সাংবাদিকক আক্ৰমণকাৰীক গ্ৰেপ্তাৰ জিনজিয়া আৰক্ষীৰ

0 22

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৪ নৱেম্বৰঃ বিহালী সমষ্টিৰ জিনজিয়া আৰক্ষী থানা অন্তৰ্গত বাঘমাৰীত কালি সন্ধ্যা প্ৰায় ৬ বজাত সাংবাদিক শ্ৰীমন্ত দাসক আক্ৰমণ কৰাৰ লগতে তেওঁৰ বাহনখনৰো ক্ষতি সাধন কৰে দুৰ্বৃত্তই।এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে ঘটনা লগত জড়িত এটা দুৰ্বৃত্তক আজি বিয়লি ৪ মান বজাত জিনজিয়া আৰক্ষীয়ে বাঘমাৰী দৈনিক বজাৰ পৰা খেদি খেদি আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীক দেখা পাই পলায়নৰ চেষ্টা কৰিছিল যদিও বিফল হ’ল সাংবাদিক আক্ৰমণকাৰী হাকিমুদ্দিন আলি। উল্লেখযোগ্য যে সাংবাদিক আক্ৰমণ কৰা মূল নায়ক হাকিমুদ্দিন আলি নামৰ লোকজনে বিভিন্ন দুৰ্নীতি লিপ্ত থকা বাতৰি পৰিবেশন কৰি আহিছল বিশ্বনাথৰ বিহালী সাংবাদিক শ্ৰীমন্ত দাসে। এই বাতৰি সন্দৰ্ভতে সাংবাদিক গৰাকীক আন্ধাৰ সুযোগ লৈ কালি সন্ধিয়া প্ৰায় ৬ মান বজাত চোকা অস্ত্ৰৰে আক্ৰমণ চেষ্টা কৰা লগতে সাংবাদিকক গুলীয়াই প্ৰাণ নাশৰ ভাবুকি প্ৰদান কৰিছিল । লগতে সাংবাদিক গাড়ীত আক্ৰমণ কৰি গাড়ী খন ক্ষয়-ক্ষতি কৰে। এই ঘটনা সন্দৰ্ভত জিনজিয়া আৰক্ষী থানাত সাংবাদিক শ্ৰীমন্ত দাসে এক এজাহাৰ দাখিল কৰিছিল। এজাহাৰ দাখিলৰ কৰা লগে লগে বিভিন্ন দল-সংগঠন, বিহালী প্ৰেছ ক্লাৱ, ব্ৰহ্মপুত্ৰ চাপৰি কৃষক সমবায় সমিতিকে ধৰি বিভিন্ন দল সংগঠনে দুৰ্বৃত্তৰ দলটোক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল। ইয়াৰ পিছতে আজি বিয়লি ৪ বজাত জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সাগৰ চাহু নেতৃত্বত এটা আৰক্ষীয়ে দলে কুখ্যাত দুৰ্বৃত্ত হাকিমুদ্দিন আলিক গ্ৰেপ্তাৰ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More