লোক বাদ্য সৃষ্টিৰ আন এক নাম নিমাইজানৰ দ্বিজেন গগৈ

 হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো এদিন

0 50

নিমাইজানৰ পৰা খলিলুৰ ৰহমান হাজৰিকা, ১৩ এপ্ৰিলঃ WhatsApp Image 2023 04 11 at 3.27.55 PM 1ৰঙালী বিহু লৈ মাজত মাথো এটা দিন। প্ৰতিজন অসমীয়াৰেই গা সাতখন আঠখন ৷ ৰাজ্যৰ চুকে কোনে গাঁৱে ভূঞে হেঁপাহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি৷ চতৰ আৰম্ভনিতেই কুলিৰ মৌ মিঠা মাতষাৰৰ পৰাই চহৰ নগৰ আন্দোলিত হৈ উঠিছে ঢ়োল পেঁপা গগণাৰ মাতত৷ পিছ পৰি ৰোৱা নাই ঐতিহাসিক শিৱসাগৰ জিলাও৷ এফালে বিহুক বিশ্বৰ দৰবাৰত অভিলেখৰ মাজেৰে প্ৰতিস্থাৰ বাবে চৰকাৰী উদ্যোগত যুদ্ধকালীন তৎপৰতা চলি থকাৰ মাজতেই শিৱসাগৰৰ চুবুৰীয়ে চুবুৰীয়ে উঠিছে ঢ়োলৰ গুমগুমনি৷ সৰ্বস্তৰৰ নাগৰিকৰ এনে উৎসাহৰ মাজতেই শিপাৰ সৈতে সংপৃক্ত হৈ থকা শিৱসাগৰ নিমাইজানৰ লোকশিল্পৰ এজন নিৰৱ সাধক৷ থলুৱা লোক বাদ্যৰ লগতে অসাধৰণ সৃষ্টিৰ অন্য এক নাম শিৱসাগৰৰ লোক শিল্পী দ্বিজেন গগৈ। প্ৰচাৰৰ পৰা সদায় আঁৰত থকা এসময়ৰ অ’এনজিচিৰ এগৰাকী সফল বিষয়া হিচাবে অৱসৰ গ্ৰহণ কৰা দ্বিজেন গগৈয়ে দীৰ্ঘ সময় ধৰি লোক বাদ্য সৃষ্টিত নিজকে নিমগ্ন ৰাখিছে ৷ প্ৰায় তিনিটা দশক ধৰি এই গৰাকী লোক বাদ্য নিৰ্মাতা শিল্পীয়ে থলুৱা পৰম্পৰাগত বিহুৰ লোক বাদ্য সমূহ নৱ প্ৰজন্মক চিনাকি কৰাই আহিছে৷ ক্ৰমাৎ সময়ৰ সোঁতত হেৰাই যাব খোজা অসমীয়া জাতিৰ স্বাভিমান স্বৰূপ থলুৱা বাদ্যক শিপাৰ সৈতে সংপৃক্ত কৰি ধৰি ৰখাৰ চেষ্টাত ব্ৰতী থকা মানুহ গৰাকীয়েই শিল্পী দ্বিজেন গগৈ। এক দীঘলীয়া সময় নিৰৱচ্চিন্নভাৱে এই গৰাকী ব্যক্তিয়ে কোনো ধৰণৰ প্ৰচাৰ নোহোৱাকৈ নিজৰ দায়িত্ব হিচাপে কৰি গৈছে লোক বাদ্যৰ সৃষ্টি ৷ কেৱল ধন ঘটাৰ মাধ্যম তথা পেছাৰ পৰিৱৰ্তে সঁচা অৰ্থত এক জাতীয় স্বাৰ্থ সন্মুখত ৰাখি ইটোৰ পিছত সিটো লোক বাদ্য সম্পুৰ্ণ থলুৱা পদ্ধতিৰে নিৰ্মাণ কৰি যোৱা দ্বিজেন গগৈৰ নিমাইজানৰ বাসগৃহত আছে ১৫০ৰো অধিক লোক বাদ্য ৷ শিল্পী দ্বিজেন গগৈৰ বাসগৃহত আছে নিজে অন্যতম অভিলেখ সৃষ্টি কৰা ১৬ ফুট দৈঘ্যৰ বাঁহী, বাঁহৰ পেঁপাৰ লগতে আছে, ঢোল, পেঁপা, সুতুলী, গগণা, টোকাৰী আদি নানা ধৰনৰ লোকবাদ্যৰ সম্ভাৰ৷ ইয়াৰোপৰি এই গৰাকী নিৰৱ লোক বাদ্য শিল্পী দ্বিজেন গগৈৰ বাস গৃহত শিল্পী গৰাকীয়ে থলুৱা বাদ্য সমূহ বনোৱাৰ বাবে এটা আটক ধুনীয়া থলুৱা কাৰখানা সদৃৰ্শ বিপনীও নিৰ্মাণ কৰি লৈছে ৷ এই কাৰখানা সংলগ্ন বিপনীৰ পৰা দ্বিজেন গগৈয়ে নিজ হাতে তৈয়াৰ কৰা লোক বাদ্য সমুহ বিক্ৰী কৰাৰ লগতে বিহুৰ বতৰত দূৰদূৰণীৰ ক্ৰেতায়ে ভিৰ কৰেহি লোক শিল্পীজনৰ নিমাইজানৰ ঘৰত। অসম-ভাৰতৰ লগতে ভাৰতবৰ্ষৰ বাহিৰলেও তেওঁ বাদ্য যন্ত্ৰ সমূহ বিক্ৰী হয়। উল্লেখ্য যে সমগ্ৰ ৰাজ্যজুৰি বিশেষ ভাৱে চৰ্চিত শিল্পী দ্বিজেন গগৈৰ সৃষ্টিত প্ৰাণ পাই উঠা লোক বাদ্যৰ নিৰ্মাণ শৈলী স্বচক্ষে প্ৰত্যক্ষ কৰাৰ বাবে দেশী বিদেশী পৰ্য্যটকৰ লগতে বিভিন্ন বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰয়ো ভিৰ কৰাতো অন্যতম গৌৰৱৰ বিষয় হৈ পৰিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More