শোণিতপুৰৰ অতিৰিক্ত আয়ুক্তক ভাবুকিঃ গ্ৰেপ্তাৰ এজনক

0 5

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮আগষ্টঃ শোণিতপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাক ভাবুকি দি ৰঙাঘৰৰ ভাত খোৱাৰ বাট প্ৰশস্ত হ’ল ৰঙাপৰাৰ যুৱক সুধীৰ চক্ৰৱৰ্তীৰ৷ উল্লেখযোগ্য যে, ৰঙাপৰাৰ ছয়নম্বৰ ৱাৰ্ডৰ বাসিন্দা চক্ৰৱৰ্তীয়ে শনিবাৰে শোণিতপুৰৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাক হোৱাটাছএপত বিভিন্ন কথাৰে ভাবুকি প্ৰদান কৰিছিল৷ তাৰ পিছতে অতিৰিক্ত আয়ুক্ত বৰাই তেজপুৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত যোৱা নিশা তেজপুৰ আৰক্ষীয়ে চক্ৰৱৰ্তীক ৰঙাপৰাৰ পৰা গ্ৰেপ্তাৰ কৰে৷পাছত আটকাধীন লোকজনে সুৰাৰ ৰাগীতে প্ৰশাসনীয় বিষয়াজনক এনেদৰে ভাবুকি দিয়াৰ কথা সদৰি কৰিছে৷ইয়াৰ বিপৰীতে অতিৰিক্ত আয়ুক্ত বৰাই খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দায়িত্বত থকা হেতু কাৰোবাৰ প্ৰৰোচনাত যুৱকজনে তেওঁক টাৰ্গেট কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে৷উল্লেখ্য যে, অতিৰিক্ত আয়ুক্তৰ দায়িত্বভাৰ লৈ বৰাই শেহতীয়াকৈ ঢেকিয়াজুলিত চৰকাৰী চাউলৰ চোৰাং চক্ৰৰ বিৰুদ্ধে উঠিপৰি লাগিছিল আৰু মুখ্যমন্ত্ৰীৰ তদাৰকী গোটে বিষয়টো আওতাত লৈ জড়িত বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More