শোণিতপুৰ জিলা মহিলা ফুটবল লীগ

অসম ৰাইফলচৰ খিতাপ অৰ্জন

0 6
শতাব্দ, প্ৰতিনিধি তেজপুৰ, ৫আগষ্টঃ শোণিতপুৰ আন্তঃজিলা ছিনিয়ৰ মহিলা ফুটবল লীগৰ আজি সামৰি পৰিছে। লখৰা স্হিত অসম ৰাইফলছৰ খেলপথাৰত যোৱা ২৫ জুলাইৰ পৰা অনুষ্ঠিত হোৱা এই লগীখনত মুঠ পাঁচটা দলে অংশগ্ৰহণ কৰিছিল। অসম ৰাইফলচ, ৰঙাপাৰা কলেজ, সোনাবিল চাহবাগিচা ফুটবল দল, জে এন ফুটবল একাদশ আৰু ঢেকিয়াজুলী ফুটবল বল একাদশে অংশ গ্ৰহণ কৰা এই মহিলা ফুটবল লীগৰ অদমনীয় প্ৰদৰ্শনৰে আটাইকেইখন খেলতে জয়লাভ কৰি আসাম ৰাইফলছ দলে লীগৰ পইন্ট তালিকাৰ শীৰ্ষ দল হিচাপে খিতাপ অৰ্জন কৰে৷ শীৰ্ষ দলটোৱে ঘোনোচা দেবী সোঁৱৰণী বঁটা আৰু তালিকাৰ দ্বিতীয় দল সোনাবিল চাহ বাগিচা দলে নিৰ্মালি বৰা সোঁৱৰণী বঁটা লাভ কৰে। আজি লীগৰ অন্তিমখন খেলত অংশ লোৱা আসাম ৰাইফলচৰ মহিলা ফুটবল দলটোৱে ৰঙাপৰা কলেজ দলক ৬-০ গলৰ ব্যৱধানত পৰাজিত কৰে৷ তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আৰু অসম ৰাইফলচৰ সহযোগত অনুষ্ঠিত লীগখনৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে অসম ৰাইফলচ দলৰ ৰঞ্জনা চানুৱে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More