সমগ্ৰ শিক্ষা, শোণিতপুৰ জিলা উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত “শৈক্ষিক সজাগতা সভা”

আৰ্থিক ভাৱে পিছপৰা পৰিয়ালৰ ছোৱালীৰ শিক্ষাৰ বাবে তৎপৰতাঃ ঘৰে ঘৰে গৈ পাঠদান

0 5

শতাব্দ, ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১২ জুলাই: সমগ্ৰ শিক্ষা, শোণিতপুৰ জিলাই গ্ৰীষ্মবন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক উত্তৰণৰ বাবে বিভিন্ন কৰ্মসূচী গ্ৰহণ কৰিছে। আৰ্থিকভাৱে অতিকৈ পিছপৰা পৰিয়ালৰ ছোৱালী শিক্ষাৰ বাবে স্থাপিত বৰচলা, ঢেকিয়াজুলী আৰু ৰাঙাপাৰা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকলে যোৱা ১০ জুলাই পৰা ছাত্ৰী সকলৰ ঘৰে ঘৰে গৈ শিক্ষাদান কৰাৰ লগতে অভিভাৱকৰ লগত ছাত্ৰী সকলৰ শৈক্ষিক অগ্ৰগতি বিষয়ে মত বিনিময় কাৰ্যক্ৰম অব্যাহত ৰাখিছে। উক্ত কাৰ্যসূচী সমান্তৰালকৈ ভিতৰুৱা অঞ্চল সমূহত স্হানীয় ৰাইজ, অভিভাৱকৰ সহযোগত শৈক্ষিক সজাগতা সভাও অনুষ্ঠিত কৰি আহিছে। আজি পুৱা বৃহত্তৰ ৰঙাপৰা অঞ্চলৰ ১ নং , ২ নং, ৪ নং বগীজুলী, গুজুংজুলী অঞ্চলৰ ৰাইজৰ উপস্থিতিত বগীজুলী মজলীয়া বিদ্যালয়ত দিজু মহলীয়াৰ সভাপতিত্বত শৈক্ষিক সভাখন অনুষ্ঠিত হয়। শোণিতপুৰ জিলা অতিৰিক্ত উপায়ুক্ত তথা জিলা মিছন সমন্বয়ক কবিতা কাকতি কোঁৱৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাখনত সমগ্ৰ শিক্ষা, শোণিতপুৰ জিলা আচঁনি বিষয়া মনোজ কুমাৰ গোহাঁইয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয়যে গ্ৰীষ্মবন্ধ সময়ত ছাত্ৰী সকলে তেওঁলোকৰ গৃহ কৰ্ম সমূহ কৰাৰ ওপৰিও নিয়মীয়াকৈ যাতে পঢ়া-শুনা কৰি থাকে তাৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে শিক্ষা ক্ষেত্ৰত অভিভাৱক সকল সজাগ কৰাই মূল লক্ষ্য বুলি উল্লেখ কৰে। অনুষ্ঠানত বালিপাৰা শিক্ষা খণ্ডৰ খণ্ড মিছন সমন্বয়ক মনিষ ঠাকুৰৰ, বি.আৰ.পি তপন দাস, চি.আৰ.চি.চি ভাৰ্গৱ বৰা কস্তুৰবা গান্ধী বালিকা বিদ্যালয় শিক্ষয়িত্ৰী পম্পী মিশ্ৰ, কবিতা দেবী, গাণণিক নিৰঞ্জ শইকীয়া, গাওঁ বুঢ়া জোনাৰাম কটকী, অৱসৰপ্ৰাপ্ত শিক্ষক চেনীৰাম বড়ো, সমাজ সেৱক লংকেশ্বৰ তালুকদাৰ, বগীজুলী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক শিৱৰাম বসুমতাৰী লগতে স্থানীয় ৰাইজ আৰু অভিভাৱক সকল উপস্থিত থাকে। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ বিভিন্ন গীত নৃত্যৰে উপস্থিত ৰাইজক আপ্লুত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More