শিক্ষক দিৱসত প্ৰবীণ শিক্ষাবিদ মীৰা শৰ্মালৈ সম্ভাষণ

0 94

শতাব্দ ষ্টাফ ৰিপ’টাৰ তেজপুৰ ৬ ছেপ্টেম্বৰ: “আবেলি কিৰণে/জীৱন জগালে /সোণসেৰীয়া গানে,/জ্ঞানে ধ্যানে সংগে/অনুপম ৰংগে/নব বাৰতা আনে —–/’’শীৰ্ষক প্ৰতীকী গীতৰ সমূহীয়া পৰিবেশনৰ এক জীপাল পৰিৱেশত বৃহত্তৰ তেজপুৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চৰ শিক্ষক দিৱসৰ কাৰ্যসূচী আৰম্ভ হয় ৷ অসমীয়া ক্লাব,তেজপুৰত অনুষ্ঠিত সভাখনত পণ্ডিত মনীষা ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ ছবিত পুষ্পাৰ্পণ আৰু সদ্য প্ৰয়াত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা সমাজ সচেতন ব্যক্তি দেবেন দত্ত, অনন্ত কলিতা,জয়ন্ত মহাপাত্ৰ,নিৰু শৰ্মা পৰাজুলী ,পৰজ বকুল বৰুৱা ,ড° সুখ বৰুৱা ৰূপনাথ উপাধ্যায় আদিসকলৰ স্মৃতিত এক মিনিট সময় মৌনতা অবলম্বন কৰা হয় ৷ সভাপতি লাৱণ্য দেৱীয়ে পৌৰোহিত্য কৰা আৰু সম্পাদক ৰাজু বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত উপস্থিতসকলে শিক্ষকসকলৰ ত্যাগ, বদান্যতা আৰু দায়বদ্ধতাৰ বিষয়ে আলোচনা কৰে৷ এই অনুষ্ঠানতে ঐক্যমঞ্চৰ প্ৰয়াত তিনিগৰাকী শিক্ষয়িত্ৰী নিৰ্মালী ভূঞা ,দেবযানী হাজৰিকা, মৃণালী চেতিয়াৰ ওপৰত এক সোঁৱৰণী বক্তৃতা অনুষ্ঠিত হয় ৷শিক্ষাবিদকেইগৰাকীৰ ওপৰত বক্তৃতা প্ৰদান কৰে ক্ৰমে প্ৰভা বৰা ,প্ৰেমলতা দাস আৰু ৰাজু বৰুৱাই ৷ দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে লোকনায়ক অমিয় কুমাৰ দাস উচ্চ মাধ্যমিক কন্যা বিদ্যালয় (তেজপুৰ) ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী শিক্ষাবিদ ,সাংস্কৃতিক কৰ্মী, অভিনেত্ৰী মীৰা শৰ্মাক তেখেতৰ অসুস্থতা হেতু বাসভৱনত গৈ সম্ভাষণ জ্ঞাপন কৰা হয় ৷ ঐক্যমঞ্চৰ তৰফৰ পৰা মীৰা শৰ্মাক গামোছা , ফুলৰ থোপা ,কলম আৰু আৰ্থিক সাহায্য আগবঢ়োৱা হয় ৷ঐক্যমঞ্চৰ সদস্যসকলে তেখেতৰ দ্ৰুত আৰোগ্য কামনা কৰে ৷ ইয়াৰ পূৰ্বে সভাত মীৰা শৰ্মা বাইদেউৰ শিক্ষক জীৱনৰ ওপৰত আলোকপাত কৰি কৰুণা বৰা ভূঞা,ৰীণা বৰদলৈ আৰু মণি দেৱীয়ে বক্তব্য ৰাখে ৷ বৃহত্তৰ তেজপুৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চৰ শিক্ষক দিৱসৰ সভাত গিৰিবালা ভূঞা ,বেণী তাঁতি চুণ্ডী ,ভাৰতী দাসকে‌ ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More