ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ ফেব্ৰুৱাৰীঃ সুদূৰ মালয়েছিয়াত যোৱা ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু লোক নৃত্যৰ এক আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি তেজপুৰৰ অন্যতম নৃত্যানুষ্ঠান “নৃত্যশালা” ৰ শিক্ষাৰ্থী তথা তেজপুৰৰ অল ছেইন্ট ডায়চিছেন স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী সাৰণ্যা মহন্তই সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত আহ্লাদিত হৈছে তেজপুৰ তথা কলিয়াবৰ বাসী। উল্লেখ্য যে, কলিয়াবৰ শ্ৰী শ্ৰী বালি সত্ৰৰ সন্তান কৰুণা মহন্ত আৰু প্ৰীতি মহন্তৰ কন্যা সাৰণ্যাই মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত হোৱা “ভাৰত সাংস্কৃতিক যাত্ৰা” শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ শাস্ত্ৰীয় আৰু লোকনৃত্যৰ এক বিশেষ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি দ্বিতীয় স্হানেৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।মালয়েছিয়াস্হিত উচ্চায়ুক্তকে ধৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শাস্ত্ৰীয় তথা সত্ৰীয়া নৃত্যৰ পাৰদৰ্শিতাৰে সকলোৰে উচ্ছাসিত প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা সাৰণ্যাই তেজপুৰৰ দক্ষ ওডিছী আৰু সত্ৰীয়া নৃত্যশিল্পী মায়াৰাণী বৰাৰ তত্বাৱধানত “নৃত্যশালা” শীৰ্ষক নৃত্যানুষ্ঠানত শাস্ত্ৰীয়, সত্ৰীয়া আৰু সৃজনশীল নৃত্যৰ পাঠ গ্ৰহণ কৰি ইয়াৰ পূৰ্বেও, গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ, বহি:ৰাজ্যৰ বিভিন্ন প্ৰতিযোগিতা আৰু বিভিন্ন অনুষ্ঠানত সত্ৰীয়া আৰু শাস্ত্ৰীয় নৃত্য প্ৰদৰ্শন কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল।কিশোৰী সাৰণ্যাই তেজপুৰ তথা কলিয়াবৰৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত বিভিন্ন ব্যক্তি – অনুষ্ঠানে অভিনন্দন জ্ঞাপন কৰি স্নেহাশিষ প্ৰদান কৰে।
পূৰ্বৱৰ্তী লেখা