শোণিতপুৰ জিলা কবি সন্মিলনৰ বহাগী বৰণ অনুষ্ঠান 

0 57
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ পহিলা ব’হাগৰ দিনটোত শোণিতপুৰ জিলা কবি সন্মিলনৰ সৌজন্যত তেজপুৰৰ সাহিত্য সভা ভৱনত “বহাগী বৰণ” শীৰ্ষক অনুষ্ঠানটো গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। শোণিতপুৰ জিলা কবি সন্মিলনৰ  সভাপতি স্বপন মৈত্ৰৰ সভাপতিত্বত আদৰণি ভাষণ প্ৰদান কৰে জিলা কবি সন্মিলনৰ সম্পাদিকা সংগীতা ৰাজখোৱাই।অনুষ্ঠানত তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক পৃথীৰাজ ৰাভা, সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলিমা চেতিয়া বসুমতাৰী, প্ৰাক্তন উপ-সভাপতি প্ৰদীপ কুমাৰ গাভৰুপৰীয়া, নতুন কবিতাৰ সম্পাদক মৃদুল কুমাৰ চহৰীয়া উপস্থিত থাকি বক্তব্য আগবঢ়ায়। সভাত প্ৰবীণ সাহিত্যিক  মহীপতি নিৰলা, লেখক উপেন সূত,সমাজকৰ্মী অনিল চন্দ্ৰ গোস্বামী,বিশিষ্ট কবি বসন্ত কাকতি,  দিপালী মহন্ত গোস্বামী, প্ৰবীন শিল্পী সচিদানন্দ বৰা,সমাজ কৰ্মী শেখৰ বৰুৱা,অৱসৰ প্ৰাপ্ত অধ্যাপক মহেন্দ্ৰ কেওঁট, সমাজকৰ্মী নগেন কলিতা,অভিনেত্ৰী জাহানাৰা বেগম, বিশিষ্ট কবি খগেন হাজৰিকা,কবি ৰুণুমী বৰা, সাংস্কৃতিক কৰ্মী অনুৰূপা বৰা, কৃৰ্তি শিক্ষক গুণ বৰুৱা, বিশিষ্ট সাহিত্যিক স্বাধীনতা মহন্ত, চাৰু চহৰীয়া নাথ,সমাজ কৰ্মী‌ কৃষ্ণ তালুকদাৰ,
প্ৰবীণ প্ৰতিষ্ঠিত সাহিত্যিক,প্ৰবীন লেখক ধৰ্মকান্ত শইকীয়া, সমাজকৰ্মী তথা এমন্ত্ৰণৰ উপাধ্যক্ষ ঋতু বৰণ শৰ্মাক শোণিতপুৰ জিলা কবি সন্মিলনৰ বহাগী বৰণ অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।অনুষ্ঠানত সম্পাদক সংগীতা ৰাজখোৱাই শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে সহ সম্পাদকদ্বয় মীনা মহন্ত, দিব্যজ্যোতি দাস, কল্পনা লহকৰ,ৰাণী দাস, গীতা শইকীয়া, নিৰুপমা লহকৰক ধন্যবাদ জ্ঞাপন কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More