শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১১ আগষ্ট : শোণিতপুৰৰ খৰস্ৰোতা জীয়াভৰলী নৈৰ ওপৰৰ দ্বিতীয়খন দলং চকীঘাট দলঙৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত৷তেজপুৰ আৰু জামুগুৰিহাটৰ দূৰত্ব প্ৰায় ডেৰঘন্টা সময়ৰ পৰা এইখন দলঙে প্ৰায় আধাঘন্টালৈ হ্ৰাস কৰিব আৰু শীঘ্ৰেই এইখন দলং সৰ্বসাধাৰণৰ বাবে মুকলি কৰা হ’ব৷উল্লেখযোগ্য যে,এসময়ত তেজপুৰৰ পৰা নিৰ্বাচিত জনতা দলৰ সাংসদ তথা প্ৰয়াত ড° পূৰ্ণ নাৰায়ণ সিঙে প্ৰস্তাৱ দিছিল জীয়াভৰলীৰ ওপৰৰে চকীঘাটৰ পৰা এখন দলং নিৰ্মাণৰ বাবে৷ ইয়াৰ পিছত জীয়াভৰলীৰ বুকুৰে পাৰ হৈ গ’ল বহু পানী৷ সলনি হ’ল নৈখনৰ কাষৰীয়া অঞ্চলৰ বহু ইতিহাস আৰু ভৌগোলিক চিত্ৰ৷অৱশেষত এই দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈ বৰ্তমান অন্তিম পৰ্যায় স্পৰ্শ কৰিছে৷ উল্লেখযোগ্য যে,তেজপুৰ আৰু চতিয়া সমষ্টিৰ জামুগুৰিহাটক সংযোগী কৰা ১.২ কিলোমিটাৰ এই চাৰিলেন যুক্ত দলংখনে প্ৰায় ৩৫ কিলোমিটাৰ দূৰত্ব হ্ৰাস কৰিব যোগাযোগৰ ক্ষেত্ৰত। পূৰ্বতে তেজপুৰৰ পৰা জামুগুৰিহাত বা বিশ্বনাথ চাৰিআলিলৈ বালিপৰা হৈ প্ৰায় ৬৫ কিলোমিটাৰ দৈৰ্ঘ বাট অতিক্ৰম কৰিব লগীয়া হৈছিল।এই দলংখনৰ বাবে এতিয়া বিশ্বনাথ চাৰিআলি আৰু তেজপুৰৰ মাজত যাতায়াতৰ সময় ল’ব মাত্ৰ ৪৫ মিনিট৷ মুঠ ১৮৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই দলংখনে বহুদিনৰ আশা পূৰণ কৰি পৰ্যটন,ব্যৱসায়ীক,শৈক্ষিক আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো বিশেষ বৰঙনি যোগাব বুলি আশা কৰা হৈছে ।উল্লেখযোগ্য জীয়া ভৰলী নৈৰ ওপৰত এই দ্বিতীয়খন দলঙৰ বাবে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে যাতায়াতৰ সময় যথেষ্ট হ্ৰাস কৰিব৷ ইতিমধ্যে দলঙৰ ৰেলিঙৰ কাম এটা দিশে সম্পূৰ্ণ হোৱাৰ দিশত আৰু মাজত চাচপেন্সৰ কাম চলি আছে । দলংখনৰে একে সময়তে দুয়োটা দিশত চাৰিখন যান বাহন অহা যোৱা কৰিব পাৰিব। ব্ৰহ্মপুত্ৰৰ ওপৰৰ কলীয়া ভোমোৰা দলঙৰ পৰা প্ৰায় ২০ মিনিটৰ ভিতৰত এই দলঙে ৩৭(ক) ৰাষ্ট্ৰীয় ঘাই পথ আৰু ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত সংযোগ কৰিব ।উল্লেখযোগ্য যে এই দলঙৰ নিৰ্মাণত মাজতে যথেষ্ট বিলম্ব হোৱাৰ লগতে আৰম্ভ হোৱাৰ পাছতো মাজতে লেহেমীয়া গতিত কাম আগবঢ়াৰ ফলত নিৰ্দ্ধাৰিত আগষ্টৰ ভিতৰত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল।এনে অৱস্থাত এই গুৰুত্বপূৰ্ণ দলংখন ডিচেম্বৰৰ শেষৰচোৱাত সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.