সাংবাদিকৰ সুৰক্ষাৰ কাৰণে দেশজুৰি শক্তিশালী সংগ্ৰাম কৰিব লাগিব – পৰমানন্দ পাণ্ডে

হায়দৰাবাদত আই এফ ডব্লিউ জেৰ দুদিনীয়া সন্মিলনৰ সামৰণি

0 43

হায়দৰাবাদৰ পৰা অমৰজ্যোতি আৰন্ধৰা ,২৪ ছেপ্টেম্বৰ; দেশজুৰি কৰ্মৰত সাংবাদিকসকলৰ সমস্যা আছে । দা – দৰ্মহাৰ সমস্যা , পেঞ্চনৰ সমস্যা , জীৱন বীমা , চিকিৎসা সমস্যা আদি । বিশেষকৈ কৰ্মৰত সাংবাদিকৰ সুৰক্ষাৰ বিষয়টো গুৰুত্বপূৰ্ণ হৈ পৰিছে। সাংবাদিকৰ সুৰক্ষাৰ কাৰণে সাংবাদিকসকলেই সংগ্ৰাম অব্যাহত ৰাখিব লাগিব । এইদৰে কয় ভাৰতীয় বাৰ্তাজীৱী মহাসংঘ তথা ইণ্ডিয়ান ফেডাৰেশ্বন অব ৱৰ্কিং জাৰ্নেলিষ্ট চমুকৈ আই এফ ডব্লিউ জেৰ সাধাৰণ সম্পাদক পৰমানন্দ পাণ্ডেই । টেলেঙ্গনা ৰাজ্যৰ হায়দৰাবাদত অনুস্থিত ভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ ৭৪ সংখ্যক ৰাষ্ট্ৰীয় পৰিষদৰ সভাত বক্তব্য আগবঢ়াই দিল্লীৰ বিশিষ্ট সাংবাদিক তথা সাধাৰণ সম্পাদকগৰাকীয় আৰু কয় যে সাংবাদিক সকলে নিজৰ অধিকাৰ আৰু সুৰক্ষাৰ কাৰণে সংগ্ৰাম কৰিলে সেয়া বিজয় নিশ্চিত ।IMG 20220924 WA0026 সমগ্ৰ দেশতে থকা হাজাৰ হাজাৰ সাংবাদিকে নিজৰ অমূল্য সময় বাদ দি , নিজৰ জীৱনৰ সুৰক্ষাৰ কথা বাদ দি ৰাইজৰ হৈ দিনে নিশাই সেৱা আগবঢ়াই আছে যদিও তেঁওলোকে নিজৰ প্ৰাপ্য়ৰ পৰাই বঞ্চিত হৈ আছে । আমি এই বিষয়টো সংসদৰ মজিয়ালৈ নিব লাগিব । আটাপুৰৰ এছ বি আৰ উদ্যান টেলেঙ্গনা ৰাজ্যৰ সভাপতি কাপ্পায়া প্ৰসাদ ৰাওৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি সভাত টেলেগু দেশম দলৰ প্ৰাক্তন মন্ত্ৰী তথা দলৰ মুখপাত্ৰ শ্যামা ভূপাল ৰেড্ডীয়ে বক্তব্য আগবঢ়াই সাংবাদিক সকলৰ সংগ্ৰাম কথা বহলাই কয় । দেশৰ ভিতৰতে টেলেঙ্গনাত সাংবাদিকৰ অবস্থা অতি শোচনীয় বুলি কৈ ৰাজনৈতিক দলৰ অনুমোদিত সাংবাদিক সংগঠন টেলেঙ্গনাৰ বাহিৰে আন কোনো ৰাজ্যত দেখিবলৈ পোৱা নাযায় বুলি কয় । মুখ্যমন্ত্ৰীৰ পুত্রৰ নেতৃত্বতো এটা সাংবাদিক সংগঠন আছে।ইয়াৰ পূৰ্বে যোৱা নিশা ৯ বজালৈ অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰিষদৰ প্ৰথমখন সভা । ৰাষ্ট্ৰীয় সভাপতি বি ভি মল্লিকাইজুনাইৰ সভাপতিত্বত অনুষ্ঠিত সভাখন আঁত ধৰে জ্যেষ্ঠ উপ সভাপতি হিমন্ত তিৱাৰী আৰু সাধাৰণ সম্পাদক পৰমানন্দ পাণ্ডেই । সভাত বক্তব্য আগবঢ়াই সভাপতি মল্লিকাইজুনাই ৱৰ্কিং জাৰ্নেলিষ্ট এক্ট -১৯৫৫ বাতিলৰ বিৰোধিতা কৰে।তদুপৰি কৰ্মৰত সাংবাদিক সুৰক্ষা বিষয়টো বহলভাবে বাখ্যা কৰি এখন কেন্দ্ৰীয় আইন প্ৰনয়ণৰ দাবী জনায় । এই বিষয়টো সংসদৰ মজিয়ালৈ লৈ যোৱাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও কয় । দেশৰ ২০ খন ৰাজ্যৰ প্ৰায় ৪০০ প্ৰতিনিধিয়ে অংশগ্রহণ কৰা সভাত ৰাজ্য সভাৰ সংসদ ডঃ পি লক্ষণে ভাষন আগবঢ়াই সাংবাদিক সকলে নিৰপেক্ষ হৈ বাতৰি প্ৰতিবেশনত গুৰুত্ব দিয়ে । সভাত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি টুটুমনি ফুকনে বক্তব্য আগবঢ়ায় । আনহাতে সভাপতি মল্লিকাইজুনাইৰ নিৰ্দেশনাত বিভিন্ন ৰাজ্যৰ সম্পাদক-সভাপতি সকলে সাংগঠনিক প্ৰতিবেদন পাঠ কৰে । অসমৰ হৈ অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই প্ৰতিবেদন পাঠ কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ টোল গেট ৰেহাই, দা – দৰ্মহা , ৱেজ কৰ্ড সাংবাদিক সুৰক্ষাৰ ওপৰত সুকীয়া কেন্দ্ৰীয় আইন প্ৰণয়নৰ আদি বিষয় উত্থাপন কৰে । উল্লেখযোগ্য যে উক্ত অধিবেশনত অসমৰ ১৫ জন প্ৰতিনিধিয়ে অংশগ্রহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More