সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন উপদেষ্টা,শিক্ষাবিদ-সুলেখিকা মৃণালী চেতিয়াৰ বিয়োগ

0 93
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১০ ফেব্ৰুৱাৰীঃ তেজপুৰৰ সমাজ জীৱনত এক ৰিক্ততাৰ সৃষ্টি কৰি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ জী নাতিনী তথা তেজপুৰৰ শৈক্ষিক, সাহিত্য, সামাজিক জগতৰ নেতৃস্থানীয় মহিলা, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ  প্ৰাক্তন সভানেত্ৰী, মৃণালী  চেতিয়া আৰু নাই৷ তেজপুৰৰ সমাজ জীৱনক উকা কৰি যোৱা নিশা প্ৰায় ১০-৩০ বজাত তেজপুৰৰ এখন নাৰ্ছিং হ’মত পৰলোক প্ৰাপ্তি ঘটে বিদূষী মহিলা গৰাকীৰ৷ এই খবৰে‍ বিদূষী মহিলা গৰাকীৰ গুণমুগ্ধ সকলোকে ম্ৰিয়মান কৰি তুলিছে। উল্লেখযোগ্য যে, বাৰ্দ্ধক্যজনিত কাৰণত অসুস্থ হৈ চাৰি ফেব্ৰুৱাৰীৰ পৰা চিকিৎসাধীন হৈ আছিল এই গৰাকী বিশিষ্ট মহিলা৷ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সুলেখিকা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সদস্যা তথা তেজপুৰ লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন উপদেষ্টা, তেজপুৰ সাহিত্য সভাৰ উপদেষ্টাৰ লগতে তেজপুৰৰ বহু সংখ্যক অনুষ্ঠানৰ স’তে জড়িত হৈ আছিল প্ৰয়াত চেতিয়া৷ তেজপুৰৰ অলেখ সামাজিক, সংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠানৰ নেতৃস্থানীয় বিদূষী, ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটাৰ লগতে অসম চৰকাৰৰ সাহিত্যিক পেন্সন প্ৰাপক শিক্ষাবিদ লেখিকা গৰাকীৰ বিয়োগৰ সময়ত বয়স আছিল ৮৭ বছৰ৷ উল্লেখ্য যে, ১৯৩৬ চনত গোলাঘাটত জন্ম গ্ৰহণ কৰা মৃণালী চেতিয়াৰ পিতৃ আছিল তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী কৃতী শিক্ষক তথা সাহিত্যিক উত্তম চন্দ্ৰ চেতিয়া আৰু মাতৃ আছিল সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ চতুৰ্থ কন্যা পূণ্যপ্ৰভা চেতিয়া। শিশু অৱস্থাৰ পৰাই মেধাৰ পৰিচয় দিয়া মৃণালী চেতিয়াই পিতৃ-মাতৃৰ তত্বাৱধানতে ঘৰতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি তৃতীয় শ্ৰেণীত তেজপুৰ ছোৱালী হাইস্কুল তথা বৰ্তমানৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী কন্যা বিদ্যালয়ত নামভৰ্তি কৰে। পঞ্চাশৰ দশকত এই বিদ্যালয়ৰ পৰাই মেট্ৰিক পৰীক্ষা পাছ কৰি দৰংমহাবিদ্যালয়ত আই এ আৰু স্নাতক ডিগ্ৰী লাভ কৰি নিজে পঢ়া তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী কন্যা বিদ্যালয়তে শিক্ষকতা জীৱনৰ পাতনি মেলে। শিক্ষকতা জীৱনৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী আৰু বিটি ডিগ্ৰী লাভ কৰি একেখন বিদ্যালয়তে ৰাজনীতি বিজ্ঞান বিভাগৰ বিষয় শিক্ষয়িত্ৰী পদলৈ উন্নীত হোৱাৰ লগতে ১৯৭৬ চনত উপাধ্যক্ষৰ পদত আসীন হৈ এটা দশকৰো অধিক কাল উপাধ্যক্ষ হিচাপে থাকি বিদ্যালয়খনৰ উত্তৰণ আৰু বিকাশত অহোপুৰুষাৰ্থ কৰাৰ পিছত ১৯৮৭ চনত আকৌ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ ১৯৯২ চনত ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভ কৰাৰ পাছত ১৯৯৫ চনত অৱসৰ গ্ৰহণ কৰাৰ বছৰটোতে ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটাও লাভ কৰিবলৈ সক্ষম হয়। শিক্ষকতা বৃত্তিত জড়িত হৈ থকাৰ মাজতে বিভিন্ন সামাজিক – সংস্কৃতিক আৰু সাহিত্য অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত থকা মৃণালী চেতিয়াই এগৰাকী লেখিকা হিচাপেও বৰ্তমানলৈকে বিভিন্ন কাকত-আলোচনী আৰু স্মৃতিগ্ৰন্থত এহেজাৰৰো অধিক বিভিন্ন লেখাৰ সমান্তৰাল ভাৱে দহখনকৈ গ্ৰন্থও প্ৰকাশ কৰি উলিয়াইছিল। প্ৰকাশ পোৱা গ্ৰন্থসমূহ হ’ল- “বাৰেৰহনীয়া গীতৰ শৰাই”(গীতৰ সংকলন), “সূৰুযমুখীৰ সপোন” (কবিতা সংকলন), “প্ৰবন্ধ কানন”, “শিক্ষাবোধ” (শৈক্ষিক প্ৰবন্ধ), “জীৱন নদীৰ গান” (গল্প সংকলন), “কবি কন্ঠ” (সম্পাদিত গ্ৰন্থ), “কামদেৱ কন্দৰ্প কুমাৰ” (নৃত্য নাটিকা), “গল্প মঞ্জুষা”, “বিভিন্ন কথাৰ কানন” আৰু জীৱনৰ অন্তিমখন গ্ৰন্থ” মোৰ শৈশৱৰ সোণালী স্মৃতিত ককাদেউতা পদ্মনাথ গোহাঞি বৰুৱা”। উল্লেখ্য যে ২০০২২ বৰ্ষত এইগৰাকী বিশিষ্ট শিক্ষাবিদ আৰু লেখিকাৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা সংপৃক্ত কৰি সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে ড০ চাৰু চহৰীয়া নাথৰ মুখ্য সম্পাদনা আৰু মনোমতী কুৰ্মী – মিনাক্ষী দেৱী সম্পাদিত বৃহৎ কলেবৰৰ” অভিনন্দন গ্ৰন্থ “প্ৰকাশ কৰি উন্মোচন কৰিছিল। অবিবাহিত এইগৰাকী বিদূষী তেজপুৰ কলিবাৰীৰ ভাতৃৰ ঘৰতে থাকি এগৰাকী সু সংগঠক আৰু সমাজ হিতৈষী হিচাপে পৰিচিত হৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সদস্য হোৱাৰ লগতে তেজপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ একেৰাহে এটা দশক ধৰি সভানেত্ৰী হৈ থকাৰ লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপসভাপতিৰ পৰা বৰ্তমানলৈকে উপদেষ্টাৰ পদত আসীন হৈ আছিল। আনহাতে প্ৰতিষ্ঠা লগ্নৰে পৰা তেজপুৰৰ নাৰী শিল্প সমিতিৰ সৈতে জড়িত হৈ বৰ্তমানেও সভানেত্ৰীৰ পদত থকাৰ লগতে একাৰাহে তিনিটা কাৰ্যকালৰ তেজপুৰ সাহিত্য সভাৰ উপদেষ্টা, পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ সভাপতি, ইতিহাস সংকলন সমিতিৰ সভাপতি, তেজপুৰ সাহিত্য কাননৰ উপদেষ্টা, বাণ থিয়েটাৰৰ সদস্যৰ লগতে ২০০৭ চনৰ পৰা ২০১৫ চনলৈ একেৰাহে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভানেত্ৰীকে ধৰি বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল। ২০১৪ চনত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে “সদস্যা ৰত্ন” উপাধি প্ৰদান কৰাৰ লগতে “সু সংগঠকৰ বঁটা” ও প্ৰদান কৰা চেতিয়াই ২০০৯ চনত ভাৰতীয় দলিত সাহিত্য অকাডেমিৰ পৰা ড০ বি আৰ অম্বেদকাৰ ফেলশ্বিপ লাভ কৰাৰ উপৰি ১৯৯৪ চনতে অসম চৰকাৰৰ সাহিত্যিক পেন্সন লাভ কৰিছিল। তেজপুৰৰ পৰা প্ৰকাশিত অধুনালুপ্ত তিনিদিনীয়া কাকত” মহাজাতি “ত ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ” মহিলা চ’ৰা “শিতান সম্পাদনা কৰা মৃণালী চেতিয়া সদৌ অসম মইনা পাৰিজাত আৰু তেজপুৰ জিলা মহিলা সমিতি, জেষ্ঠ নাগৰিক সন্থাৰ সৈতেও জড়িত আছিল। এইগৰাকী সৰ্বজনপ্ৰিয় সৰবৰহী মহিলাৰ নশ্বৰ দেহ কলিবাৰীৰ বাসগৃহলৈ অনাৰ সময়ত বাসগৃহতে বিশিষ্ট শিক্ষাবিদ লেখিকাগৰাকীক এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে বিভিন্ন ব্যক্তি-অনুষ্ঠানে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰথমেই মৃণালী চেতিয়াৰ আত্মাৰ অনুষ্ঠান সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথ, প্ৰধান সম্পাদিকা মনোমতী কুৰ্মী, তেজপুৰ শাখাৰ ৰাণু হাজৰিকা, ৰুণা বৰা, কল্পনা কলিতা, অঞ্জু দত্ত বৰা, তেজপুৰ সাহিত্য সভাৰ উপসভাপতি নবীন চন্দ্ৰ লহকৰ, সম্পাদক দ্বীজেন নাথ, শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱা, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি পুলিন ভট্টাচাৰ্য, সম্পাদক শান্তনু বৰুৱা, বাণ থিয়েটাৰৰ উপসভাপতি ভৱানন্দ দাস, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, মঞ্চাধ্যক্ষ ৰাজীৱ মহন্ত, কাৰ্যনিৰ্বাহক সদস্য তাজ হুছেইন, অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী, উপসভাপতি পংকজ বৰা, সম্পাদক অনু দেৱী মহন্ত, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী কন্যা বিদ্যালয়ৰ শিক্ষয়িত্ৰী – শিক্ষক ৰীতা দেৱী, ললিতা দেৱী আৰু অজিৎ শইকীয়া, তৰুণ অসম সংঘৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মা,তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অনিল ডেকা,মহাদেৱ শৰ্মা শাখা সাহিত্য সভাৰ সত্যদেৱ শৰ্মা যুৱ সমাজকৰ্মী হিৰণ্য ভূঞা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ অতুল কটকী, পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ দুগ্ধ শইকীয়া, তেজপুৰ জন সাংস্কৃতিক পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদক স্বপন মজুমদাৰ, তেজপুৰ একাডেমীৰ পৰা ভূপেন শৰ্মা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ পৰা সাংবাদিক পুলক কুমাৰ ডেকা, শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱা,প্ৰবীণ অভিনেত্ৰী তৰুলতা দাস চিত্ৰলেখা কৃষ্টি সমাজ, তেজপুৰ জিলা ক্ৰীড়া সন্হা, তেজপুৰ ক্ৰিকেট সন্থাকে ধৰি বিভিন্ন ব্যক্তি অনুষ্ঠানে নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।মৃত্যুৰ সময়ত ভাতৃ, বোৱাৰী, ভতিজাকে ধৰি আত্মীয় স্বজন আৰু অসংখ্য শুভাকাংক্ষীক এৰি থৈ যোৱা মৃণালী চেতিয়াৰ বিয়োগত  তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, প্ৰাক্তন সভাপতি ড০ স্বাধীনতা মহন্ত, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা,সদৌ অসম সাংবাদিক সন্থাৰ, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন, তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ সম্পাদক মানস প্ৰতীম শৰ্মা, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দেৱব্ৰত শৰ্মা, সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। দুপৰীয়া তেজপুৰৰ মৰাভৰলী ৰাজহুৱা শ্মশানত ভতিজীৰ মুখাগ্নিৰে শেষ কৃত্য সম্পন্ন হয় এই গৰাকী বিদূষী মহিলাৰ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More