শিক্ষামন্ত্রীলৈ মুকলি চিঠি

0 111

মাননীয় সম্পাদক মহোদয়,

বিভিন্ন শিক্ষানুষ্ঠান, দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানে আয়োজন কৰা কেৰিয়াৰ সজাগতা সভাবোৰত মাজে সময়ে অংশগ্রহণ (অফলাইন/অনলাইন) কৰি আৰু প্ৰত্যেক শনিবাৰে বিয়লি ৬বজাৰ পৰা ৯বজাৰ ভিতৰত ফোন (০৯৪৩৫১-৮৮৬৩০) যোগেদি বিনামূলীয়াকৈ কেৰিয়াৰ বিভিন্ন বিষয়ৰ প্ৰশ্নবোৰ উত্তৰ দি এটা কথা জানিব পাৰিছো যে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কোনটো শাখাত কি কি বিষয় অন্তৰ্ভুক্ত হৈ আছে তথা সেইবোৰ বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰি সেই বিষয়ে প্রায়বোৰ শিক্ষার্থীয়ে জ্ঞাত নহয়। এই বিষয়টোৰ প্রতি লক্ষ্য ৰাখি বিভিন্ন কেৰিয়াৰৰ এক সম্যক ধাৰণা দিবৰ বাবে আমি সংকলন কৰা ‘কেৰিয়াৰ হাতপুথি’ নাম কিতাপ এখন ‘বনলতা’ই প্রকাশ কৰিছে। কিতাপখনত অসমৰ শিক্ষানুষ্ঠানসমূহত পঢ়িব পৰা বিভিন্ন পাঠ্যক্ৰমৰ বিষয়েও উল্লেখ আছে। আমি ভাবো ‘কেৰিয়াৰ হাতপুথি’ কিতাপখন পঢ়ি শিক্ষাৰ্থীসকল উপকৃত হ’ব। অসমৰ শিক্ষামন্ত্রী মহোদয়ক এই পত্রৰ যোগেদি এটা অনুৰোধ জনাব বিছাৰিছো যে যদি সম্ভৱ হয় ‘কেৰিয়াৰ হাতপুথি’ কিতাপখন শিক্ষানুষ্ঠানসমূহৰ পুথিভঁৰালত ৰখা ব্যৱস্থা গ্রহণ কৰে যেন।

ড° বুলজিৎ বুঢ়াগোহাঁই

আজাৰা , গুৱাহাটী -৭৮১০১৭

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: [email protected]

www.buljit.com

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More