শোণিতপুৰৰ শিঙৰী তিনিআলিত উচ্ছেদিত ব্যৱসায়ীৰ ক্ষতিপূৰণৰ দাবীৰে মৌন প্ৰতিবাদ 

0 14
শতাব্দ প্ৰতিনিধি তেজপুৰ,১৮অক্টোবৰঃ বৰছলা বিধানসভা সমষ্টিৰ শিঙৰী তিনিআলিত প্ৰশাসনৰ দ্বাৰা উচ্ছেদিত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গৰাকীসকলে আজি ক্ষতিপূৰণ তথা ব্যৱসায় প্ৰতিষ্ঠানৰ পুণৰ স্থাপনৰ দাবীত মৌন প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে অসম মালাৰ অধীনত নিৰ্মাণ কাৰ্য চলি থকা পথৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে যোৱা ১৬ অক্টোবৰত শিঙৰী আৰক্ষী চকী এলেকাৰ শিঙৰী তিনিআলিত পথৰ দাঁতিত থকা বিপুল দাস, অমৃত ছেত্ৰী, কালা দাস, নৃপেন দাস, ৰামলাল দাস, মাধৱ দাস, গোলক সৰকাৰ, পংকজ দাস, ফণিন্দ্ৰ দাস, টংকেশ্বৰ শৰ্মা, তাপস ভট্টাচাৰ্য, বাবলু ঠাকুৰ, গোপেশ্বৰ দাস, জগদীশ দাস, চনক মুখীয়া, ভানু শ্বাহা, অবিনাশ কুমাৰ ঠাকুৰ, সঞ্জীৱ ঠাকুৰ, দীপক ঠাকুৰ, আনন্দ দাস, সুনীল ঠাকুৰ, সুজিৎ দাস, দেৱো দাস, ৰঞ্জন বিশ্বাস, যতীন শৰ্মা, বিশ্বজিৎ শৰ্মা, হাছেন আলী, ৰাম প্ৰকাশ ঠাকুৰকে আদিকৰি প্ৰায় ৪০জন ব্যৱসায়ীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত উচ্ছেদ চলোৱা হৈছিল৷ ক্ষুদ্ৰ ব্যৱসায় কৰি যেনেতেনে পৰিয়াল প্ৰতিপালন কৰা এইসকল ব্যৱসায়ীৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত উচ্ছেদ চলোৱাত বৰ্তমান ব্যৱসায়ীসকলে দিগবিদিগ হেৰুৱাই পেলাইছে৷ পৰিয়াল পোহপাল দিয়াৰ বিষয়টোকলৈ ব্যৱসায়ীসকলে এতিয়া চৰম অনিশ্চয়তাত ভূগীছে৷ সেয়েহে আজি এই ব্যৱসায়ীসকলে দানৰ ১১বজাত নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহত হোৱা ক্ষয়ক্ষতিৰ লগতে ব্যৱসায় প্ৰতিষ্ঠানৰ পুনৰ সংস্থাপনৰ দাবীৰে শিঙৰী তিনিআলিত মৌন প্ৰতিবাদ সাব্যস্ত কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More