শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ আগষ্ট : ভাৰতৰ আপত্তি থকাৰ পাছতো চীনৰ এখন জাহাজ শ্ৰীলংকাৰ বন্দৰ অভিমুখে আগবাঢ়িছে বুলি সূত্ৰত প্ৰকাশ পাইছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অহা ১১ বা ১২ আগষ্টৰ ভিতৰত জাহাজখন শ্ৰীলংকাৰ বন্দৰত উপস্থিত হ’ব। ৪০০ৰো অধিক চীনা সৈন্য কঢ়িয়াই অনা এই জাহাজখনত পেৰাবলিক ট্ৰেকিং এন্টেনা আৰু চেন্সৰ আছে। ভাৰতৰ আপত্তি থকাৰ পাছতো শ্ৰীলংকাই চীনা জাহাজখন বন্দৰত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰা নাই। অৰ্থনৈতিক সংকটে আগুৰি থকা শ্ৰীলংকাক ভাৰতে সহায় কৰিছে। শ্ৰীলংকায়ো এই কথা মানি লৈছে। কিন্তু চীনৰ কথা আহিলে এই সংকটৰ সময়ত বেইজিঙে কেৱল শোক প্ৰকাশ কৰিয়েই দায়িত্বৰ পৰা আঁতৰি আছে। কিন্তু তাৰ পিছতো চীনা জাহাজখন নিজৰ বন্দৰ এলেকাত প্ৰৱেশ কৰিবলৈ নিদিয়াকৈ থাকিব নোৱাৰে শ্ৰীলংকা। কাৰণ শ্ৰীলংকাৰ বহু বাধ্যবাধকতা আছে, সেয়ে মুখ খুলি দেশখনক একো ক’ব নোৱাৰে। চীনৰ পৰা লোৱা বৃহৎ ঋণৰ বোজাত পৰিছে শ্ৰীলংকা। অৱশ্যে শ্ৰীলংকাই বন্দৰটো সামৰিক কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিবলৈ নিদিয়ে বুলি জনাইছে। কিন্তু বাস্তৱিক কথাটো হ’ল যে ২০১৭ চনত শ্ৰীলংকাই এই বন্দৰটো চীনক লিজত দিছিল। গতিকে এতিয়া যদি এই বন্দৰটো চীনে ব্যৱহাৰ কৰে, তেন্তে তাত শ্ৰীলংকাৰ কোনো মাত নাই।
* চিন্তা কিয় ভাৰতৰ?
ভাৰতৰ উদ্বেগৰ কাৰণ হ’ল ভাৰত মহাসাগৰত এবাৰ চীনৰ এখন জাহাজ নিয়োজিত হ’লে ই উৰিষ্যাৰ উপকূলৰ ক্ষেত্রত ক্ষেপণাস্ত্র পৰীক্ষণৰ সূত্রপাত কৰিব পাৰে। যদি সেই কথা সঁচা হয়, তেন্তে চীনে ভাৰতৰ বেলিষ্টিক মিছাইলৰ সামৰ্থ্যৰ তথ্য আৰু অন্যান্য তথ্য সংগ্ৰহ কৰিব পাৰে। লগতে দক্ষিণৰ ৰাজ্যসমূহৰ ওচৰত থকাৰ বাবে ই কেৰালা, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুকো চাব পাৰে। এই জাহাজখন ৭ দিন এই বন্দৰত থাকিব। এই সময়ছোৱাত চীনে ভাৰতৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিব পাৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে জনোৱা মতে, শেহতীয়াকৈ দিল্লীয়ে জানিব পাৰিছে যে চীনৰ এখন জাহাজ শ্ৰীলংকাৰ বন্দৰ অভিমুখে গৈ আছে। তেওঁ কয়, পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণ কৰা হ’ব। দিল্লীৰ আপত্তি ইতিমধ্যে শ্ৰীলংকালৈ প্ৰেৰণ কৰা হৈছে। চীনে দাবী কৰিছে যে জাহাজখন ভাৰত মহাসাগৰত চোৰাংচোৱাগিৰিৰ বাবে প্ৰেৰণ কৰা হৈছে।