শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত হোটেল মেনেজমেন্ট আৰু হস্পিতেলিটিৰ ওপৰত কেৰিয়াৰ কাউন্সিলিং সম্পন্ন 

0 37
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৯ ফেব্ৰুৱাৰীঃ আমাৰ ভৱিষ্যত প্ৰজন্মৰ আৰ্থিক সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰি অহা বিভিন্ন আঁচনি আৰু অহা শৈক্ষিক অনুষ্ঠান সমূহৰ ভিতৰত শেহতীয়াকৈ হোটেল মেনেজমেন্ট আৰু হস্পিতেলিটি বিভাগটোৱে সাম্প্ৰতিক সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ সময়তে আজি শোণিতপুৰ জিলাৰ উপায়ুক্তৰ সভাকক্ষত তেজপুৰৰ বিভিন্ন প্ৰান্তৰ ১২ খনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ প্ৰায় তিনিশতাধিক শিক্ষাৰ্থীক এই নিৰ্দিষ্ট বিষয়টিৰ  কেৰিয়াৰ কাউন্সিলিং কৰা হয়। নয়দাস্হিত নেচনেল কাউন্সিল অৱ হোটেল মেনেজমেন্ট এণ্ড কেটাৰিং টেকনলজিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে গুৱাহাটীৰ ইনস্টিটিউট অব হোটেল মেনেজমেন্টৰ সহযোগত অনুষ্ঠিত “কেৰিয়াৰ কাউন্সিলিং ৰোডশ্ব’ অন হস্পিতেলিটি এডুকেশ্বন” শীৰ্ষক এই বিশেষ পাঠদান অনুষ্ঠানটিত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই হোটেল মেনেজমেন্ট আৰু হস্পিতেলিটিৰ বৰ্তমান সময়ত গুৰত্বৰ প্ৰসংগ  অৱতাৰণা কৰে। উপায়ুক্ত গৰাকীয়ে কলা, বিজ্ঞান আৰু বানিজ্য যিকোনো বিভাগৰ শিক্ষাৰ্থীয়ে এই পাঠ্যক্ৰমত নামভৰ্তি কৰি ভৱিষ্যতে কেনেদৰে উচ্চ দৰমহাৰ একোটা পদত নিজকে নিয়োজিত কৰিব পৰাৰ পথ প্ৰশস্ত কৰি তুলিব পাৰি তাৰ সবিশেষ দাঙি ধৰি বৰ্তমান সময়ত পৰ্যটন উদ্যোগৰ বিকাশৰ লগে লগে এই বিভাগৰ কাম কাজৰ গুৰুত্ব কেনেদৰে বৃদ্ধি পাইছে তাৰো সবিশেষ দাঙি ধৰে। ১২খনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তত্বাৱধায়ক শিক্ষক, শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰা আদিৰ উপস্থিতিত গুৱাহাটীৰ ইনস্টিটিউট অব হোটেল মেনেজমেন্টৰ অধ্যাপিকা হিমাদ্ৰী চহৰীয়াই আঁত ধৰা অনুষ্ঠানটিত উক্ত অনুষ্ঠানৰ মূৰব্বী অধ্যাপক খগেন শইকীয়াৰ লগতে সহকাৰী সঞ্চালক জগদীশ কুমাৰ আৰু অধ্যক্ষ ড০ অমিতাভ দে’ই এই পাঠ্যক্ৰমৰ বিভিন্ন দিশ, বৰ্তমান সময়ত ইয়াৰ প্ৰয়োজনীয়তা আৰু গুৰত্বৰ ওপৰত  নিজৰ নিজৰ বক্তব্য দাঙি ধৰে। উল্লেখ্য যে, এই বিশেষ কেৰিয়াৰ কাউন্সিলিং অনুষ্ঠানত উৎসুক শিক্ষাৰ্থী সকলে বিভিন্ন প্ৰশ্নবাণেৰে সমল ব্যক্তি সকলৰ পৰা এনেদৰে পাঠ্যক্ৰমৰ বিষয়ে জানিব বিচৰাত সমল ব্যক্তি সকলে অতি সুন্দৰকৈ তেওঁলোকৰ প্ৰশ্ন সমূহৰ উত্তৰ প্ৰদান কৰে। উল্লেখ্য যে, ইনষ্টিটিউট অৱ হোটেল মেনেজমেন্ট গুৱাহাটী হৈছে উত্তৰ পূব ভাৰতৰ প্ৰথম পূৰ্ণাংগ তিনিবছৰীয়া ডিগ্ৰী পৰ্যায়ৰ প্ৰতিষ্ঠান। ১৯৮৪ চনত আতিথ্যৰ বিভিন্ন ক্ষেত্ৰত প্ৰমাণ পত্ৰ পাঠ্যক্ৰম প্ৰদান কৰি ফুডক্ৰাফ্ট ইনষ্টিটিউট হিচাপে স্হাপিত হোৱা এই প্ৰতিষ্ঠানটোক ১৯৯৫ চনৰ পৰা পৰ্যটন মন্ত্ৰালয়ৰ আওতালৈ আনি উন্নীত কৰা হৈছে। আনহাতে এই ইনষ্টিটিউটটো এন চি এইচ, এম চি টি, নয়ডাৰ সৈতেও জড়িত যিটো ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ স্বায়ত্ত শাসিত সংস্থা৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More