শ্ৰীলংকাৰ অৰ্থনৈতিক মন্দাৱস্থা

0 35
নিমখৰ মূল্য প্ৰতি কিলোত ২৫০ টকা, চেনী প্ৰতি কিলোত ২০০ টকা, এক বেগ চিমেণ্টৰ মূল্য ৭,০০০ টকা। আপোনালোকে হয়তো ভাবিছে, এইয়া সাম্প্ৰতিক শ্ৰীলংকাৰ মূল্য তালিকা। কিন্তু নহয়, ভাৰতৰ একেবাৰে পূব সীমান্তৰ অৰুণাচল প্ৰদেশত থকা বিজয়নগৰ নামৰ ঠাইডোখৰৰ মূল্য তালিকা। সুবিশাল ভাৰতবৰ্ষত সূৰ্যৰ প্ৰথম কিৰণেৰে আলোকিত হোৱা এই বিজয়নগৰত কিন্তু উন্নয়নৰ কোনো পোহৰেই আজিলৈকে আলোকিত কৰিব পৰা নাই।
অৰুণাচল প্ৰদেশৰ চাংলাং নামৰ জিলাখনৰ অন্তৰ্গত এই বিজয়নগৰ সংজ্ঞা অনুযায়ী তেনে কোনো আমাৰ দৰে নগৰীয়া ঠাই নহয়। সুউচ্চ পৰ্বতমালাই আগুৰি থকা ইয়াৰ তিনিওদিশে ম্যানমাৰ সীমান্ত। ম্যানমাৰৰ কাচিন প্ৰদেশৰ পোতাও নামৰ নগৰখনলৈ ইয়াৰ পৰা মাথোন ৪০ কিলোমিটাৰহে দূৰত্ব।  অতি  প্ৰত্যন্ত আৰু দুৰ্গম এই ঠাইডোখৰলৈ আজি পৰ্যন্ত নাই কোনো পথ যোগাযোগ ব্যৱস্থা। যান-বাহন যাব পৰা মিয়াও নামৰ ঠাইডোখৰৰ পৰা বিজয়নগৰলৈ দূৰত্ব ১৫৭ কিলোমিটাৰ। অটব্য অৰণ্য, সুউচ্চ পাহাৰ, খৰস্ৰোতা জান-জুৰি অতিক্ৰমি খোজেৰে মিয়াওৰ পৰা বিজয়নগৰলৈ সময় লাগিব কমেও দহ দিন ! ইয়াৰ উপৰিও যাত্ৰাকালত মুখামুখি হোৱাৰ সম্ভাৱনা থাকে নানা বিষাক্ত সৰীসৃপ, হাতী, ভালুক বা অন্যান্য হিংস্ৰ জীৱ-জন্তুৰ। বাৰিষা যোৱাৰ প্ৰশ্নই নাহে। বিজয়নগৰলৈ যোৱাৰ পথত মিয়াওৰ পৰাই আৰম্ভ হৈছে নামদাফা ৰাষ্ট্ৰীয় উদ্যান তথা ব্ৰাঘ্য প্ৰকল্পৰ।
৪,০৭০ ফুট উচ্চতাত অৱস্থিত বিজয়নগৰৰ অস্তিত্ব ভাৰতীয় জৰীপ বিভাগৰ মানচিত্ৰৰ বাহিৰে ১৯৬১ চনলৈকে একোৱেই নাছিল। বিজয়নগৰৰ কাষতেই ম্যানমাৰ সীমান্তত থকা লিচু নামৰ জনজাতি লোকসকলে কস্তুৰী মৃগৰ সন্ধানত এই অঞ্চলত অস্থায়ী ভাৱে সৰু সৰু জনপদ স্থাপন কৰিছিল। প্ৰথম বাৰৰ বাবে ১৯৬০ চনৰ জুন মাহত ৭ নং অসম ৰাইফলছে মিয়াওৰ পৰা আগলৈ এটা অভিযান চলাইছিল। কিন্তু অটব্য অৰণ্যৰ বাবে দলটোৱে বেছি দূৰ আগুৱাব নোৱাৰিলে। ইয়াৰ পাছত ১৯৬১ চনৰ ফেব্ৰুৱাৰী মাহত মেজৰ সুমীৰ সিংৰ নেতৃত্বত পুনৰ অভিযান চলোৱা হৈছিল যদিও দলটোৱে আজি বিজয়নগৰ বুলি পৰিচিত হোৱা ঠাইডোখৰত উপস্থিত হ’বলৈ সক্ষম হোৱা নাছিল। সেই বছৰৰে অক্টোবৰ মাহত মেজৰ জেনেৰেল অজিত সিং গৌৰিয়াৰ নেতৃত্বত যোৱা অসম ৰাইফলছৰ দলটোৱে আজিৰ বিজয়নগৰ নামৰ ঠাইডোখৰত পদাৰ্পণ কৰিবলৈ সমৰ্থ হৈছিল। ১৯৬১ চনৰ ২৭ নৱেম্বৰত ইয়াত প্ৰথম বাৰৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল।  