শক্তি বিভাগত বহুবছৰ ধৰি নিযুক্ত হৈ থকা ১২০০ অস্হায়ী কৰ্মচাৰীৰ পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা

১২ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিলৈ অবিৰত কৰ্মবিৰতি ঘোষণা সদৌ অসম অস্হায়ী বিল ক্লাৰ্ক আৰু মিটাৰ ৰিডাৰ কৰ্মী সন্হাৰ

0 23

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৫ এপ্ৰিল : অসম চৰকাৰৰ শক্তি বিভাগ তথা শক্তি খণ্ডৰ উত্তৰ সুৰী কোম্পানী ক্ৰমে APDCL ,AEGCL আৰু APGCL ত বহু বছৰ ধৰি স্থায়ী ভাৱে কৰ্মৰত হৈ অস্থায়ী পদত বিল ক্লাৰ্ক, মিটাৰ ৰিডাৰ, কম্পিউটাৰ অপাৰেটৰ, পিয়ন , চকীদাৰ, সহায়ক আৰু চুইপাৰ হিচাপে বিভিন্ন পদত সেৱা আগবঢ়াই ৰাজ্যখনৰ প্ৰায় ১২০০ অস্হায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ দূৰৰে কথা এই কৰ্মচাৰী সকলে দীৰ্ঘদিন ধৰি উত্থাপন কৰি ন্যাৰ্য দাবীৰ ক্ষেত্ৰত চৰকাৰ আৰু বিভাগে কোনো গুৰুত্বই নিদিয়াত এই হাজাৰ হাজাৰ অস্হায়ী কৰ্মচাৰীৰ পৰিয়াললৈ অশনি সংকেত নামি আহিছে। বিগত সময়ত বহুবাৰ এই কৰ্মচাৰী সকলে তেওঁলোকৰ সমস্যাৰ সন্দৰ্ভত চৰকাৰ আৰু বিভাগক অৱগত কৰিও কোনো সুফল নোপোৱাত এতিয়া এই কৰ্মচাৰী দিশহাৰা হৈ পৰাৰ পিছত পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হৈ পৰিছে। এই সন্দৰ্ভত আজি তেজপুৰত সদৌ অসম অস্হায়ী বিল ক্লাৰ্ক আৰু মিটাৰ ৰিডাৰ কৰ্মচাৰী সন্থাৰ সভাপতি প্ৰাঞ্জল বৰুৱা আৰু সম্পাদক নিপেন বৰাই কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰিছে যে,
এই কৰ্মচাৰী সকলৰ সকলো কথা বহু বছৰৰ পৰা অসমৰ মুখ্য মন্ত্ৰী, অসমৰ শক্তিমন্ত্ৰী, অসম শক্তি বিভাগৰ বিজুলী ভৱনকো অৱগত কৰি আহিছো। তেওঁলোকে এই সকলো স্তৰৰ কৰ্মীক স্থায়ী ভাৱে নিয়মীয়া কৰনেৰে সমাধান কৰা হব বুলি প্ৰতিশ্ৰুতিও দিছিল । বহু সংখ্যক কৰ্মীয়ে নিজৰ চাকৰিটোৰ সুৰক্ষাৰ স্বাৰ্থত শেহতীয়াকৈ গুৱাহাটি উচ্চ ন‍্যায়লয়ৰ দ্বাৰস্থ হৈছিল আৰু ন‍্যায় পাবলৈও সক্ষম হৈছিল । কিন্তু দুখৰ বিষয় বিজুলী ভৱন তথা শক্তি বিভাগে এই সকলো কৰ্মীক দৰমহা দিবলৈ ৰাজহ নাই বুলি, ৰাজহৰ অভাৱত দিব পৰা নহব বুলি মৌখিক অৰ্ডাৰৰ জৰিয়তে প্ৰকাশ কৰাহঃ দেখা গল । ইয়াৰোপৰি বহু সংখ্যক অস্থায়ী কৰ্মীক আজি লৈকে বিজুলী ভৱনৰ অস্থায়ী কৰ্মী বুলি সঠিক ভাৱে স্বীকৃতি