালয়খন স্থাপন আৰু ইয়াৰ উত্তৰণৰ ক্ষেত্ৰত লখিমপুৰৰ স্বনামধন্য ব্যক্তি হলধৰ দুৱৰা, প্ৰয়াত ডাঃ বেণী মাধৱ দত্তকে ধৰি বিভিন্নজনৰ অৱদানৰ কথা সোঁৱৰি ৰাজ্যখনৰ শিক্ষা, সাহিত্য, সংস্কৃতি, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰলৈ লখিমপুৰৰ বহু সু-সন্তানে আগবঢ়াই অহা বৰঙণিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে৷ এই উন্মোচনী সভাত প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীৰ উপৰি প্ৰবীণ ক্ৰীড়াবিদ হলধৰ দুৱৰা, বিশিষ্ট শিক্ষাবিদ ড॰ মুকুন্দ ৰাজবংশী, প্ৰায়ত ডাঃ বেণীমাধৱ দত্তৰ সহধৰ্মীনি অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী তথা সু লেখিকা তগৰৱালা দত্ত উপস্থিত থাকে৷ উল্লেখ্য যে ডাঃ বেণীমাধৱ দত্ত সোৱৰণী মূল তোৰণখন তেখেতৰ দুই পুত্ৰ অশ্বিনী মাধৱ দত্ত আৰু ননীমাধৱ দত্তই আগবঢ়ায়৷ এই অনুষ্ঠানৰ পিছতে মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সন্মিলন আৰু দুপৰীয়া ১.৩০ বজাৰ পৰা মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়৷ আনহাতে কাইলৈ কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী অন্তৰংগ আলাপ আৰু সন্ধ্যা ৬ বজাত উপায়ুক্ত সুমিত সাত্তাৱনে উদ্বোধন কৰিব লগা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More