সাঁচিপতীয়া পাণ্ডুলিপি আৰু শংকৰী চিত্ৰশৈলীৰ কৰ্মশালা সম্পন্ন

0 110

গুৱাহাটী, ১ আগষ্টঃ অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সহযোগত তথা ছ’চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱ (https://www.sankaradeva.com) নামৰ সংস্থাৰ উদ্যোগত ২৬ জুলাইৰ পৰা ৩০ জুলাই তাৰিখলৈ গুৱাহাটীস্থ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সভাকক্ষত “সাঁচিপতীয়া পুথি প্ৰস্তুতকৰণ আৰু শংকৰী চিত্ৰশৈলীত অংকন” শীৰ্ষক পাঁচদিনীয়া কৰ্মশালা এখন অনুষ্ঠিত হয়।Workshop on Manuscript preparation and painting in Sankari art form 26th to 30th July 2023 1 কৰ্মশালাখনিত গুৱাহাটী, তেজপুৰ, গোলাঘাট, নগাঁওৰ চিত্ৰশিল্পীকে আদি কৰি অধ্যাপক,শিক্ষাৰ্থী তথা বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ কৰ্মচাৰীয়েও অংশগ্ৰহণ কৰে। কৰ্মশালাখনিৰ প্ৰশিক্ষক মৃদু মৌচম বৰাৰ নেতৃত্বত অংশগ্ৰহণকাৰীসকলে নিজে সাঁচিপাত প্ৰস্তুত কৰে, নিজ হাতেৰে প্ৰাকৃতিক ৰং প্ৰস্তুত কৰে আৰু সাঁচিপাতত শংকৰী চিত্ৰশৈলীৰ চিত্ৰ অংকন কৰে। উক্ত কৰ্মশালাখনিৰ লগত সংগতি ৰাখি ৩০ জুলাই তাৰিখে কৰ্মশালাখনিৰ সামৰণি সভা তথা অংশগ্ৰহণকাৰীসকলে অঁকা ছবিবোৰ প্ৰদৰ্শিত কৰা হয়। বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সঞ্চালক ড° ধ্ৰৱজ্যোতি হাতীবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনিত উদ্বোধকৰূপে উপস্থিত থাকে অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কিউৰেটৰ স্নিগ্ধা হাঞ্চু , মুখ্য অতিথিৰূপে উপস্থিত থাকে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ উত্তৰ-পূব শাখাৰ সঞ্চালক ড° সুৰেশ ৰঞ্জন গদুকা আৰু অতিথিৰূপে উপস্থিত থাকে বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ প্ৰাক্তন সঞ্চালক ড° অনিতা চৌধুৰী, অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ যুটীয়া সঞ্চালক বিস্তীৰ্ণ বৰুৱা আৰু ছ’চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰচাৰ সচিব ড° বুলজিৎ বুঢ়াগোহাঁই। বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ গ্ৰন্থাগাৰিক প্ৰদীপ চৌধুৰীয়ে আগবঢ়োৱা আদৰণী ভাষণৰ পিছত আমন্ত্ৰিত অতিথিসকলে প্ৰদৰ্শনীখন চাই অনুভৱ ব্যক্ত কৰাৰ লগতে সাঁচিপতিয়া পুথিৰ ক্ষেত্ৰত অসম কিমান সমৃদ্ধশালী তথা এই ঐতিহ্য কি ধৰণে সংৰক্ষণ কৰিব পাৰি সেই সম্পৰ্কে মত প্ৰদান কৰে আৰু ছ’চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ এই প্ৰচেষ্টাক আদৰণি জনায়। লগতে অংশগ্ৰহণকাৰীসকলৰ মাজৰপৰাও কেইগৰাকীমানে অনুভৱ ব্যক্ত কৰে। উল্লেখযোগ্য যে এই কৰ্মশালাখনি আছিল ছ’চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰদ্বাৰা একেটি বিষয়ক কেন্দ্ৰ কৰি আয়োজিত সপ্তমখনি কৰ্মশালা। অতিথিসকলৰ বক্তব্যৰ পাছত কৰ্মশালাখনিৰ প্ৰশিক্ষক তথা ছ’চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ সাধাৰণ সম্পাদক মৃদু মৌচম বৰাই উপস্থিত ব্যক্তিসকলৰ সমুখত কৰ্মশালাখনিৰ প্ৰতিবেদন দাঙি ধৰে। এই সভাতেই অংশগ্ৰহণকাৰীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। সভাৰ শেষত বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সংৰক্ষণ বিষয়া ড° সংগীতা চক্ৰৱৰ্তীয়ে শলাগৰ শৰাই আগবঢ়ায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More