প্ৰদান নকৰিলে, ফলত তেওঁলোকক বিভাগৰ আমি আগৰ পৰাই কৈ অহাৰ দৰে কোনো ধৰনৰ লিখিত পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে অস্থায়ী কৰ্মী সকলৰ চাকৰিটো স্থায়ী ভাৱে নিয়মীয়া কৰণ কৰক । বহু বাৰ আমি অনুৰোধ কৰাৰ পিছতো তেওঁলোকে আমাৰ বিষয়টো পিছুৱাই নিয়েই আছে ,কিন্তু প্ৰশ্ন হল, যদি বিজুলী বিভাগত ৰাজহেই নাই তেন্তে শেহতীয়াকৈ যি অভিযন্তা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে , তেন্তে সেই ৰাজহ হঠাৎ কৰপৰা আহিল ??? বৰ্তমান আমাৰ অস্থায়ী কৰ্মী সকলৰ ভৱিষ্যত অন্ধকাৰ দিশত আছে । আমাৰ অস্থায়ী কৰ্মী সকলৰ পৰিয়ালৰ দায়িত্ব কোনে লব ? যি হেতু জীৱনৰ আধা সংখ্যক বয়স বিজুলী ভৱনৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত সময় দিলে । বহু কৰ্মীক বিভিন্ন অজুহাত দেখুৱাই কামৰ পৰা উলিয়াই দিছে। এতিয়াও বহু সংখ্যক অস্থায়ী কৰ্মীয়ে ঘৰে ঘৰে বিল বনাই ৰাজহ সংগ্ৰহ কৰি বিজুলী ভৱনক ৰাজহৰ যোগান ধৰি আহিছে। বহু বিদ‍্যুৎ উপ সংমণ্ডলত smart meter /Prepaid meter সংস্থাপনৰ ফলত বহুতৰে কাম প্ৰায়েই নাইকীয়া হৈ আহিছে। গতিকে এই কৰ্মী সকল এতিয়া দিশহাৰা হৈ পৰিছে বুলি উল্লেখ কৰি এই কামৰ জৰিয়তে বহু পৰিয়াল পোহ-পাল দিবলৈ কষ্টৰ সম্নুখীন হৈছে আৰু সেয়েহে, “সদৌ অসম অস্থায়ী বিলক্লাৰ্ক /মিটাৰ ৰিডাৰ কৰ্মী সন্থা “ই এই সকলো সমস্যা আৰু সকলো স্তৰৰ কৰ্মীৰ ওপৰত হোৱা অন‍্যায়ৰ বিৰুদ্ধে , অনিশ্চা স্বত্বেও গণতান্ত্ৰিক মাধ‍্যমেৰে অহা ১২ এপ্ৰিল তাৰিখ বুধবাৰ পুৱা ১০ বজাৰ পৰা ৩০ এপ্ৰিল তাৰিখৰ বিয়লি ৪বজা লৈ অবিৰত ভাৱে কৰ্ম বিৰতি ঘোষণা কৰিবলৈ বাধ্য হৈ পৰিছোঁ । বিবৃতিটোত ইয়াৰ পিচতো যদি শক্তি বিভাগ ,তথা বিজুলী ভৱনে দাবী সমুহ সফল ৰূপায়ন নকৰে তেতিয়া অহা ২ মে’ তাৰিখ মংগল বাৰে,পুৱা ১১ বজাৰ পৰা বিজুলী ভৱনৰ সম্নুখত অনিৰ্দিষ্ট কাললৈ আমৰণ অনশনৰ দৰে ভয়াৱহ কাৰ্য্য সূচী লবলৈ বাধ‍্য হব বুলি জানিবলৈ দি এই সময় চোৱাত যদি কোনো এজন কৰ্মীৰ স্বাস্থ্যৰ অৱনতি হয় বা স্বাস্থ‍্য জনিত কাৰণত বেয়া পৰিবেশ ,পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া আমি জগৰীয়া নহম, এই ক্ষেত্ৰত কৰ্তৃপক্ষৰ লগতে চৰকাৰহে জগৰীয়া হব বুলি উল্লেখ কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More