লখিমপুৰ সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পত ৩৩ কোটি টকাৰ সামগ্ৰী যোগানত নিম্নমানৰ সামগ্ৰী যোগান দুই ঠিকাদাৰী প্ৰতিষ্ঠানৰ

কোটি কোটি টকাৰ পানী মেছিন, আটা মিল, মৰণা মৰা যন্ত্ৰ যোগানৰ নামত ব্যাপক অনিয়ম

0 152

শতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ,২৭ জুলাইঃ লখিমপুৰৰ সমন্বিত জন-জাতি উন্নয়ন প্ৰকল্পৰ অধীনত প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ত জনজাতীয় লোকসকলক বিভিন্ন সামগ্ৰী যোগানৰ নামত এতিয়া ৩৩ কোটি টকাৰ নিম্নমানৰ সামগ্ৰী যোগানৰ অভিযোগ উত্থাপিত হৈছে৷ গুৱাহাটীৰ দুই ঠিকাদাৰী প্ৰতিষ্ঠান ট্ৰেড চাপ্লাই ইণ্ডিয়া আৰু জে. কে. ইঞ্জিনীয়াৰিং এণ্ড এগ্ৰ চাৰ্ভিচে এনে সামগ্ৰী যোগান ধৰাৰ তথ্য পোহৰলৈ আহিছে৷ গুৱাহাটী ছয় মাইলৰ ভি. আই. পি. ৰোডত থকা জে. কে. ইঞ্জিনীয়াৰিং আৰু গুৱাহাটী বেটকুচিৰ ছাহি পথ আহোম গাঁৱত থকা ট্ৰেড চাপ্লাই ইণ্ডিয়াই ২০২২-২৩ বৰ্ষত লখিমপুৰৰ সংহত জন-জাতি উন্নয়ন প্ৰকল্পলৈ আটা মিল, মৰণা মৰা যন্ত্ৰ, পানী মেছিন আদি যোগান ধৰিছে যদিও এই সামগ্ৰীসমূহ অতি নিম্ন মানৰ বুলি অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্য তথ্য অনুসৰি লখিমপুৰ জিলাৰ ১৫৬ খন ৰাজহ গাঁৱলৈ প্ৰতি গাঁৱৰ নামত প্ৰধান মন্ত্ৰী আদি আদৰ্শ গ্ৰাম্য যোজনাৰ অধীনত ২০ লাখ ৩৮ হাজাৰ টকাৰ সামগ্ৰী যোগানৰ নিৰ্দেশ লাভ কৰে৷ সেই মৰ্মে লখিমপুৰৰ জন-জাতি অধ্যুষিত অঞ্চল সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এনে বৃহৎ পৰিমাণৰ ধন আৱণ্টন হোৱাৰ পিছত সামগ্ৰী যোগনীয়াৰ প্ৰতিষ্ঠানে ইয়াৰে আটা মিল, ধানৰ মৰণা মৰা যন্ত্ৰ, পানী মেছিন আদি যোগান ধৰিছে যদিও এই পৰ্যন্ত তেলপেৰা মেছিন আৰু চ’লাৰ পাম্পছেট যোগান ধৰা নাই৷ প্ৰাপ্ত তথ্য অনুসৰি প্ৰতিখন ৰাজহ গাঁৱৰ একোটাকৈ আত্মসহায়ক গোটৰ বাবে ১১ লাখ টকাৰ সামগ্ৰী যোগানৰ লগতে ৬.৬৮ লাখ টকাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এই ধন আৱণ্টন হয়৷ লখিমপুৰৰ ১৫৬ খন ৰাজহ গাঁৱলৈ আৱণ্টিত ৩৩ কোটি ৬২ লাখ ৭০ হাজাৰ টকাৰ সামগ্ৰী আৱণ্টন হোৱাৰ পাছত এই পৰ্যন্ত প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়টোৱে ১২৭ টা আত্মসহায়ক গোটকহে এনে সামগ্ৰী যোগান ধৰিছে৷ ঠিকাদাৰী প্ৰতিষ্ঠানে যোগান ধৰা ৱাটাৰ পাম্পছেট ব্যৱহাৰৰ পূৰ্বেই ফুটা ওলোৱা কাৰ্যই নিম্ন মানৰ সামগ্ৰী যোগানৰ তথ্য পোহৰলৈ আনিছে৷ ঠিকাদাৰী প্ৰতিষ্ঠানদ্বয়ে যি সমূহ আটা মিল যোগান ধৰিছে সেই সমূহত কোম্পানীৰ মোহৰ নথকা কথাটোৱে সকলোকে আচৰিত কৰি তুলিছে৷ প্ৰাপ্ত তথ্য অনুসৰি প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়টো তথা সমন্বিত জন-জাতি উন্নয়ন প্ৰকল্পটোৰ অধ্যক্ষ, উপাধ্যক্ষ আদিৰ অজ্ঞাতে এনে সামগ্ৰী যোগান ধৰা হৈছে৷ ইতিমধ্যে ঠিকাদাৰী প্ৰতিষ্ঠানে নিম্ন মানৰ সামগ্ৰী যোগান ধৰা বুলি জন-জাতীয় সংগঠনে জানিব পাৰি জন-জাতীয় লোকসকলক প্ৰতাৰণা নকৰিবলৈ সকীয়াই দিছে৷ ইয়াৰ অন্যথা শীঘ্ৰে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও অৱগত কৰিছে৷ তাৎপৰ্যপূৰ্ণ কথা যে কাৰ্যালয়টোলৈ আৱণ্টান হোৱা এনে সামগ্ৰী সমূহ কোনে সংগ্ৰহ কৰিছে বা কোনো যোগান ধৰিছে সেই বিষয়ে সৰ্বসাধাৰণ জন-জাতীয় লোকসকলৰ লগতে সমন্বিত জন-জাতি উন্নয়ন পৰিষদখনো অজ্ঞ বুলি অভিযোগ উঠিছে৷ এই ক্ষেত্ৰত প্ৰকল্প সঞ্চালকজনৰ ভূমিকাকো একাংশ লোকে তীব্ৰ সমালোচনা কৰিছে৷ ইতিমধ্যে ১২৭ টা গোটৰ ১০৮ টা গোটক এনে সামগ্ৰী যোগান ধৰা হৈছে বুলি বিভাগীয় তথ্যত প্ৰকাশ৷ প্ৰকল্প সঞ্চালক মিনাক্ষী পেমেই মন্ত্ৰী বিধায়কৰ অজ্ঞাতে কোনো সভা সমিতি অনুষ্ঠিত নকৰাকৈ তথা এনেদৰে সামগ্ৰীসমূহ ৰাজহুৱাকৈ বিতৰণ নকৰি নিজ খেয়াল খুচিৰে বিতৰণ কৰা কাৰ্যৰ বিৰুদ্ধে ইতিমধ্যে জিলা উপায়ুক্তক অভিযোগ দাখিল কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More