নৰমনিষৰ কোনো বসতি নথকা পৰিচয়হীন ঠাইডোখৰৰ নাম দিয়া হৈছিল মেজৰ জেনেৰেল গৰাকীৰ পুত্ৰ ‘বিজয়’ৰ নামেৰে বিজয়নগৰ। ইয়াৰ পাছত ইয়াত অসম ৰাইফলছৰ এটা স্থায়ী শিবিৰ স্থাপন কৰা হয়। অসম ৰাইফলছৰ অৱসৰপ্ৰাপ্ত বহুতো গোৰ্খা জোৱানক পৰৱৰ্তী সময়ত মাটি-ভেটি দি সংস্থাপিত কৰাৰ পাছতহে এইটো অঞ্চলত ১৯৬২ চন মানৰে পৰা জনবসতি আৰম্ভ হয়। বিজয়নগৰ অঞ্চলত গঢ়ি উঠা মুঠ ১৬ খন গাঁওত বৰ্তমান গোৰ্খা আৰু লিচু (এওঁলোকক য়’বিন নামেৰেও জনা যায়) জনগোষ্ঠীৰ লোকে বসবাস কৰে। ২০১১ চনৰ লোকপিয়ল মতে অঞ্চলটোৰ জনসংখ্যা আছিল ৪,৪৩৮ জন। বিচ্ছিন্ন এটা দ্বীপৰ দৰে পাণ্ডৱবৰ্জিত অঞ্চলটোত অতি দুৰ্বিসহ জীৱন কটোৱা  অধিবাসী সকলৰ খবৰ ল’বলৈ কাৰোৱেই যেন আহৰি নাই। অথচ তেওঁলোকেই ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ একমাত্ৰ প্ৰহৰী। যোৱা সুদীৰ্ঘ ছটা দশকত কোনো চৰকাৰী আঁচনিয়েই এওঁলোকক স্পৰ্শ কৰিব নোৱাৰিলে। জীৱন-ধাৰণৰ বাবে প্ৰয়োজনীয় মৌলিক সুবিধাৰ পৰা আজি সুদীৰ্ঘ দিন ধৰি দেশৰে নাগৰিক সকলক বঞ্চিত কৰি ৰাখি চৰকাৰে এক প্ৰকাৰ মানৱাধিকাৰেই খৰ্ব কৰিছে।একমাত্ৰ অসম ৰাইফলছৰ শিবিৰটোৱেই এই লোকসকলৰ আশা-ভৰসাৰ স্থলী। চিকিৎসাৰ বাবে জনসাধাৰণ ঘাইকৈ অৰণ্যত উপলব্ধ বিভিন্ন বনৌষধিৰ ওপৰতেই নিৰ্ভৰশীল। কিয়নো নিকটৱৰ্তী স্বাস্থ্যকেন্দ্ৰটো আছে ১৫৭ কিলোমিটাৰ দূৰৈত আৰু ইয়ালৈকে ৰোগীক কঢ়িয়াই অনাটো সপোনৰো অগোচৰ। কেতিয়াবা অতি বিৰল ক্ষেত্ৰত আৰু ভাগ্য সুপ্ৰসন্ন থাকিলেহে সামৰিক হেলিকপ্টাৰৰ দ্বাৰা ৰোগীক অসমলৈ আনিব পাৰি। সামৰিক বাহিনীৰ লোকসকলৰ বাবেহে ইয়ালৈ মাজে-মধ্যে মালবাহী বিমান বা হেলিকপ্টাৰ ডিব্ৰুগড়ৰ পৰা চলাচল কৰে। অতি আৱশ্যকীয় খাদ্য সামগ্ৰী সমূহ চাকমা জনগোষ্ঠীৰ লোকসকলে দহ দিন বোজা কঢ়িয়াই ১৫৭ কিলোমিটাৰ দূৰৈৰ মিয়াওৰ পৰা আনিবলগীয়া হোৱাৰ বাবেই বয়-বস্তুৰ মূল্য ইয়াত আকাশলঙ্ঘী। প্ৰতিজন প’ৰ্টাৰক বোজা কঢ়িওৱাৰ বাবে প্ৰতি কিলোগ্ৰামত দিবলগীয়া হয় ১৫০ টকাকৈ।
