শোণিতপুৰত জাপানীজ এনকেফেলাইটিছত পাঁচজনৰ মৃত্যু

0 10

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২আগষ্ট: শোণিতপুৰত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। জিলাখনৰ ঢেকিয়াজুলি,বৰছলা,ৰঙাপৰা,বালিপৰা,চাৰিদুৱাৰকে ধৰি বিভিন্ন অঞ্চলত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে শিশু,কিশোৰ,যুৱক যুৱতীকে ধৰি বয়োজ্যেষ্ঠ লোক। ইতিমধ্যে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে বিভিন্ন চিকিৎসালয়ত এই ৰোগত আক্ৰান্ত ভালে সংখ্যক ৰোগী চিকিৎসাধীন হৈ থকাৰ লগতে যোৱা পহিলা আগষ্টলৈকে শোণিতপুৰত পাঁচজন লোকৰ এই ৰোগত মৃত্যু ঘটিছে। বিভাগীয় এক সূত্ৰ অনুসৰি,এই সময় চোৱাত শোণিতপুৰৰ বৰছলাৰ অভিজিত মালো দাস, নেপালীপট্টিৰ আখটাৰ কুৰেছি, বেছেৰীয়াৰ ধৰ্মেশ্বৰ নাথ, বালিপৰাৰ মহিলা ঘোষ আৰু চাৰিদুৱাৰৰ পুনি দেৱীৰ মৃত্যু ঘটিছে জাপানীজ এনকেফেলাইটিছ । জিলাখনত জাপানীজ এনকেফ্লাইটিছৰ প্ৰাদুৰ্ভাৱৰ আৰম্ভণিতে স্বাস্থ্য বিভাগে ৰাইজৰ মাজত এইক্ষেত্ৰত সজাগতা সৃষ্টিৰ প্ৰয়াস অব্যাহত ৰাখিছে। সম্প্ৰতি শোণিতপুৰত জাপানীজ এএনকেফেলাইটিছ কেনে পৰ্যায়ত আছে সেই বিষয়ে সবিশেষ জানিবৰ বাবে জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকজনৰে যোগাযোগৰ চেষ্টা চলোৱা হৈছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল। বৰ্তমান শোণিতপুৰত কৰ’নাৰো নতুনকৈ প্ৰাদুৰ্ভাৱ ঘটাৰ বিপৰীতে জাপানীজ এনকেফেলাইটিছেও গুৰুতৰ ৰূপ ধাৰণ কৰাত ৰাইজৰ বাবে যিকোনো জ্বৰেই এক উদ্বেগৰ কাৰণ হৈ উঠিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More