শোণিতপুৰৰ কাৱৈমাৰীত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন জ্বৰ

0 14
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১২ছেপ্টেম্বৰঃ শোণিতপুৰৰ ঢেকিয়াজুলিৰ কাৱৈমাৰীৰ দুই নম্বৰ বামুণ পুখুৰীত আফ্ৰিকান ছোৱাইন জ্বৰত গাহৰি আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে পশুপালন বিভাগে আজি এনে আঠটা গাহৰি নিধন কৰি পোতাৰ ব্যৱস্থা কৰিছে৷ গাহৰিৰ এই ৰোগকলৈ গাহৰি পালকসকল চিন্তিত হৈ পৰাৰ সময়তে শোণিতপুৰ প্ৰশাসনে সতৰ্কতা অৱলম্বন কৰিছে আৰু প্ৰশাসনৰ নিৰ্দেশতে আক্ৰান্ত গাহৰি নিধন কৰি পোতাৰ ব্যৱস্থা কৰা হৈছে৷ তদুপৰি, কাৱৈমাৰীৰ অঞ্চলসমূহ নিষিদ্ধ এলেকা হিচাপে ফলক আৰি জাননী জাৰী কৰিছে প্ৰশাসনে। উল্লেখযোগ্য যে কালি ধৰা পৰা গই ৰোগত এইপৰ্যন্ত ৪৩টা গাঁহৰি আক্ৰান্ত হৈছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More