অৱশ্যে বিজয়নগৰ বাসীৰ প্ৰতি ভাগ্য এতিয়া কিছু পৰিমাণে সুপ্ৰসন্ন হোৱা দেখা গৈছে। তেওঁলোকৰ বাবে জীৱন ৰেখা স্বৰূপ ১৫৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ মিয়াওৰ পৰা বিজয়নগৰলৈকে ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা পথছোৱা অহা ২৫ এপ্ৰিলৰ ভিতৰত যান-বাহন চলাচল কৰিব পৰাকৈ মুকলি কৰাৰ যুদ্ধকালীন প্ৰস্তুতি চলিছে। আজি প্ৰায় তিনি বছৰ ধৰি অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল বিগ্ৰেডিয়াৰ(অৱসৰপ্ৰাপ্ত) বি ডি মিশ্ৰ আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ অহৰহ প্ৰচেষ্টাত এই গুৰুত্বপূৰ্ণ পথচোৱাৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাউনা মেইনে অলপতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলক লগত লৈ অঞ্চলটোৰ উন্নয়নৰ বাবে ইতিমধ্যে ৰূপৰেখা প্ৰস্তুত কৰিছে। তিনিটা ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পকে ধৰি বিদ্যালয়, চিকিৎসালয় আদি স্থাপনৰ বাবেও আঁচনি হাতত লোৱাৰ কথা উপ মুখ্যমন্ত্ৰী গৰাকীয়ে বিজয়নগৰৰ এখন ৰাজহুৱা সভাত ঘোষণা কৰিছে।  কমলা, নেমু, কিৱি আদিৰ দৰে উদ্যান শস্যৰ বাবে অনুকূল জলবায়ুৰ এই অঞ্চলটোত প্ৰচুৰ সম্ভাবনা আছে। তদুপৰি নামদাফা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি ইয়াত এটা পৰ্যটন উদ্যোগো ভালদৰে গঢ়ি তুলিব পৰা যায়।
চৰকাৰে জনোৱা মতে অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত সমগ্ৰ পথছোৱাৰ পকীকৰণ সম্পূৰ্ণ হৈ উঠিব। ম্যানমাৰৰ আন্তৰ্জাতিক সীমান্ত অভিমুখে গতি কৰা পথছোৱা ভাৰতৰ প্ৰতিৰক্ষাৰ দিশৰ পৰাও যথেষ্ট গুৰুত্বপূৰ্ণ। আশা কৰা হৈছে এই পথছোৱাই সীমান্ত অঞ্চলটোৰ অধিবাসীসকলৰ জীৱনলৈ কিছু পৰিৱৰ্তন কঢ়িয়াই অনাৰ উপৰিও দেশখনৰ নিৰাপত্তাৰ দিশটোও শক্তিশালী কৰিব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More